বেটুপাত

বেটুপাত

Saturday, 10 March 2018

অৰণ্যত বসন্তৰ প্ৰয়োভৰ ( ঘনশ্যাম ৰাজবংশী)


ফাগুনৰ পচোৱা বতাহৰ সৈতে সংগতি ৰাখি শুকান শুকান ঘাঁহনিত বনজুই জ্বলাই দিয়াত নিমিখতে পুৰি চাৰখাৰ কৰে শুকান অৰণ্যভূমি। এই জুই অৰণ্যত বন্যপ্ৰাণীৰ বিলাকৰ নতুন ঘাঁহনিৰ বাবেই ইচ্ছাকৃত ভাবে জ্বলাই দিয়া হয়। যাতে তৃণভোজি বন্যপ্ৰাণী বিলাক উপকৃত হয়। জুইৰ লেলিহানে পুৰিব ধৰে বন্যভূমিৰ ইকৰা,খাগৰি, নল, বিৰিণা আৰু খেৰণি অঞ্চল। বনজুই লগাৰ লগে লগে সৰীসৃপজাতীয় জীৱ, কাছ, আদিয়ে জুইৰ পৰা পৰিত্ৰাণ পাবলৈ ওচৰতে থকা খাল, বিল, দোং বিলাকলৈ ঢাপলি মেলে। ইকৰাৰ মাজত সোমাই  কীট-পতঙ্গ খাই চৰি ফুৰি ঘাঁহ বিচাৰি থকা জন্তু-জানোৱাৰে জুইৰ হো হোৱনি শব্দ আৰু ইকৰা, নল, খাগৰিবোৰৰ পাববোৰৰ পৰা ফুটিবলৈ ধৰা শব্দত জুই নলগা ঠাইত গৈ আশ্ৰয় লয়।

কিছুদিনৰ পিচতে পোৰা যোৱা ঠাইত এজাক বৰষুণ পৰাৰ লগে লগে মুঢ়াবোৰৰ পৰা লহপহকৈ পোখা মেলিব ধৰে। পোখা মেলাৰ লগে লগে পুনৰ আগৰ দৰে জীৱ-জন্তুবোৰে ঘাঁহনিত চৰি থকা দেখিবলৈ পোৱা যায়। শুকান ঘাঁহনিত চৰি ফুৰা জীৱ-জন্তুবিলাকে নতুন ঘাঁহ খাৱলৈ পাই শ্ৰীচেহেৰা গাৰ চালৰ ৰং পৰ্যন্ত ধুনীয়া হৈ পৰে। বহুতে ভবাৰ দৰে বনজুইত বহু কীট-পতঙ্গৰ জুইত জাহ যোৱা বুলি ভাবে যদিও সেয়া নগন্য সংখ্যক হে। সৰহ সংখ্যক জন্তু-জানোৱাৰ খাদ্যৰ বাবেই বনজুইৰ প্ৰযোজন আছে।


ফাগুনৰ বনজুইৰ পাচতে 'হাগৰ আগমনত শুকান হৈ থকা বন্যপ্ৰাণী থকা অৰণ্য ক্ৰমাগত ভাবে সলনি 'বলৈ আৰম্ভ কৰে। শিমলু কল বোৰ পুৰঠ হৈ ফাটি ফাটি  বতাহত উৰি ফুৰে কমোৱা তুলাৰ পাহবোৰ। শিমলু গছ বিলাকৰ ডালবোৰত চিলনী-কুৰুৱাই বাহ সাজি পোৱালী জগাবলৈ আৰম্ভ কৰে। কাঠনিৰ গছ-লতিকাই সেউজীয়া আৱৰণত সাজোন কাছে। বনৰীয়া ফুলে সুবাসিত ঘ্ৰাণ বিলায়। কাঠনিৰ আজাৰ গছত ফুলিব ধৰে গেজেং ফুল, কপৌফুলবোৰ। গেজেংফুল কপৌফুলৰ দৰেই দেখি যদিও ৰং কিছু বেলগ ধৰণৰ আৰু সুগন্ধিও নহয়। কপৌ ফুলৰ লগতে শালিকা কপৌ, ভাটৌ কপৌ পৰাশ্ৰয়ী উদ্ভিদবোৰ উলমি উলমি ফুলিব ধৰে। প্ৰতিযোগিতা আৰম্ভ কৰে কুলি-কেতেকি চৰাই আদিয়ে হিয়া জুৰোৱা গীতৰ। অৰণ্যৰ জীৱ-জন্তুৰ দেহা আৰু মনলৈ নামি আহে বসন্তৰ পৰশ। সেইদৰে দেখিবলৈ পোৱা যায় অৰণ্যৰ ভিতৰত থকা খাল, দোং, বিলত মাছৰ উজানৰ নান্দনিক দৃশ্য দেখিবলৈ পোৱা যায়। মাছৰ প্ৰথম উজান ধৰে পাভ মাছে আৰু একে বাৰে শেষত দেখা পাওঁ মোৱা মাছে। বহুলোকৰ মুখত শুনা পাওঁ উজানৰ সময়ত বোলে এহাল ডাঙৰ মাছে আহে। সেই মাছ হালক কোনেও নামাৰে বা নধৰে। ধৰিলেও লগে লগে পানীত এৰি দিয়ে। প্ৰায়ে শুনো দেওলগা দেওমাছ ধৰিলে অপায় অমঙ্গল ঘটিব পাৰে বুলি। পিচে অৰণ্যত এনে মাছৰ উজান উঠিলেও চাওঁতাও নাই ধৰোতাও নাই। একমাত্ৰ বনকৰ্মী সকলৰ বাহিৰে আনলোকৰ প্ৰবেশ নিষেধ। সেয়েহে বনকৰ্মী হিচাবে দেখা পাওঁ মাছৰ উজান বসন্তত।

