বেটুপাত

বেটুপাত

Saturday, 10 March 2018

এলবাৰ্ট ছুইটজাৰ (গৌৰৱ শইকীয়া)


 ( খণ্ড)

       ইতিমধ্যে তেওঁ এজন ধৰ্মযাজক, দাৰ্শনিক তথা এজন মহান অৰ্গেনবাদক হোৱা সত্বেও ধীৰে-সুস্থিৰে আৰ্তজনৰ সহায়ৰ কাৰণে চিকিৎসক হোৱাৰ  সিদ্ধান্ত গ্ৰহণ কৰে৷ বিশেষকৈ এইক্ষেত্ৰত তেওঁ আফ্ৰিকাৰ গ্ৰীষ্মাঞ্চলত দেখা দিয়া ৰোগসমূহৰ ওপৰত প্ৰগাঢ় জ্ঞান থকা এজন সুদক্ষ চিকিৎসক বলৈ আগ্ৰহ প্ৰকাশ কৰে যাতে তেওঁ আফ্ৰিকাৰ স্থানীয় লোকসকলক এই ৰোগসমূহৰ পৰা বছোৱাৰ ব্যৱস্থা পাৰে

      তেওঁ গ্ৰহণ কৰা এই সিদ্ধান্তটো সচাঁকৈয়ে এক অতি প্ৰশংসনীয় পদক্ষেপ আছিল এই কাৰ্য্য চলাই থকাৰ ক্ষেত্ৰত তেওঁ বহুত অসুবিধাৰো সন্মুখীন বলগীয়া হৈছিল, যিহেতু এফালে তেওঁ ধৰ্মযাজক আৰু অধ্যাপকৰ পদৱী বৰ্তাই থকাৰ লগতে তেওঁ আফ্ৰিকাত চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে সুকীয়াকৈ সময় উলিয়াই চিকিৎসা বিদ্যাৰ পাঠ্যক্ৰমো গ্ৰহণ কৰিবলগীয়া হৈছিল বিশেষকৈ তেওঁৰ এই চিকিৎসা পাঠ্যক্ৰম বছৰীয়া আছিল  

    ষ্ট্ৰাছবোৰ্গত মেডিকেল ডিগ্ৰী সুখ্যাতিৰে গ্ৰহণ কৰাৰ পাছত এলবাৰ্টে গ্ৰীষ্মাঞ্চলত দেখা দিয়া ৰোগসমূহৰ ওপৰত অতিৰিক্তভাৱে অধ্যয়ন কৰিবৰ কাৰণে পুনৰ পেৰিছলৈ যাত্ৰা কৰে ১৯১২ চনত তেওঁ বিয়া কৰোৱা তেওঁৰ পত্নীকো ভালদৰে চিকিৎসা সেৱাৰ কাৰণে এগৰাকী সুদক্ষ পৰিচাৰিকা হিচাপে প্ৰশিক্ষণ দিয়াই যাতে তেওঁক আফ্ৰিকাত চিকিৎসা সেৱাৰ কামত সহায় কৰিব পাৰে

    ইয়াৰ পাছৰ পৰ্যায়ত তেওঁ নিজৰ শল্য চিকিৎসালয় মূখ্য কেন্দ্ৰ স্থাপন কৰিবৰ কাৰণে আফ্ৰিকাত ঠাই নিৰ্বাচন কৰে এইক্ষেত্ৰত উচিত পৰামৰ্শ তথা সহায় পোৱাৰ আশাত তেওঁ আফ্ৰিকাত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰক পেৰিছৰ মিছনেৰীসকলৰ কাষ চাপে; উল্লেখনীয়ভাৱে এই মিছনেৰী সংস্থাটোৰ পৰা উলিওৱা আলোচনীৰ বিশেষ নিবন্ধটোৰ যোগেদিয়েই তেওঁ আফ্ৰিকাত চিকিৎসাসেৱা আগবঢ়োৱাৰ প্ৰতি আগ্ৰহাম্বিত হৈছিল

    পেৰিছৰ উক্ত মিছনেৰী সংস্থাটোৰ ফ্ৰান্স অধিকৃত আফ্ৰিকাত কেপলপেজ পৰা ২০০ মাইল নিলগত নদীৰ পাৰৰ লেম্বেৰেন্স আস্থান আছিল এলবাৰ্টক উক্ত স্থানত থাকিবলৈ এটা সৰু ঘৰ দিয়াৰ লগতে নিজৰ খৰচত এখন চিকিৎসালয় খোলাৰ অনুমতি দিয়া হৈছিল

    বিভিন্নধৰনৰ ঔষধ, ভেষজদ্ৰৱ্য, চিকিৎসাজনিত সামগ্ৰী তেওঁ আফ্ৰিকালৈ নিবৰ কাৰনে সাজু কৰিছিল চিকিৎসাজনিত সামগ্ৰীসমূহৰ উপৰিও তেওঁক আফ্ৰিকালৈ নিবলৈ পেৰিছৰ Bach সমাজৰ পৰা এখন পিয়ানো উপহাৰস্বৰূপে দিয়া হৈছিল

     গতিকে আৰম্ভণিতে অৱতাৰনা কৰি অহা আফ্ৰিকাৰ অৰণ্যত দুপৰীয়া সময়ত ভাহিঁ অহা সেই মধুৰ বাদ্যৰ সুৰৰ উৎস এলবাৰ্টক উপহাৰস্বৰূপে দিয়া উক্ত পিয়ানোখনৰ পৰাই আহিছিল

  (আগলৈ)

মূল:-ইংৰাজী
অনুবাদ:-গৌৰৱ শইকীয়া
জগন্নাথ বৰুৱা মহাবিদ্যালয়

No comments:

Post a Comment