বেটুপাত

বেটুপাত

Saturday, 10 March 2018

হোলী উৎসৱ আৰু বৰপেটাৰ ঐতিহ্য ( সৌৰভ জ্যোতি গোস্বামী )



 ফাগুণ মাহৰ পূৰ্ণিমা তিথিত হিন্দু ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰা ৰঙৰ উৎসৱ হৈছে হোলী। হোলীক ফাকু্ৱা উৎসৱ নামেৰেও জনা যায়। আনহাতে ফাকুৱাক আকৌ দৌলোৎসৱ, ফল্গুৎসৱ, ফাগুৱা, ফাকু, মদনোৎসৱ আদি বিভিন্ন নামেৰেও জনা যায়।


সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গোৎসৱ ফাগুন অথবা ' মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়৷ এই উৎসৱ প্ৰাচীন মদন পূজাৰ লগত জড়িত এক আনুষংগিক উৎসৱ৷ হিন্দুসকলৰ আৰাধ্য দেৱতা হৈছে শ্ৰীকৃষ্ণ।শ্ৰীকৃষ্ণক বিষ্ণু নামেৰেও জনা যায় আৰু বিষ্ণুক উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়। ধৰ্মীয় আৰু লৌকিক পৰম্পৰাৰে পালন কৰা হোলী উৎসৱৰ সৃষ্টিৰ সৈতে বহুতো পৌৰাণিক আখ্যান জড়িত হৈ আছে৷ উক্ত পৌৰাণিক আখ্যান অনুসৰি, এই দিনটোক 'কাম দহনৰ দিন' বুলি উল্লেখ কৰা হৈছে। এক প্ৰচলিত আখ্যান অনুসৰি এসময়ত গিৰিৰাজ হিমালয়ৰ কন্যা পাৰ্বতীয়ে দেৱাদিদেৱ মহাদেৱক স্বামীৰূপে পাবলৈ কঠোৰ ব্ৰতত ব্ৰতী হৈছিল। কিন্তু সেই সময়ত মহাপ্ৰভু স্বয়ং তপস্যত বিলীন হৈ আছিল। তেওঁৰ সৈতে দেৱী পাৰ্বতীৰ বিবাহ কাৰ্য সম্পন্ন কৰি দিয়াৰ অন্য উপায় নেদেখি দেৱতাসকলে কামদেৱক 'কামবাণ' নিক্ষেপ কৰিবলৈ কৈছিল।'কামবাণ' প্ৰভাৱত মহাদেৱৰ তপ ভংগ হোৱাত তেওঁৰ প্ৰথম ক্ৰোধ দৃষ্টি কামদেৱৰ ওপৰত পৰে আৰু ত্ৰিনয়নৰ জুইত কামদেৱ ভস্মীভুত হয়। কামদহনৰ এই আখ্যানে মূলত সাংসাৰিক লোভ, মোহ, কাম, ক্ৰোধ ত্যাগ আদিক প্ৰতিনিধিত্ব কৰে। আন এক আখ্যান অনুসৰি হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ প্ৰহ্লাদক মাৰিবলৈ ভগ্নী হোলীকাক নিৰ্দেশ দিছিল। হোলীকাই নিজৰ শৰীৰৰ জুইৰে প্ৰহ্লাদক ভস্মীভূত কৰিবলৈ গৈ নিজেই নিঃশেষ 'ল। হোলীকাই মৃত্যুক্ষণত নিজৰ ভুল বুজিব পাৰি প্ৰহ্লাদৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে। প্ৰহ্লাদে হোলীকাক বৰ দিয়ে মৃত্যুৰ পিছত বছৰত অন্ততঃ এদিন মানুহে হোলীকাক স্মৰণ কৰিব। এই হোলীকাৰ পৰাই হোলী শব্দৰ সৃষ্টি হৈছে বুলি ' পাৰি। সেয়ে বিভিন্ন ঠাইত ফাকুৱাৰ আগদিনা অপশক্তি হোলীকাক দাহ কৰা দেখা যায়। ভাৰতৰ বিভিন্ন ঠাইত ফাকুৱাৰ আগদিনা ৰাতি এটা মেজি সাজি তাৰ চাৰিওফালে নৃত্য-গীত গাই আনন্দ কৰে। উত্তৰ ভাৰতৰ কোনো কোনো ঠাইত এই উৎসৱ এসপ্তাহৰ বাবে পালন কৰা দেখা যায়। ঠাইবিশেষে মানুহৰ ঘৰবোৰ ৰঙ কৰাই ঘৰৰ পদূলি, দুৱাৰমুখ আদিত ফাকুগুৰি আৰু ফুলেৰে সজাই আকৰ্ষণীয় কৰি তোলে। ফাকুৱাৰ লগত জড়িত অসমৰ এই উৎসৱক "ফল্গোৎসৱ" অথবা "দৌল উৎসৱ" নামেৰে জনা যায়। সত্ৰনগৰী বৰপেটা। বৰপেটাৰ দৌল অসম বিখ্যাত। বৰপেটাত দৌলোত্সৱ তিনিৰপৰা পাঁচদিনলৈকে পালন কৰা হয়। ইয়াৰ প্ৰথম দিনটোকগোন্ধোৎসৱ’, দ্বিতীয় দিনটোকভৰদৌলআৰু তাৰ পাছৰ দিনাসুঁৱেৰীবোলা হয়।

