বেটুপাত

বেটুপাত

Saturday, 10 March 2018

শেষ দৰ্শক ( কৌস্তুভ কানু বৰা )


চন ২০৭০
তুমি হয়তো খুলি লবা তোমাৰ ফেচবুক একাউণ্টতো,ৰিটায়াৰমেণ্টৰ পাছৰ নিঃসংগতা দূৰ কৰিবলৈ।
হয়তো তোমাৰ পুত্ৰ-বোৱাৰী অফিচ যাব,নাতি-নাতিনী স্কুল যাব,এটা বৃহত্তৰ অট্টালিকাত তুমি অকলে।
' তোমাৰ স্বামীয়ো বোলে সংসাৰ ত্যাগ কৰিলে।
অকলশৰীয়া তুমি।।।
       সেয়ে হয়তো খুলি লৈছা বহু বছৰৰ আগতে বন্ধহৈ যোৱা তোমাৰ ফেচবুক একাউন্টটো। সেইযে কলেজীয়া দিনৰ আপলোড দিয়া ফটোবোৰ। নিজে চাই ভাবিছা চাগৈ,মই সঁচাকৈ বহুত ধুনীয়া আছিলোঁ দেই। 
       নিসংগ জীৱনৰ হয়তো কোনো এটা নিসংগ দুপৰীয়া তোমাৰ চাগৈ মনৰ পৰিব মোলৈ। হয়টো.....
      .......নপৰিবয়ো পাৰে।
      হয়তো তুমি চাৰ্চ কৰিব ফেচবুকটো খুলি Kaustubh Kanu Borah বুলি। ভাঁহি আহিব দুই বছৰ মান আগৰে পৰাই সক্ৰিয় নোহোৱা একাউন্টটো। হয়তো মনত পৰিব তোমাৰ সেই দিনবোৰ। 
এই যে পাগলীৰ দৰে খং কৰা,মোক যে গালি পাৰিছিলা,মৰমেৰে যে আকৌ বুজাইছিলা।
      তোমাৰ চাগৈ চকু যাব মোৰ ৱালত আজি দুই বছৰ মান আগতে দিয়া কিছুমান পোষ্টলৈ।
     হয়তো কোনোবায়ে দিছিল ,
     "আপোনাৰ আত্মাই চিৰশান্তি লাভ কৰক"
    অন্য কোনোবায়ে হয়তো গুণানুকীৰ্তন কৰিছিল,দুখ কৰিছিল। এনে অসংখ্য পোষ্টাৰে ভৰি আছিল ৱাল খন।
      "তোমাৰ দুচকুৰে বৈ অহা উষ্ণ পানী খিনি মচি লোৱা চোন"
      তুমি হয়তো পাগলৰ দৰে খুচৰিবা মোৰ প্ৰফাইলটো।হয়তো চাবা সেই ফটোবোৰ,হাঁহিবলৈ শিকাইছিলা যে তুমি।
      তুমি আঁতৰি যোৱাৰ পাছৰ ফটো খিনিত কিন্তু হাঁহি নাছিল। তুমি দিয়া গোলাপ পাহৰ ফটোৰ সৈতে যে লিখা কবিতাটো সেইটোত এতিয়ায়ো প্ৰফাইলতেই আছে এবাৰ পঢ়ি চাবা চোন। বিগত ৩৫ বছৰেই চাকৰি কৰিলা, এজনী গৃহিনী 'লা। মাতৃ 'লা, ব্যস্ত জীৱন, সেয়ে হয়তো তুমি এদিনো সময় নাপালা মোক বিচাৰি চাবলৈ, অৱশ্যে প্ৰয়োজনেই বা কি আছিল।
       হয়তো তুমি উচুপি উঠিবা প্ৰফাইলটো চাই চাই হয়তো কাৰোবাৰ পোষ্টত দেখিবা মই নিসংগ ভাৱে পাৰ কৰা দিনবোৰৰ বিৱৰণ। বুকুৰ বিষটোলৈ চটফটাই কাৰোবাক বিচৰাৰ বিৱৰণ।
         হয়তো তেনেতে গেটৰ বাহিৰত বজা গাড়ীৰ হৰ্ন শব্দত তুমি প্ৰফাইলটো বন্ধ কৰি দুচকু মোহাৰি উঠি যাবা।
        হয়তো তুমিয়েই হবা সেই মৃত প্ৰফাইলটোৰ শেষ দৰ্শক....

কৌস্তুভ কানু বৰা

1 comment: