বেটুপাত

বেটুপাত

Saturday, 10 March 2018

বৃত্ত ( ধীৰেন শইকীয়া )


আজিকালি তাৰ সকলো কথাতে কিবা বিতৃষ্ণা লাগিছে। কাম আৰু কাম। ৰাতিপুৱাই ওলাই যোৱা মানুহজনে গধুলি  ভাগৰত লেবেজান হৈ যেতিয়া ঘৰ সোমাই তাৰ নিজকে সদায় ধিক্কাৰ জন্মে।
ধেৎ, এয়া কিবা জীৱন 'লনে!
সদায় বিদ্যালয়,টিউচন,তাৰ  ফাকে ফাকে সময় উলিয়াই সাহিত্য সাধনা। একেঘেয়ামি কাম।
কিবা এটা বিৰক্তিভাবে তাক হেচুকিবলৈহে ধৰে আজিকালি।তথাপি চাৰ্জ দিয়া মোবাইলৰ দৰে ৰাতিপুৱা একেই নাটক আৰম্ভ হয় ততাতৈয়াকৈ উঠি গৰম পানীৰে খৰধৰকৈ গাটো তিয়াই সি যি ওলাই যায়,একেবাৰে ৰাতি দহ বজাতহে ঘৰ সোমাইহি। মাজে মাজে দুই এটা  সাহিত্যৰ ফেছবুক গোটত সাহিত্য সাধনা কৰিছে সি। সেইবোৰৰ প্ৰায়বোৰেই আনুভূতিক লেখামেলা। পাঠকেও আদৰি লৈছে। কিন্তু সেইবোৰ লিখিও আজিকালি সি সুখী ' পৰা নাই। বৰঞ্চ তাৰ উদ্বিগ্নতা বাঢ়িছেহে।
হঠাতে তাৰ পত্নী আল্পনাই কলে : "হেৰা। শুনিছানে? বিশ তাৰিখৰ পৰা মাইনাৰ বছৰেকীয়া পৰীক্ষা ' ? তাইক অলপ পঢ়া পাতি দেখুৱাই দিব লাগিছিল ঘৰত নিজৰ বাপেকটো থাকোতে,,,,,,"
সি ভাবে তাৰ বাবে কথাটো নতুন নহয় তথাপি কি কৰিব সি,তাৰ হাত ভৰি যেন শিকলিৰে বন্ধা। অত বছৰে আনৰ 'ৰা ছোৱালীক পঢ়ুৱাই পঢ়ুৱাই সি মানুহ কৰিলে কিন্তু তাৰ নিজৰ ছোৱালীজনীৰ বেলিকা তাৰ সময় নাই কোনোফালেদি তাৰ নিজৰ ছোৱালীজনীক পঢ়ুৱাবলৈ সময় উলিওৱা তাৰ বাবে সম্ভৱ নহয়
তাই সৰু হৈ আছে। ফাইভত পঢ়ে। ৰাতি ভাগৰি জুগৰি সি ঘৰলৈ উভতি আহি পোৱা সময়ত তাই টোপনীত লালকাল দিয়ে ৰাতিপুৱা সি উঠে দেঢ়িকৈ। সি আঢ়ৈ বজালৈ বিদ্যালয়ৰ ডিউতি কৰি এঘনটা বাহিৰতে জিৰনী লোৱাৰ পিছতেই তাৰ টিউচনৰ সময় আৰম্ভ হৈ যায়। দৈনিক তিনিটা টিউচন কৰিলেও মাহটোলৈ তাৰ জোৰা নমৰে। আজি ইটো। কালি সিটো।
মুঠতে খৰচে যেন দৈত্যৰ দৰে খাওঁ খাও ৰূপেৰে তাৰ ফালে চাই থাকে সদায় এই মাহত  যদি তাৰ ঘৈনীযেকৰ মূৰৰ কামোৰনি এটা সমাধা কৰিছে, পিছৰ মাহত আকৌ 'ৰা-ছোৱালীৰ অন্যান্য সমস্যাই খুলি খুলি খাই তাক। সঁচাই গল্পকাৰ আব্দুল মালিকে তাহানিতে থিকেই কৈছিল :দুখিয়া মানুহৰ বাবে গোটেই  পৃথিৱীখনেই অজোখা। 
সমস্যা মানে টকা খৰচৰ ৰাস্তা একোটা মুকলি হৈয়ে থাকে সদায়
এটাৰ পিছত এটা সমস্যা চিনেমাৰ ৰিলৰ দৰে যেন আহি থাকে তাৰ জীৱনলৈ। এটা সমস্যাৰ  পৰা কিবাকৈ যোৰা মাৰি আনটো নাপায়এই, আৰম্ভ হৈ যায় নতুন এটা।
