বেটুপাত

বেটুপাত

Sunday, 11 March 2018

“আবিৰ” (পৰিস্মিতা বৰদলৈ)


মোৰ উকা পৃষ্ঠা সদৃশ মনাকাশলৈ
এদিন তেওঁ নামিছিল এখনি ৰামধেনু হৈ

কলীয়া ডাৱৰেৰে তমসাচ্ছন্ন আকাশখনত
চপৰা চপৰে নীলাবোৰে সিঁচিছিল প্ৰত্যয়ৰ বীজ,
ক্ৰমান্বয়ে ডাৱৰবোৰে মাগিছিল মেলানি
ৰঙা , হালধীয়াই মিতিৰালি পাতি
জনাইছিল সুমথিৰা ৰঙক আদৰণি৷


লেৰেলি শুকাই যাব ধৰা আশাবোৰক
কৰিছিল জীপাল হেঁপাহৰ এজাক বৃষ্টিয়ে ,
মুঠি মুঠি সেউজীয়া বোৰে যেন
পোহাৰ মেলিছিল
অনুভৱৰ বাকৰিত,
 পোখা মেলিছিল সৃষ্টিয়ে

এজাৰ ৰঙী বিষাদবোৰক
কৃষ্ণচূড়া ৰঙী দালিয়ে পঠিয়াইছিল ঠেলি,
এইদৰে ক্ৰমাৎ অংকুৰিত হৈছিল
মোৰ জীৱনৰ কেনভাছত সপ্তৰঙী বৰ্ণালী

পৰিস্মিতা বৰদলৈ


No comments:

Post a Comment