বেটুপাত

বেটুপাত

Monday, 16 April 2018

বিহু কৰ্মশালাবোৰে কি দিব পাৰে আমাক


        ৰঙালী বিহু আহিলেই প্ৰত্যেক বছৰেই বিহু নৃত্য গীতৰ কৰ্মশালাৰে ৰাজ্যখন মুখৰিত হৈ পৰে। পিছে এই কৰ্মশালাবোৰে জাতিটোৰ সংস্কৃতিৰ যথাযথ সংৰক্ষণ আৰু পৰিৱেশনত  কিবা  অৰিহনা যোগাব পাৰিছেনে সেই কথা আলোচনা কৰাই আজি আমাৰ উদ্দেশ্য। বিহুৰ ঐতিহ্য আৰু ইয়াৰ লগত সম্বন্ধ থকা গীতমাতবোৰৰ বিষয়ে এই বিহুৰ কৰ্মশালাবোৰত আলোচনা হোৱা দেখা নাযায় তাৰ সলনি আভুৱাভৰা বিহু-নৃত্য গীতৰহে (জোৰকৈ বিহুগীত বোলা হৈছে এইবোৰক)বহু ঠাইত চৰ্চা হোৱা দেখিছো যি সকলে যথাযথভাৱে কৰ্মশালাত অনুষ্ঠিত কৰিছে তেওঁলোকক এই আওতালৈ অনা হোৱা  নাই ভুল নুবুজিব।
আমি সকলোৱে জানো আমাৰ বাপতি সাহোন ৰঙালী বিহুটো আজি বিভিন্ন দিশত বিজতৰীয়া হৈছে। বিহুগীত আজিকালি তামিল,নেপালী কিম্বা আন ভাষাৰে প্ৰভাৱিত হোৱাও দেখা গৈছে। আনকি বহুতে ষ্টুডিঅ' মজিয়াতো এই বিহুগীত লিখিবলৈ লোৱাৰ ফলত অসমৰ ৰঙালী বিহুটো বিহু হোৱাৰ পৰিৱৰ্তে "বিহ"হে হৈছে। এনে সময়ত এই কৰ্মশালাবোৰত সুস্থ ৰুচিবোধসম্পন্ন গীত মাত উঠি অহা প্ৰজন্মক নিশিকালে  বিহুৰ  স্বকীয়তা অসমত লোপ পোৱাৰ পথ মুকলি হব।  সেয়েহে এই কৰ্মশালাবোৰেও আমাক আজি সুস্থ গীত নৃত্যৰহে অনুশীলন কৰোৱাৰ দৰকাৰ। জনামতে বিহুৰ এই কৰ্মশালাবোৰত বিহুৰ কিছু তাত্বিক কথাৰ বিষয়ে কৰ্মশালাত অংশগ্ৰহনকাৰী ছাত্ৰ-ছাত্ৰীসকলক নিশিকায বুলি অভিযোগ আছে বহু প্ৰশিক্ষকসকলৰ বিৰুদ্ধে কেৱল বিহু নৃত্য গীত  অলপ,ঢোলৰ কেইটামান চেওঁ এই সাত বা দহদিনৰ কৰ্মশালাত দেখুৱাই পাল মাৰে বহুতে।  জাতীয় বিদ্যালয়,শংকৰদেৱ বিদ্যানিকেতন কিম্বা ইংৰাজী মাধ্যমৰ ছাত্ৰ-ছাত্ৰীয়ে যিহেতু এই বিহু কৰ্মশালাৰ অংশগ্ৰহনকাৰী, তেওঁলোকে পৰীক্ষাৰ বাবে ৰচনা কিতাপখনৰ আঠশমান শব্দৰ বিহুৰ বিষয়ৰ ৰচনাখনৰ বাহিৰে(তাকো পৰীক্ষাৰ সময়ত) একো নপঢ়ে গতিকে কৰ্মশালাৰ আযোজকসকলে কথাটোলৈ মন কৰি ৰঙালী বিহুৱে কিদৰে চহাজীৱনৰ পৰা আৰম্ভ কৰি আহোম ৰাজত্বকালত পৰিবৰ্তিত আৰু পৰিৱদ্ধিত ৰূপলৈ গতি কৰিলে এইবোৰ কথা শিকাব লাগিব লগতে 
)পাঁচটা মান হলেও আপুৰুগীযা বিহুগীত শিকাব।
)বিহুৰ লগত জৰিত থকা আন জনগোষ্ঠীয় নৃত্য গীতৰ চমু আভাষ দিব।
