বেটুপাত

বেটুপাত

Saturday, 10 March 2018

জাৰজ ( দিপাংকৰ ডেকা )


ভিক্ষাৰী মই নহয় ৰাজপথৰ 
ভিক্ষাৰী মই নহয় মনৰ 
ভিক্ষাৰী মই নহয় ধনৰ 
ভিক্ষাৰী মই এষাৰ মাতৰ

তোমাৰ প্ৰেমৰ পৰিণতি মই 
নাই মোৰ পিতৃৰ পৰিচয়
মানুহে হাঁহে জাৰজ হেনো মই 
সেয়েহে লাগে মোক পিতৃৰ পৰিচয়


ৰাজপথে ৰাজপথে ফুৰিছো যূৰি 
পিতৃৰ সন্ধান বিচাৰি 
মানুহৰ বুবু বাবাৰ পৰা পাব মুক্তি 
যূৰি ফুৰিছো দিনে ৰাতি 
শদিয়াৰ পৰা ধুবুৰী

মনৰ দুৱাৰ ৰাখিছো তোমাৰ বাবে খুলি 
আহিবা এদিন আকৌ তুমি যূৰি 
ভাঙি যোৱা সংসাৰ খনি লাগিব ঠিতাপি 
মানুহে হাঁহিব নোৱাৰিব জাৰজ বুলি 
চিনাকি দিম তুমিয়ে পিতা বুলি 
মৰমেৰে লগাম এষাৰ মাত দেউতা বুলি

দিপাংকৰ ডেকা 
দেওমৰনৈ , কপিলী সএ

No comments:

Post a Comment