বেটুপাত

বেটুপাত

Monday, 9 April 2018

তুমি অহা বাটেদি এদিন আমাৰ ঘৰলৈ সূৰ্য্যও আহিছিল


তুমি অহা বাটেদি এদিন আমাৰ ঘৰলৈ সূৰ্য্যও আহিছিল
এটা ৰঙা চোলা পিন্ধি

তেজৰঙা চোলাটোৰ বুকুত এটা ঘৰ অঁকা আছিল
ঘৰটোত মাত্ৰ দুখন খিৰিকী আছিল
এখন সন্মুখৰফালে 
আনখন পিছৰফালে
( অৱশ্যে মই পিছফালৰ খিৰিকীখন দেখা পোৱা নাছিলোঁ,অনুমান কৰিহে কৈছোঁ!)

খিৰিকী দুখনত কাঁচৰ আয়না লগোৱা আছিল
ৰঙা মানুহৰ দেশৰ আয়না

ঘৰটোত এখন দুৱাৰোঁ আছিল 
দুৱাৰখনতো ৰঙা মানুহৰ  দেশৰ কাঁচ লগোৱা আয়না আছিল

মই ঘৰটোত এখন ঘৰ পাতিব বিচাৰিছিলোঁ
এখন সেউজীয়া ঘৰ

এজাক ৰঙা চোলা পিন্ধা মানুহে  আহি কৈ গৈছিল
যেনেদৰে আছা তেনেদৰে থাকা
সময় এতিয়া অসময়ৰ ঘৰত আলহী হৈ আহিছে
উভতিবলৈ দিয়া 
তেতিয়া ঘৰ সজাৰ সপোনবোৰক উৰিবলৈ ডেউকা দিবা

'বা, তোমাক কোৱাই নাই নহয়
মই সাজিব বিচৰা ঘৰখনৰ আকাশখন ৰঙা ' 
কমিউনিষ্টসকলৰ ঝাণ্ডাৰ দৰে ৰঙা
কাৰণ,কমিউনিষ্টসকলৰ ঝাণ্ডাৰ ৰং আৰু মোৰ কলিজাৰ ৰং একে
বাৰ মাহেই ফাগুন 
শিমলুফুলা ফাগুন
মদাৰ ফুলা ফাগুন

এতিয়াও সূৰ্য্য মোৰ মূৰৰ ওপৰত আছে
আৰু আগলৈও থাকিব
তুমি এয়া মোৰ অহংকাৰ বুলি কব পাৰা 
নতুবা পকা যৌৱনৰ নিচা
তাত মোৰ আপত্তি কৰিবলগীয়া একো নাই

তুমি যেতিয়া আছিলা মই নৈৰ সোঁত জুখিছিলোঁ
এতিয়া তুমি নাই বাবে সূৰ্য্যৰ তাপ জুখিছোঁ
লগে লগে পোহৰো আছে
এতিয়া মই পোহৰৰ লগত কথাও পাতিব পৰা হৈছোঁ
মাজে মাজে নিশাবোৰ উজগৰে কটোৱাও কৰিছোঁ
জোনগলি  সৰি পৰা নিশাবোৰত কামিজৰ জেপত জোনাক বুটলি ৰাখি থোৱা কৰিছোঁ
দিনত সূৰ্য্যক পুনৰ দি দিওঁ
কাৰণ,আইতাই কৈছিল,প্ৰাণৰ সলনি প্ৰাণ 
দিব লাগে

এইবোৰ কেতিয়া সংঘটিত হৈছে জানা
তুমি অহা বাটেদি যিদিনা সূৰ্য্য আহিছিল সেইদিনা

মিণ্টুল হাজৰিকা
দূৰভাষ:৯৭০৬৮২৯১৫৭

[

No comments:

Post a Comment