বেটুপাত

বেটুপাত

Sunday, 11 March 2018

ঈশ্বৰৰ যেতিয়া ভোক লাগে" ( অত্ৰেয়ী গোস্বামী )

মেঘৰ বুকুৰ আঁহফলা শুকুলাৰ আঁৰত
অনন্তৰ নেদেখা সিটো পাৰত
ঈশ্বৰৰ ঘৰ৷
পৰমান্নৰ ভোগেৰে তেওঁৰ মজিয়াত
খেলিমেলি হৈ পৰি থাকে হাঁহিবোৰ৷
মৰতত সেইদিনা কোনোবা মাইনাৰ
ওপজা দিনৰ উল্লাস৷


ভোক লাগিলে ঈশ্বৰে খাব নোৱাৰে
সময়ৰ অভাৱত কৰ্ফাল খাই পৰে ভোক৷
ঈশ্বৰৰ যেতিয়া ভোক লাগে
স্বৰ্গৰাজ্যত দেৱতাসকলে মেল পাতে৷
সোণৰ থালত বাহু মাছৰ ডাঙৰ টুকুৰা
কাৰোবাৰ চোতালত গিয়াতালিৰ শোকৰ চপৰা৷

ঈশ্বৰৰ ঘৰত হাহাকাৰ
ঈশ্বৰৰ জুহালত তপত ভাতৰ ধোঁৱা
ঈশ্বৰৰ চকুত জুই
ঈশ্বৰৰ পেটত ভোকৰ জ্বালা৷

সৃষ্টিৰ পৃষ্ঠাত আউল লগা পাক
জীৱই নসহে জীৱৰ  বুকুৰ তাপ
ঈশ্বৰৰ সমীকৰণ সমতুল নহয়হে নহয়
বৰগছৰ শিপাত এলজেব্ৰা উন্মুক্ত হয়৷

ঈশ্বৰৰ যেতিয়া ভোক লাগে,আৱেগ সৰে
ঈশ্বৰৰ চকুলো বৰষুণ হৈ নামে৷


অত্ৰেয়ী গোস্বামী
তিতাবৰ,যোৰহাট

No comments:

Post a Comment