বসন্তৰ পৰশৰ প্ৰভাবত প্ৰজননৰ হাবিয়াসত জীৱ-জন্তু, পক্ষীকুলে ইফালৰ পৰা সিফাললৈ লৰি-ঢাপৰি যেন বসন্তক বিচাৰি ফুৰে। অৰণ্যৰ দাঁতিকাষৰ চৰ-চাপৰি সমুহৰ অঞ্চলবোৰত মাদুৰি তুলাই নন্দন-কানন সাজি লয়। মাদুৰি তুলাৰ শুকান গা-গছৰ পৰা হাতীৰ পিঠিত উঠিবলৈ গাডি তৈয়াৰ কৰা হয়। লগতে তুলাখিনিৰে কোমল গাৰু প্ৰস্তুত কৰা যায়। এই তুলাৰে তৈয়াৰী গাৰুত শুলে মুৰৰ বিষ নহয় বুলি জানো। পিচে আজিকালি এই বিধ তুলা পাবলৈ নাই। চৰ-চাপৰি মানুহৰ আগ্ৰাসন হোৱাত দেখিবলৈ নোপোৱাই 'লো।

বসন্তই দিন বিলাক কঢ়িয়াই আনে ধুমুহা বৰষুণৰ। বৰষুনৰ ফলত বনকৰ্মী সকলে অহা-যোৱাত ব্যৱহাৰ কৰা বাট-পথবোৰ হাবি বনৰে ঢাকখাই আহে, লতাই আবৰি ৰাখে বাট পথৰ চিনমোকাম। বাট পথৰ ঠাইত পানী জমা হৈ পৰে আৰু তেনে ঠাইতে গঁড়, 'হে ঘুলী বনায় লয়। বোকাৰে লুতুৰী পুতুৰী হৈ থাকে যেন বসন্তৰ ৰং সানি শেষ হোৱাত বোকা মাটি সানিবহে ধৰিছে। তেনে পথ বোৰত খোজৰে অহা-যোৱা বন্ধ হৈ পৰাত বনকৰ্মী সকলে ব্যৱহাৰ কৰিব লয় হাত নাওখন। ফাগুন মাহৰ শেষত বামত থকা নাওবোৰ মেৰামতি আৰু ৰং তেল ঘহি ঠিক ঠাক কৰি লয়। আগন্তক বাৰিষা সময়ৰ বাবে একমাত্ৰ চকাবিহীন যানখন সাজু কৰি ৰাখিবলগীয়া হয় এই কাৰণে যাতে বানপানীৰ সময়ত চলাচল কৰা তহলদাৰী কৰাত অসুবিধা নহয়।

তহলদাৰী কৰি থকা অৱস্থা অৰণ্যৰ দাঁতি কাষৰ গাঁৱত এপষেক আগৰ পৰাই অসমীয়া ডেকাই বজোৱা ঢোল কোব শুনিবলৈ পাওঁ। ঢোলৰ কোব শুনাৰ পিচতে মনলৈ ভাব আহে গাভৰুহঁতেও বিহু নাচৰ অখৰা চলাই আছে। সেয়েহে দুৰত চৰি থকা হৰিণা জনীয়ে চিঞৰীলে গাবলৈ   মন যায় বিহু গীত এফাঁকি গাবলৈ-
হৰিণাই কান্দিলে বনত লাহৰি
        হৰিণাই কান্দিলে বনত।
চেৰেক চেৰেক কৰি মোৰ লাহৰি
        পৰিছে তোমালৈ মনত ।।

অৰণ্যৰ আজাৰ গছত ফুলি থকা কপৌফুল, গেজেংফুলবোৰ লাহতি খোপাত গুজি দিম বুলি ভাবো। পিচে সেই লাহতি খোপাও নোহোৱা ' মৰমীহঁতৰ, লাহৰিহঁতৰ। বনৰ কপৌ ফুল এতিয়া প্লাচটিকৰ 'ল। অৰণ্যৰ ভিতৰ 'ৰাত প্ৰকৃতিৰ নিয়ম ঠিকে আছে। বনকৰ্মী সকলৰ মাজতো বহুজন ঢুলীয়া তথা বিহুৱা আছে। 'হৰ শিংৰ পেঁপা বজোৱা নাট ভাওনা কৰি ফুৰা বনৰক্ষী আছে। এনেহেন বিহু বলীয়া বতৰত মনপ্ৰাণ কমোৱা তুলাৰ দৰে উৰি ভ্ৰমি ফুৰে। কিন্তু  নিৰুপাই অৰণ্যৰ বন্য-প্ৰাণীৰ সুৰক্ষাত নিয়োজিত সেয়েহে বিহুত ছুটী নাই বনকৰ্মীৰ। বন শিবিৰত থাকোতে 'হাগৰ বিহুটি মলঙি যায়। তথাপিও অৰণ্যৰ বন্যপ্ৰাণী সুৰক্ষাৰ স্বাৰ্থত ঘুৰি ফুৰি টহলদাৰিত দেখিছো প্ৰাকৃতিক দৃশ্যৰে ভৰপুৰ "অৰণ্যত বসন্তৰ প্ৰয়োভৰ।"

ঘনশ্যাম ৰাজবংশী
৭০০২২৮৩১৩৮

No comments:

Post a Comment