বেটুপাত

বেটুপাত

Saturday, 10 March 2018

মাজুলী ( হৰিচৰণ পেগু )



বাৰমাহ বানপানী 
বিশাল সাগৰ,
নদীদ্বীপ মাজুলী 
বিশ্ব বৃহত্তৰ
সোণোৱালী ধান হয়
চাৰিও পথাৰে 
অগণন জুৰি বয়
তাৰেই মাজেৰে
বিশ্ব খনিকৰৰ দল
মাজুলীতে আছে
বাৰমাহ খেতি কৰি
জীৱন খটাইছে  
বসন্তত কুঁহিপাত
কুলি কেতেকীৰ আগমন ,
পখীসৱে মাজুলীলৈ 
কৰে প্ৰথম ভ্ৰমণ  
গ্ৰীষ্মত গগন ভৰে 
শুকুলা মেঘেৰে
খাল বাম ভৰি পৰে 
বৰ্ষাৰ বানেৰে  
ধাৰাসাৰ বানে আহি
মাজুলী ধোৱাই ,
আমোঘ বিশ্ব সম্পদ শিশু
মাজুলীতে জিৰায়  
শৰত আহিলে পিছে
বানপানী শুকাই,
পদূলিয়ে পদূলিয়ে
শেৱালি গোন্ধায়  
মাজুলীৰ শীতৰ ৰাতি
অসহ্য দীঘল ,
সোৱনশিৰি নৈয়ো হয় 
শুকাই দুৰ্বল  
হেমন্ত ঋতুত আকৌ
শীতৰ লহৰে ,
পাত সৰি ভৰি পৰে
লঠঙা গছেৰে  
মাজুলী বৰ্ণন কৰি
নহয় যে অন্ত,
কিমান সুৰীয়া লাগে
নৈ নদীৰ কণ্ঠ  
বিশাল বানত চৰে
অগণন চৰাই ,
মাজুলী টুটিছে আজি
গৰাই খহাই  
হয়তো হেৰুৱাব পাৰে
নাম বিশ্ব বৃহত্তৰ ,
আমাৰ বাবে হব সেয়া 
কিমান যে বিষাদৰ  
হয়তো নহব পাৰে 
সকলোৰে সাদৰৰ ,
তথাপি মাজুলী মোৰ
জন্ম- জন্মান্তৰৰ

 হৰিচৰণ পেগু 
বঠাখানা , ধলপুৰ , লক্ষীমপুৰ

No comments:

Post a Comment