বেটুপাত

বেটুপাত

Saturday, 10 March 2018

এখন চিঠি (বেউলা চুতীয়া)


আজি ভাবিলোঁ
তোমালৈ চিঠি এখনকে লিখোঁ
সদায়ে ভাবোঁ
আজি অন্ততঃ
তোমাৰ ফোন এটা পাম
ফোনটো বাজিলেই
বুকুৰ ধপ্ ধপনিটো বাঢ়ি আহে
জানোছা তোমাৰেই ফোন!
তোমাৰ ফালৰ পৰা
টুকুৰা টুকুৰিকৈ পাতল
শব্দ কেইটামানকে
ওপঙি অহা 'লে,

বুকুখন পাতল পাতল লাগিলহেঁতেন।
মই জানো
তোমাৰ ্যস্ততাৰ অন্ত নাই
ফোন কৰিব নালাগে দিয়া,
চিঠিও লিখিব নালাগে,
পাৰা যদি এখিলা উকা কাগজত
তোমাৰ ওঁঠৰ অকনমান 
চুমাৰ চেকা এটিকে পঠাবা
চকুৰ পতাত শুই পৰা
অলস সপোনবোৰ জাগিব।

বেউলা চুতীয়া
গোবিন্দপুৰ,ঢকুৱাখানা



No comments:

Post a Comment