বেটুপাত

বেটুপাত

Saturday, 10 March 2018

মৰিচিকা তুমি ( আস্মা ইয়াছমিন )


জানানে তুমি
 কিদৰে মই পাৰ কৰো প্ৰতিটো দুপৰীয়া এক উন্মুক্ত ভাৱনাৰ আৱেশত
কিজানিবা ফাগুনৰ পছোৱাজাক হৈ অহায়ে তুমি
  ছটিয়াবাহি হিয়াত মোৰ ৰঙৰ ফাকুগুৰি 
  বোলোৱা হি হিয়াত মোৰ পলাশৰ ৰং

 হঠাতে ভাৱনাৰ সাগৰত 
 পছোৱাজাকৰ জোৱাৰ উঠিল 
 হিলদল ভাঙি অহা বতাহজাকে 
  বাৰে বাৰে মোক আক্ৰমণ কৰে 
  মই মাথোঁ নিৰৱে সহ্য কৰি যাওঁ প্ৰতিটো কোব।

  মই নিৰুপায়
   কাৰণ, তুমিও যে  নুবুজা মোৰ অপেক্ষাৰ যন্ত্ৰণা
  লাহে লাহে পশ্চিম আকাশত ৰঙা বেলিটিয়ে বিদায়ৰ ঘন্টা বজায়
  নামি আহে পৃথিৱীত অমানিশা
 গধূলি গাৰুটিত মূৰ গুজি কাণপাতি ৰওঁ 
  আকৌ....!
 কিজানিবা অহায়ে তুমি 
 কোনোবা ঘৰমুৱা গৰখীয়াৰ বাঁহীৰ সুৰ হয়... 
যৱনিকা পৰে অপেক্ষাৰ... 
 নিদ্ৰাদেৱীৰ কোলাত আশ্ৰয় লৈ যেতিয়া হেৰাই যাওঁ সপোনৰ ৰঙীন পৃথিৱীখনৰ মাজত 
সৌ দূৰতে দেখিলো মৰুভূমিৰ মাজত ৰৈ আছা তুমি
  ফাগুনৰ পছোৱাজাকৰ তালে তালে 
 মৰুভূমিৰ বালিৰ নাচোন 
  বাৰে বাৰে ধৰিছে মোক আগভেটি 
তথাপিও বাধা নেউচি আগুৱালো 
 যিমানেই আগুৱাও 
 সিমানেই তুমিও যোৱা আগুৱাই 
  হে অভিমানী প্ৰিয়তম----
  নকৰিবা মিচা অভিমান 
  তোমাক বিচাৰি খালো বহু হাবাথুৰি 
  আজিহে বুজিলো 
 বিশাল মৰুভূমি মাজৰ "মৰিচিকা তুমি"


No comments:

Post a Comment