বেটুপাত

বেটুপাত

Saturday, 10 March 2018

কাব্য মালিতা ( হীৰামনি শৰ্মা উপমন্যু )


তুমি নোহোৱা চহৰত মোৰ পদাৰ্পণ উৎসৱ মুখৰ সন্ধিয়াত ,
তোমাৰ অনুভৱ মনৰ বাগিচাত দেও দি দি ঘূৰিছিল
যেন সময় বোৰে চৌপাশে হাঁহি মাতিছিল..............
তোমাৰ ঢোলৰ কোব কাণত ৰিণিৰিণি বাজিছিল--
           মোৰ উদাস বুকুত 
'তৰ শেষত  বিহুৰ কলি এটি মেৰিয়াই ধৰাৰ দৰে
          ৰুণজুন শব্দ হৈ
বৰদৈচিলাৰ দৰে নাচনী  সজাৰ  মানস প্ৰকট  হৈছিল...........
          তুমি বিহীন চহৰত 
শীত বোৰেও শেঁতা হৈ পাৰিছিল 
নাট্য মঞ্চৰ সেউজীয়া 'ৰাৰ কাষত !
'ৰাগী হৈ যোৱাৰ হেঁপাহ এটিয়ে  মনৰ মাজত পখী
হৈ ধপ্ ধপাছিল --তোমাৰ পদুলি মুখত সুৱাগুৰি গোন্ধ এটাত , মায়াবী জোনাকী জিলিকিছিল ,
      হেৰাই যাব মন যায় তোমাৰ  মাতত.........
মাঘ বিহুৰ গোঁসাই ঘৰত চাকিগছি জ্বলাই দিছিলোঁ
তোমাৰ নামত, চাকিৰ পোহৰত আন্ধাৰ বোৰে 
লুকাভাকু খেলিছিল আমাৰ 'ৰালিৰ প্ৰেমৰ ছাঁত,
                তুমি বিহীন মোৰ খোজ প্ৰথম তোমাৰ চহৰত ;
তুমিময়ী হৈ আছিল চহৰখনৰ সন্ধিয়া বোৰ.......
         তাত নীল তোমালৰ ' ফুলিছিল
সূৰ্যস্তুতিত মায়াবী পুৱাত

তোমাক বিচাৰা মন এটিয়ে 
তোমাৰ চহৰৰ চুকে-কোণে
       এটি সাৱলীল কবিতা হৈ সুপ্ত বাসনাই তীব্ৰতা পাইছিল মোৰ বাবে তাহানিতে সলাই থোৱা তোমাৰ
হৃদয়ৰ পোচাকত তুমি তুমি  গোন্ধে বিয়পী পৰিছিল তোমাৰ চহৰ !
ৰূপোৱালী জোনাক ভৰা শীতৰ নিশা 
দুৱৰিৰ  নিয়ৰত জিলিকি উঠে তোমাৰ দুচকু ,
শীতল বতাহ জাকে মোক আঁকোৱালি পোহৰ সনা
ছাঁত অনামী সুগন্ধিত দি যায় তোমাৰ বতৰা
         ৰঙচুৱা স্মৃতিবোৰে   আচুৰিছে বুকু মোৰ
কোনে কব তোমাৰ ঠিকনা  ?
          ' তোমাক যে বিচাৰি  যাম
           তুমি বিহীন এই চহৰত 
                   খেদি আহে শূন্য বুকুত !
   তুমি আছা বুলিয়ে  ময়ো আছো প্ৰণয়ৰ সমাধিত     মোৰ সপোন তাতেই আছে শুই বাৰিষা ৰাতিৰ শব্দ- ছন্দত ফাগুনৰ পছোৱাত ,      আহিনৰ শেৱালি সুবাসত ।।                                        তোমাৰ পদুলিত এজাক তুমিময় বনহংস ধপ্ ধপাই মোৰ বুকুৰ মাজেৰে উৰি গুচি যায় হৃদয়ৰ
ভাস্কাৰ্য্যত অজন্তা- ইলোৰাৰ চিত্ৰৰ দৰে অংকিত হয় শব্দৰ  মধুছন্দ্ৰিকা
           'লৈ 'লা তুমি 
            কোনোবা অচিনাকি দেশত 
             নাপালো দেখো তোমাৰ নতুন ঠিকনা
 বিচাৰি  
        তুমি নোহোৱা চহৰখন উৰুঙা উৰুঙা মনটি
উৰি যায় ফাগুন অহাৰ বতৰাত .....
           এদিন আহিবা তুমি - সূৰুয হৈ নতুন উদ্যমত পূৰ্বৰ দৰে গিটাৰৰ তাঁৰত আঙুলি বুলাবা 
মোৰ চকুত চকু থৈ........
                         "ৰাতি বাঁহী .......
                            কোনে মোক ৰিঙিয়াই "
গুণগুণাই বহিবা মোৰে কাষত ,
                ৰূপালী জোনাক ভৰা শৰতৰ নিশা 
                  জোনাক- নিয়ৰ সৰি পৰিব 
          তোমাৰ -মোৰ হৃদয়ত এমুঠি এমুঠি 
            হেঁপাহৰ সেউজীয়া হৈ.........
              ইয়াতকৈ লাগেনো আমাক কি ........
                      *****************
হীৰামনি শৰ্মা উপমন্যু
গুৱাহাটী /28

No comments:

Post a Comment