বেটুপাত

বেটুপাত

Tuesday, 10 April 2018

"বহাগৰ বতৰা"


তৰ দৰ জলঙাৰে
সৰকি পৰিল বাসন্তীৰ পাহি৷
নাহৰৰ দেওধানী নৃত্যৰ লয়লাসত
তগৰ পাহেও মিচিকিয়াই মাৰিলে হাঁহি৷

সৰৱ হৈ উঠিল চেগুন কাঠৰ খুবলি,
বৰা জহাই পাতিলে মিতিৰালি

সেউজীয়া ওৰণিৰ ফাঁকেৰে 
কুউ কুউ কৈ জুৰিলে গীত,
তাঁতৰ পাততো মাকোটিয়ে কৰিলে খিট খিট৷

নিজম নিতাল ৰাতিও জীন পৰিল
বিৰহী কেতেকীৰ সুৰত
নে যঁতৰৰ মাতত?

ৰঙিলী পখিলীৰ গাত যে ততেই নোহোৱা ,
চেনাইধন যে আহি পাবৰে ল৷

জেতুকাৰ ৰঙেৰে হৃদয় ৰঙাবলৈ
কপৌপাহিৰে সপোন সজাবলৈ
বৰহমথুৰিৰে হাঁহি আঁকিবলৈ
থৰকাচুটি হেৰাবৰে ল৷

মঘাই ওজাৰ হাতৰ পৰশত
মৰা গৰুৰ ছালেও পালে প্ৰাণ,
হৰ শিঙেও তিঁহিটি কৰিলে
তালত উঠিল তান৷

আঘোণী বাইৰ পিৰালিৰ
এশ এবিধ শাকে শুৱনি কৰিলে 
বাঁহৰ খৰাহি৷
আমৰলি টোপে ভৰালে কেৰাহি৷
পঁইতা ভাতৰ কাঁহি দেখি
ঢুলীয়া ককায়ে  নিলে ঢাঁহি মুহি৷

চহৰতো হেনো বলিছে বিহুৰে বা
বিহুগীতৰ বেহা বহিছে আজি
ৰাইজাই কৰিছে গা৷
তৰে পৰা জেঠলৈকে হেনো থাকিব বিহু
মিডিয়াই দিব সকলোকে ছাঁ৷


পৰিস্মিতা বৰদলৈ

No comments:

Post a Comment