অসমৰ প্ৰতিটো উৎসৱ ধৰ্মীয় পৰম্পৰাৰ লগত যুক্ত হৈ থাকে৷ এই ফালৰ পৰা দৌল উৎসৱৰো ইতিহাস নথকা নহয়। অসমত দৌল উৎসৱৰ পাতনি মেলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। ২১ বছৰ বয়সতে গুৰুজনাই বৰদোৱাত এই উৎসৱ পালন কৰিছিল। দ্বিতীয়তে, বৈকুণ্ঠপুৰী বৰপেটা ধামত দৌল উৎসৱ প্ৰচলন কৰিছিল বৰপেটা সত্ৰৰ মথুৰা দাস বুঢ়া আতাই ১৫১৮ শকত। সেইদিন ধৰি পৰম্পৰাগতভাৱে জাকজমকতাৰে বৰপেটা সত্ৰত দৌল উৎসৱ পালন কৰি অহা হৈছে। বৰপেটাৰ স্থানীয় ভাষাত এই উৎসৱক দেউল বোলা হয়। 


ধৰ্মীয় আচাৰ, ভক্তিৰস আৰু লোক-পৰম্পৰাৰ এক অপূৰ্ব সমন্বয়ৰ উদাহৰণ ' বৰপেটাৰ বহুচৰ্চিত দৌল উৎসৱ। বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দৌলোৎসৱৰ সূচনা কৰিছিল যদিও বৰপেটা ধামত ১৫১৮ শকত বৰপেটা সত্ৰৰ মথুৰা দাস বুঢ়া আতাই প্ৰথমবাৰৰ বাবে প্ৰচলন কৰে এই দৌলোৎসৱ। সেই দিনাৰ পৰা পৰম্পৰাগভাৱে ইয়াক পালন কৰি অহা হৈছে। উৎসৱৰ প্ৰায় এমাহমান আগৰে পৰা ইয়াৰ প্ৰস্তুতি আৰম্ভ হয়৷ ধৰ্মীয় আচাৰ, ভক্তিৰস আৰু সমন্বয়ৰ উৎসৱ হিচাপে বৰপেটাৰ দেউল উৎসৱ চিহ্নিত হৈ আহিছে৷ সাধাৰণতে, ফাগুন মাহৰ পূৰ্ণিমা তিথিৰ।দৌল চাৰিদিনীয়াকৈ অথবা পাঁচদিনীয়াকৈ আৰু 'তৰ মাহৰ পূৰ্ণিমা তিথিৰ দৌল তিনিদিনীয়াকৈ পালন কৰা হয়৷ এই চাৰিদিনীয়া অথবা পাঁচদিনীয়া দৌলক ডেকাদৌল আৰু তিনিদিনীয়া দৌলক বুঢ়াদৌল বোলা হয়। গোন্ধযাত্ৰাৰ দিনা বৰপেটাৰ বাইশখন হাটীৰ উপৰি ইয়াৰ উপকণ্ঠ অঞ্চলতো ভক্তসকলে পথাৰৰ পৰা নল, খাগৰি, ইকৰা আদি আনি সত্ৰৰ টুপৰ চোতালত এটা মেজি সাজে। আবেলি এক নিৰ্দিষ্ট ক্ষণত দৌলগোবিন্দ মহাপ্ৰভুক ভাজঘৰৰ পৰা গায়ন-বায়ন, ঢুলিয়া সমন্বিতে পূৱ দুৱাৰেদি উলিয়াই আনে। ইয়াৰ পিছত সন্ধিয়ালৈ গোসাঁইক গায়ন-বায়ন আৰু বৰঢুলীয়াৰে সৈতে ভক্তবৃন্দই টুপৰ চোতালত সজা মেজিৰ কাষলৈ নিয়ে। প্ৰজ্জ্বলিত মেজিৰ চাৰিওফালে গোসাঁইক সাত