) সাতটা বিহুৰ নাম  কি কি জনাব।
) প্ৰকৃত বিহুগীত নৃত্য কোনবোৰ সেই কথাও জনাব।
)বিহুৰ জাতীয় সাজপাৰ সম্বন্ধে জ্ঞান দিব আদি বিষয়বোৰ অৱগত কৰিব।
আজিকালি ৰঙালী বিহুত বিহুগাবলৈ মঞ্চত উঠা গায়কজনৰ সাজ পোছাক, চাল চলনো কেনে হব লাগিব তাক আজি সুধীসমাজে শ্ৰুতলিপি দিব লগা হোৱা সময়ত  ৰঙালী বিহুভাগিক সংৰক্ষণ আৰু উপযুক্ত চৰ্চাৰ খুবেই প্ৰয়োজন হৈ পৰিছে। 
এইখিনিতে,বিহু বিষয়ক কেইখনমান কিতাপৰ নামো দিলো বিষযটো খৰচি মাৰি জানিবৰ বাবে। সেইকেইখন ' : নকুল চন্দ্ৰ ভূঞাৰ "বহাগী",লীলা গগৈৰ "বিহু এটি সমীক্ষা" ,জয়কান্ত গন্ধীয়া আৰু নোমল গগৈৰ "বিহুৰে বিৰিনা পাত", হেমন্ত কুমাৰ বৰুৱাৰ "বিহুৰ ঐতিহ্য আৰু পৰম্পৰা",  ইছমাইল হোছেইনৰ "ৰঙালী বিহুৰ ঐতিহ্য আৰু পৰম্পৰা", মিনটুমনি শইকীয়াৰ "এহেজাৰ এটা বিহুনাম", ভোগেশৰ গগৈৰ  "সোনোৱালী  দেশৰ সুৱদী বিহু" আদি এইসমূহ পঢ়িব লগা কিতাপ থাকোতে আজিৰ ছাত্ৰ-ছাত্ৰীয়ে ৰচনা পুথিৰ আঠশ শব্দৰ বিহু ৰচনাখনৰ বাহিৰে আন একো নপঢ়ে বাবে একো নাজানে আৰু বহুতে পঢ়িবও নিবিচাৰে।সেইবাবে যিয়ে যি শিকাইছে সেইয়াই বিহু বুলি সাতামপুৰুষীয়া সংস্কৃতিবিধক বিকৃতিকৰন কৰি পেলালেও মাত মাতিবলৈ আজি  কোনো নাই।
এইদিশত অভিভাৱকৰো যথেষ্ট দায়িত্ব আছে। বিহু কৰ্মশালা এখন কোনে পাতিছে,কোন শিকাবলৈ আহিব,কৰ্মশালাৰ পিছত কৰবাত 
বিহু নচাৰ সুবিধা দিব নেকি আদি একো নজনাকৈয়ে বিহু কৰ্মশালাত নামভৰ্তি কৰা দেখা যায় বহু আগ্ৰহী ছাত্ৰ ছাত্ৰী বিহুৰ কৰ্মশালা আজিকালি অসমৰ সৰু সৰু অঞ্চলতো বিভিন্ন সংস্থাসমূহে  আয়োজন কৰি উঠি অহা প্ৰজন্মক বিহু নৃত্য গীত শিকাৰ পৰিৱেশ ৰচনা কৰাতো নিঃসন্দেহে ভাল কথা। পিছে তাকে কৰিব'লৈ যাওতে যাতে বিহুৰ ঐতিহ্য পৰম্পৰাত যাতে আঘাট নপৰে তালৈ চকু দিব লাগিব আমি।  নহ'লে বিহুৰ নামত  কিবা বিজতৰীযা নৃত্য গীত এসোপাৰ কচৰৎ কৰাৰ মঞ্চ যেনহে ' বিহু নৃত্যগীতৰ কৰ্মশালাবোৰ। কৰ্মশালাবোৰত জাতীয় সাজপোছাকেৰেহে  অংশগ্ৰহনৰ অনুমতি দিব লাগে। তাকে নকৰি আন সাজপাৰৰ অনুমতি দিলে বিষয়টো লঘু কৰা হব বুলিও জনাব লাগে অংশগ্ৰহণকাৰীসকলক।
                       


 ধীৰেণ শইকীয়া
 চন্দনপুৰ,নুনমাটি


No comments:

Post a Comment