টিউচন কৰিলেও তাৰ সমস্যাৰ শেষ নহয় সেয়ে ভাবে এইবোৰ কাম সি বাদ দিব।
কিন্তু বাদ দিও কৰিব কি। তাৰ দৰে
মূলধন নাইকিয়া মানুহৰ বাবে পৃথিৱীখন যেন বন্ধকত দিয়া খেতিৰ মাটি। জীৱনটোত কোনো দিনে জোৰা নমৰিব কিজানি।
কথাবোৰ ভাবি থাকোতেই ঘৈণীয়েক আলপনাই  পুনৰ কলে: "পৰীক্ষা আহিছে। মাইনাক অলপ পঢ়ুৱাব লাগিব আজি যেনেতেনে সোনকালে আহিব।" কথাষাৰ শুনি
সি ভাবে: এয়া জানো তাৰ বাবে সম্ভৱ? কিন্তু সি কি দৰে কব আলপনাক :  আমাৰ বিদ্যালয়ৰো পৰীক্ষা আহিছে। টিউচনৰ ছাত্ৰ -ছাত্ৰীবোৰৰ মাক দেউতাকহঁতে এইকেইদিন যেনে তেনে সোনকালে গৈ বেছি সময় পঢ়ুৱাবলৈ কৈছে তাক। তাৰ নিজকে বিতৃষ্ণা  লাগিছে : অভিভাৱকবোৰো যে আজিকালি ,ষ্টাইলতে টিউচন দিয়এ। প্ৰাইভেট বিদ্যালয়ত  পঢ়াইও ,টিউচন দিয়এ। টিউচনত কি পঢ়িছে সেইটো কিন্তু নাচায়। টিউচনলৈ যাম বুলি 'ৰা ছোৱালী 'লৈ যায় তাৰো খবৰ নলয় আৰু পৰীক্ষাত অহা কমন প্ৰশ্ন নিদিলে টিউচন মাস্তৰকে সলায়। এনেদৰে টিউচন দি থিতাতে অন্যায় কথা এটা সৰুৰে পৰাই শিকাই 'ৰা ছোৱালীক অভিভাৱকেই। সি এইবোৰ সমৰ্থন নকৰিলেও পৰিয়ালৰ ভৰন পোষনৰ তাড়নাত কৰি আহিছে দুই চাৰিটা টিউচন। আজিকালি অভিভাৱকবোৰো গতিশীল হৈছে ৰিজাল্ট, মাৰকচিটৰ প্ৰতিহে তেওলোকৰো আকাঙ্খা বাঢ়িছে। নম্বৰৰ পিছতহে দৌৰে তেওঁলোক স্বভাৱ চৰিত্ৰ ভাল 'লে 'ৰা ছোৱালীয়ে কিবা কৰি সৎভাৱে খাব পাৰিব সেই আশা নকৰি পোনছাতেই বিছাৰে টিউচন কয় টিউছন দিছো ভাল নম্বৰ পাবই লাগিব বুলি।
কথাবোৰ ভাবি তাৰ গা মূৰ বেজ বেজায় যায়।  অভিভাৱকৰ ধাৰনাবোৰ দেখি সি আজিকালি
আচৰিত আৰু মুক হৈ পৰে সি ভাবে: বিদ্যালয়বোৰো আজিকালি মাকশ্বিট বনোৱা কাৰখানা হৈছে। একো মানৱীয় গুন বিকাশৰ কথা শিকা নাই ইয়াত পঢ়া আৰু টকা ঘটাৰ বাবেহে যেন আজিৰ শিক্ষা কিন্তু কাক ' কথাবোৰ সি।
আলপনাই 'লে : "মুখেৰে নামাতিলে যে"?
সি কি ' ভাবি নাপালে। এইবাৰ 
ছোৱালীজনীয়এ  'লে  :
পাপা তুমি নপঢ়ালে মই এনুৱেলত ভাল মাৰকচ নাপাম দেই,তেতিয়া কিন্তু তুমি মোক গালি নিদিবা।
সি কি কব ভাবি নাপালে।
ছোৱালী আৰু ঘৈনিয়েক আলপনাৰ প্ৰস্তাবটো সমৰ্থন কৰাৰ আজি উপায় নেদেখি 'লে : ' বাৰু।


         
ধীৰেন শইকীয়া

চন্দনপুৰ,নুনমাটি

No comments:

Post a Comment