পাক ঘূৰোৱা হয়। ইয়াক 'মেজি পুওৱা' নাইবা 'মাঘ পুওৱা' বুলিও কোৱা হয়। এই সময়তে ঢোল, খোল, দবা, শংখ, ঘণ্টা আদিৰ শব্দৰ লগতে হোলীগীতৰ প্ৰতিধ্বনিয়ে চৌদিশ মুখৰিত কৰি তোলে। লগতে চাৰিওফালে স্থানীয় আতচবাজীও প্ৰদৰ্শন কৰা হয়। মেজিৰ জুইৰ চাৰিওফালে সাতপাক ঘূৰোৱাৰ পিছত গোসাঁইক পোনে পোনে বৰপেটা সত্ৰৰ উত্তৰ-পশ্চিম দিশত থকা 'যোগমোহন গৃহ' এখন শৰাইত ৰখা হয়। তাৰ পিছত নক্ষত্ৰ গণনা অনুসৰি গোসাঁইক এক শুভ ক্ষণত দৌলত আৰোহণ কৰা হয়।  ইয়াতো গায়ন-বায়ন, বৰঢুলীয়া আৰু ভক্তসকলৰ জয়ধ্বনিৰে গোসাঁইক দৌলত সাতোটা চিৰিৰে সাতপাক ঘূৰাই দৌলৰ ভিতৰৰ সুসজ্জিত দোলাত স্থাপন কৰা হয়। ৰাতিলৈ সেৱা-কীৰ্ত্তন আৰু যাত্ৰাভিনয় প্ৰদৰ্শিত হয়।গোন্ধৰ পিছৰ দিনাখন হৈছে ভৰদৌল৷ সেইদিনা পুৱা যোগমোহন গৃহত আইসকল আৰু বাপুসকলে প্ৰসংগৰ পিছত বংশৰা বা হাটী গোটৰ গায়ন-বায়নসকলে গুৰুঘাট বজাই শ্যাম ৰাগৰ দুটা 'পুৱাৰ গীত' আৰু ললিতা ৰাগৰ 'যশোমতী পেখিতে নয়ন জুৰাই' গীত গায়। ভৰদৌলৰ পিছদিনা উদযাপন কৰা হয় ফাকুৱা অথবা হোলী। স্থানীয়ভাৱে ফাকুৱাক ইয়াত 'সুঁৱেৰী' অথবা 'সৌৰী' বুলিও কোৱা হয়৷ সেইদিনা ফাকুগুৰি ছটিয়াই সকলোৱে আনন্দ কৰে। ভৰদৌলৰ নিশা দৌলগোবিন্দ মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোসাঁইক দৌলৰপৰা নমাই কীৰ্ত্তন ঘৰৰ ভিতৰত ৰখা হয়। সুঁৱেৰীৰ দিনা আৱেলি পুনৰ গোসাঁইক মঠৰ চোতাললৈ আনি পূজা কৰা হয়। ইয়াৰ পিছত গোসাঁইক বৰপেটা সত্ৰৰ দক্ষিণ দিশে থকা কলবাৰী সত্ৰলৈ নিয়া হয়। তাতে গোসাঁইৰ দোলা পৱিত্ৰ ভূমিত ৰখা হয়। ভক্তগণে গোসাঁইৰ সন্মুখত এবিধ বনৰীয়া মাহ আগবঢ়ায়। ইয়াৰ পিছত পুনৰ বৰপেটা সত্ৰলৈ গোসাঁইক অনা হয়। ইয়াৰ পিছতে সত্ৰৰ মূল প্ৰৱেশপথত টুপৰ চোতালত 'বাঁহ ভঙা' কাৰ্য্য অনুষ্ঠিত কৰা হয়। তাৰ পিছত পুনৰ গোসাঁইক মণিকূটত প্ৰৱেশ কৰোৱা হয় আৰু এনেদৰে দেউল উৎসৱৰ সামৰণি পৰে।


