বেটুপাত

বেটুপাত

Saturday, 10 March 2018

মোৰ চহৰত নামিছে ফাগুন ( নিৰু দত্ত গগৈ )


চুচুক-চামাক খোজে
বতাহী চাদৰখনে
আলফুলে সাৱতি জীয়া মনবোৰ 
লেপি দিলে থৌকি-বাথৌ 
এসুঁতি ঢৌ
অজান্তি মুলুকৰ সুতীব্ৰ সুহুৰিৰ বুকুত উঠি
শীতে ধৰা বিতপী দেহত
জগালে চেতনা, কঁপনিত 
সৰিল সাজ হালধীয়া
শুকান ডালে ডালে বৈ পৰিল
কুঁহিপাতৰ দৰে সেউজ সম্বাদ

ঘোলা আকাশলে মুৰ কৰি
শিমলু কলিয়ে ৰঙা বুকু খুলি
কিনো 'লে,নামি আহিল 
ৰিব্ ৰিব্ এচাতি উতনুৱা বা
কিনো ভাল পালে পলাশে মদাৰে 
আকাশত জ্বলালে জুই 
ধূলিৰ সাগৰত  উটি-ভাঁহি 
বাঁহপাতৰ চিলাই 'লে-
মোৰ চহৰত নামিছে ফাগুন

গছে 'লে-ফাগুন সেউজীয়া
মনে 'লে-ফাগুন উৰণীয়া





নিৰু দত্ত (গগৈ )সৰুপথাৰ
গোলাঘাট

No comments:

Post a Comment