বেটুপাত

বেটুপাত

Sunday, 11 March 2018

স্তৱক (যতীন বৰা )



স্তৱক ()
বৰষুণ আহিলেই বুকুখন কঁপি উঠে
আবিৰৰ ৰং শেষ নৌহওঁতেই
নৈবোৰ গাভৰু হৈ উঠে৷
()
যোৱাবাৰ বানত কঁকাল বেকা হোৱা গাওঁবোৰে
মুৰ দাঙি চালে কি নাচালে
বুকুৰ মাজুলীত আকৌ গৰাখহনীয়া৷
()
মূখা পিন্ধা মানুহবোৰ আকৌ আহিব
গামোচাৰ ভৰত ডিঙি বেঁকা '
মথাউৰিবোৰে মুখ মেলি চাই থাকোতেই
মূধচত জলকুঁৱৰীয়ে নাচিব 
()
দুপেকেট বিস্কুটেৰে
ওৰে জীৱনৰ ভোক গুচাব পৰা 'লে
মন্ত্ৰী মহোদয়ক কৈ দিলোহঁতেন
নদীবোৰ নাবান্ধিলেও 'ব৷
()
চপৰা চপৰে খহা মাটিবোৰত তেজৰ ৰং
হেৰাই যোৱা সেউজীয়াবোৰত
খেতিয়কৰ কৰুণ বিননি
প্ৰতিশ্ৰুতিৰ গান গোৱা চৰাইবোৰ বা 'লৈ '
ক্ৰমে নদীখন ৰঙা 'ল৷৷৷



যতীন বৰা
মাজুলী 

No comments:

Post a Comment