বেটুপাত

বেটুপাত

Sunday, 11 March 2018

সম্পাদকীয় (কাজলপ্ৰিয়া)



"আপোনাৰ বৰ্তমান চলি থকা অৱস্থাৰ বাবে নিজৰ ওপৰত পুতৌ কৰি দুখী হৈ বহি থকাটো আপোনাৰ গাত থাকিব পৰা আটাইতকৈ ভয়ংকৰ বদগুন।"                       
                                    (ডেল কৰ্নেগী)


নমস্কাৰ সুধীবৃন্দ
আধুনিকতাই ক্ৰমশঃ গ্ৰাস কৰি অনা এখন পৃথিৱী, সৰহ সংখ্যক মানুহেই পৰিস্থিতিৰ তাড়না হৈ পৰিছে যান্ত্ৰিক। আধুনিকতাৰ ধামখুমীয়াত সফলতা লাভৰ দৌৰত আমিবোৰও যেন হৈ পৰিছো একো একোটা যন্ত্ৰ।  কিহৰ পিছত দৌৰিছো গম নোপোৱাকৈ মাথো দৌৰিছো আমি আৰু এই লক্ষ্যবিহীন দৌৰত হাবাথুৰি খাই কোনো কোনো মুহূৰ্তত হৈ পৰিছো আমি উদভ্ৰান্ত, অকলশৰীয়া,দিকভ্ৰান্ত।
       সেই মুহূৰ্তত হয়তো হতাশাত ভাগি পৰি জীৱনৰ ওপৰত হৈ পৰিছো চৰম বিতুষ্ট, ক্ষোভিত। কিন্তু জীৱনে জানো সহজলভ্য কৰি দিয়ে আমাৰ প্ৰয়োজন! বাধাবোৰে আমাৰ গতি স্থাবিৰ কৰিব পাৰে কিন্তু গতিক স্তব্ধ কৰিব জানো পাৰে!
       কিছু কিছু ক্ষেত্ৰত হয়তো যাত্ৰাৰ গতি মন্থৰ কৰাও আমাৰ বাবে প্ৰয়োজনীয় হৈ পৰে পুণৰ পূৰ্ণগতিৰে জীৱনৰ দৌৰ আৰম্ভ কৰিবলৈ।
      জীৱনক সদৰ্থক ভাৱে আঁকোৱালি লোৱাটোও এটা কলা। সেইবাবেই হয়তো কবিয়ে কৈছে "জীৱন জীৱন বৰ অনুপম মৃত্যু বিজয়ী সাধনা"!
        যিয়ে জীৱনৰ তিক্ততাৰ ওচৰত হাৰ মানি ৰৈ গৈছে তেওঁলোকে পুনৰাই গতি লওঁক। শুভকামনা,
সকলোৰে বাবে।

ধন্যবাদেৰে

কাজলপ্ৰিয়া

No comments:

Post a Comment