বেটুপাত

বেটুপাত

Saturday, 10 March 2018

ফাগুনৰ অনুভৱ ( দিপিকা ডেকা )



দুহাত মেলি গছজোপাক কৈছিল তাই, " মোক সাবটি লোৱা।
নিৰাশ নকৰিলে, চটিয়াই দিলে আলফুলে এটি দুটিকৈ সেউজী পাত।
বতাহছাটিক কৈছিল, " চুই চোৱাচোন মোক এবাৰ তোমাৰ বলিষ্ঠ হাতেৰে।"
আবেগেৰে আহি আঁকোৱালি লৈছিল শশব্দে দুবাহুৰ মাজত।
পখিলাজনীক সুধিছিল, " দিবানে মোক এটি চুমা, তোমাৰ মৌ-বৰষা কোমল ওঁঠযুৰিৰে?"
দুষ্ট পখিলাই ৰঙীন হাঁহি এটি এৰি গুছি গৈছিল নিজৰ বাটত!
মেঘলৈ আহ্বান জনাইছিল, " দিয়ানা পঠিয়াই বৰষুণজাক। কথা পাতিবলগীয়া আছিল ' টোপালবোৰৰ সৈতে।"
হঠাতে আহি ভিজাই ' তাইক ফাগুনৰ প্ৰথমজাক বৰষুণে
দি ' ধূলি মিহলি কিছু দাগ তাইৰ শুভ্ৰ পোছাকযোৰত!
হাতেৰে ধৰি বায়ুমুঠিক কৈছিল, " 'বানা বন্ধ কৰা তোমাৰ দুৱাৰখন। এবাৰ উশাহত লওঁ মোৰ প্ৰেমাস্পদৰ সুবাস।"
নাই, বতাহছাটিয়ে উৰুৱাই লৈ ' মৰমৰ সুবাসৎ টোপোলাটো!
এতিয়াও ৰৈ আছে তাই পখিলাটোলৈ বাট চাই,
এতিয়াও দুহাত মেলি ৰৈছে পদূলিত
আবতৰীয়া বৰষুণজাক আকৌ আহক বুলি!



দিপিকা ডেকা

No comments:

Post a Comment