হোলীত হোলীগীতৰ গুৰুত্ব অপৰিসীম। হোলীগীত হৈছে বৰপেটাৰ দৌল উৎসৱৰ সময়ত গোৱা বিশেষ গীত। দৌল অহাৰ প্ৰায় বহু আগৰেপৰাই বৰপেটাৰ হাটীসমূহত হোলীগীতৰ আখৰা চলে। দৌলৰ সময়ত সকলোৱে খুটিতাল, পাতিতাল, ঢোল আদি লৈ হোলী গীত গায় আৰু ফাকু খেলে৷ হোলীগীতৰ প্ৰথম সৃষ্টিকৰ্ত্তা শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ বুলি জনা যায়। ইয়াৰ উপৰি শ্ৰীধৰ কন্দলীয়ে ৰচনা কৰা 'ঘুনুচা কীৰ্ত্তন' কিছু ঘোষাও হোলীগীতৰ সুৰেৰে ভক্তসকলে গায়। সত্ৰত প্ৰচলিত এই পৰম্পৰাগত হোলীগীতসমূহৰ উপৰিও বহুকেইজন গীতিকাৰ, শিল্পী আৰু সাহিত্যিকে হোলীগীত ৰচনা কৰিছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য কেইজনমান হৈছে অম্বিকাগিৰী ৰায়চৌধুৰী, প্ৰসন্নলাল চৌধুৰী, পুৰুষোত্তম দাস, ফণী তালুকদাৰ, খনীন্দ্ৰনাথ দাস, গিৰীশ দাস, গোকুল পাঠক আৰু প্ৰণৱ দাস অতীজৰে পৰা বৰ্ত্তমানলৈকে দুই প্ৰকাৰৰ হোলীগীত গোৱা দেখা যায়, ভক্তিমূলক আৰু আধুনিক। ইয়াৰ মূল বিষয়বস্তুবোৰ এনেধৰণৰ,গীতসমূহৰ মাজেৰে বসন্ত ঋতুৰ বৰ্ণনা, শ্ৰীকৃষ্ণৰ গুণানুকীৰ্ত্তন, প্ৰকৃতি আৰু মানুহৰ প্ৰেমৰ বৰ্ণনা, শ্ৰীকৃষ্ণৰ গোপিনীৰ সৈতে কৰা ৰাসলীলাৰ বৰ্ণনা।


কেইটামান উল্লেখযোগ্য হোলীগীত হৈছে,

"ৰংগে ফাগু খেলে চৈতন্য বনমালী৷
দুই হাতে ফাগুৰ গুণ্ডা সিঞ্চন্ত মুৰাৰি।।" আৰু

"গোপ গোপী সমে খেলা হুয়া আনন্দিত,
আউৰে আউৰে ফাগু মাৰে অঞ্জলি ভৰিয়া।
ফাগু ৰসে নাসে হাসে কীৰ্ত্তন কৰিয়া,
ফাগুৰে চৌভিতি দেখি অৰুণ বৰণ।

প্ৰভাত কালৰ যেন ৰবিৰ কিৰণ।।" (মাধৱদেৱ)



সৌৰভ জ্যোতি গোস্বামী।

বি দ্ৰ: এই লিখনীৰ কিয়দাংশৰ বাবে ইণ্টাৰনেটৰ সহায় লোৱা হৈছে।

No comments:

Post a Comment