বেটুপাত

বেটুপাত

Sunday, 11 March 2018

এটা আঙুলিৰ শেষ যাত্ৰা ( সন্ধ্যা বৰা )


ৰাতিপুৱাৰ কোমল 'দটো পিঠিত লৈ সৌৱা বাৰান্দাত দেউতা বহি আছে ।কাষতে দেউতাই সোঁভৰিটো দাঙি উঠাই থোৱা মূঢ়াটোতে টুনিয়ে  (ঘৰৰ পোহনীয়া কুকুৰজনী)গাটো আওজাই ' লৈছে ।অমাত জীৱ হৈও যেন টুনিয়ে দেউতাৰ মনোকষ্ট বুজি পায়।সেয়ে চাগে এক চেকেণ্ডৰ কাৰণেও তাই দেউতাৰ কাষৰ পৰা আঁতৰি নাযায় ।যোৱা দুবছৰে দেউতাৰ সহচৰী তাই ।ড্ৰায়িংৰূমৰ খিৰিকী খুলিবলৈ গৈ দেউতাক দেখি ৰৈ দিলো।
        কিমাননো বয়স হৈছে দেউতাৰ...খুউব বেছিকৈ বেছি 65 যোৱা 16 বছৰে ডায়বেটিছ টোৱে শুহি থকাৰ কাৰণে আলৰ বুঢ়া মানুহটোৰ দৰে হৈ পৰিছে।দেউতালৈ চালো...সোঁ ভৰিখনত হাত ফুৰাই আছে।প্ৰায় দুবছৰেই 'ল।পথাৰে-ঘৰে-বজাৰে-সমাৰে দপদপাই থকা মানুহটোৱে আজি নিত্য নৈমিত্তিক কাম ফেৰাৰ বাবেও ঘৰৰ মানুহৰ ওপৰত নিৰ্ভৰশীল ।যোৱা দুবছৰে এঘন্টাৰ বাবেও ঘৰৰ চোতালখন গচকি নোপোৱা মানুহটোৰ অন্তৰৰ উচুপনিবোৰ,হাহাকাৰবোৰ অন্তত:অনুভৱ কৰিব পাৰো।এসময়ৰ শাৰীৰিক মানসিকভাৱে প্ৰতাপী মানুহটোৱে বৰ্তমানৰ তেওঁৰ অসহায়তাক কোনোমতেই মানি ' নোখোজে ।সেয়ে আনে নেদেখাকৈ এখন শীতল যুদ্ধ তেওঁৰ মাজতেই চলি থাকে।তাৰেই বহি:প্ৰকাশ ঘটে তেওঁৰ আচৰণবোৰত…!!!!!!
আঘোণৰ সোণগুটিবোৰ এইবাৰ নিজেই চপোৱাৰ হেঁপাহ ।কিন্তু কি 'ব।বিধিয়ে দিলেও বিধাতাই নিদিয়ে ।আশাত চেঁচাপানী পৰিল।সোণগুটি চপাবলৈ ভৰি মাতিত পেলাব নোৱাৰে দেউতাই।ৰাস্তাৰে আইজুলে সোণগুটি কঢ়িয়াইছে কনক বৰতাৰ ঘৰলৈ..
 ২০১৪ চনৰ জুন মাহৰ এটি ৰাতিপুৱা.....
মাইনা......মাইনা....মাইনা....সৰু মা......বাৰান্দাত দেউতাৰ চিঞৰ...কি বা ' আকৌ!! ঠাইতে ঝাড়ুডাল এৰি বাৰান্দালৈ দৌৰ মাৰিলো।ভাবিলো গুডুয়ে কিবা কৰিলে ছাগে।
        কোৱা দেউতা....কি '?
   এহ মোৰ ভৰিটো চোৱাচোন।অফিচত জোতা খুলিলেই বৰ বেয়া গোন্ধ ওলাই '।চোৱাচোন আঙুলিটো ঠিকে আছেনে।মোৰ উত্তৰলৈ বাট নাচাই সোঁভৰিটো পেটলৈ কোচাই আঙুলিটো চাব পাৰি নেকি চেষ্টা কৰি থাকিয়েই কথাখিনি কৈ 'ল।
        অলপদিনৰ আগতে দেউতাৰ সোঁ ভৰিৰ কেঞাঁ আঙুলিটোৰ তলত ঢোপ এটা ওলাইছিল ।তেনেকৈয়ে দেউতাই জোতা পিন্ধি অফিচ অহা যোৱা কৰি আছিল ।কিন্তু হঠাৎ আঙুলিটোৰ এনে অৱস্থা ' যে আঙুলিটোৰ মঙহখিনি এই এৰাও হৈ পৰিল ।মেডিচিন ডাক্তৰৰ পৰামৰ্শমতে তেতিয়াৰ পৰা ডেটল পানীৰে ধুই বায়'কলাছ নামৰ পাউদাৰ এটা লগাই চাফা কটন কাপোৰেৰে বেন্ডেজ কৰি অফিচ যায় ।কথাখিনি ভাৱি থাকিয়েই পকাতে লেপেটা কাঢ়ি বহি লৈ আঙুলিটো পৰীক্ষা কৰাত লাগিল
       ইচ ৰাম....এইয়া কি?
আঙুলিটো দেখোন গেলা মঙহ আৰু হাড়েৰে সৈতে এই ছিঙো ছিঙো হৈ আছে ।মঙহখিনিত লাহেকৈ বুঢ়া আঙুলিটোৰ নখটো বহাই দিলো ।আটালাডু এটাতহে যেন নখটো ভৰালো;এনেদৰে সোমাই '
          দেউতা....বিষাইছে নেকি?
হা....নাই!নাই! বিষোৱা নাই...দেউতাই 'লে।কি '? ভালেই হোৱা নাইনে? ৩০০ টকীয়া এই সৰু চিচিটো  (বায়'কলাছ)ইমান ঢালি থকা হৈছে; হৈছে কি?এইবোৰত লাগি থাকোতে এতিয়া অফিচো দেৰি '
       দেউতাৰ কথা শুনিয়েই খঙটো টিঙিচকৈ উঠিল ।এনিটাইম , কি পইচা পইচাকে থাকাহে।উচিত সময়তে ডাক্তৰৰ তালৈ যোৱা 'লে কিজানি আঙুলিটোৰ এই অৱস্থা নহয় ।তুমিতো এক্সটিম নোহোৱাকৈ এখোজো আগনাবাঢ়া ।এতিয়া আঙুলিৰ যি অৱস্থা দেখিছোঁ...কেৰেলাতকৈ গুটি দীঘল 'ব।অফিচ বাদ দিয়া ।ওলোৱা ডাক্তৰৰ তালৈ




সন্ধ্যা বৰা  
নগাওঁ

No comments:

Post a Comment