বেটুপাত

বেটুপাত

Friday, 9 March 2018

দাপোণ (নয়নমণি দত্ত নেওঁগ )


পুৱাৰ সূৰুযৰ 'দছাতি আহি দাপোণখনত প্ৰতিবিম্বিত হৈ শুই থকা 'দালিৰ চকুত চাট্ মাৰি ধৰাত 'দালি সাৰ পাই কুচিমুচি হৈ চকুহালি হাতেৰে মোহাৰি লাহেকৈ বিচনাখনৰ পৰা উঠি আহে।চাওঁ নাচাওঁকৈ তাই লাহেকৈ দাপোণখনলৈ চাই পঠিয়ায়।

    সচাঁকৈয়ে.....'দালিজনী দিনক দিনে সকলোৰে চকুত লগাজনী হৈ পৰিছে।সিদিনা কলেজলৈ প্ৰথম  যোৱাদিনাখনেই বহু 'ৰায়ে তাইলৈ একে থিৰে ' লাগি চাইছিল আৰু সিদিনাখন তাই মোমায়েকহঁতৰ ঘৰলৈ যাওঁতেও বহুজনে তাইলৈ বুলি বিয়াৰ প্ৰস্তাৱো আনিছিল।  
     বহুসময় ধৰি 'দালিয়ে দাপোণখনৰ আগতে ৰৈ কথাবোৰ ভাবি থাকোতে তাই পুনৰ দাপোণখনত নিজকে এবাৰ তলৰ পৰা ওপৰলৈ চাই পঠিয়ায়। কপাললৈ আহি পৰা চুলিখিনি 'দালিয়ে ভালদৰে ঠিকঠাক কৰি পুনৰবাৰ তাই নিজকে এবাৰ চাই লৈ এটি মিচিকিয়া হাঁহিৰে দাপোনৰ আগৰ পৰা আতঁৰি আহে।  

     লৰালৰিকৈ কলৰ পাৰলৈ আহি 'দালিয়ে মাকে বাকি দিয়া চাহকাপ খাই  দেউতাকৰ সৈতে সাপ্তাহিক বজাৰখনলৈ বুলি ওলাই আহে।বাটতে ওচৰৰে ৰমেন দাইটিক লগ পোৱাত তিনিও বজাৰলৈ বুলি খোজ দিয়ে।


    
   পিছে 'দালি মাজনী তোৰ চাগে পঢ়া-শুনা ঠিকেই চলি আছে।
    হয় দাইটি...ঠিকেই চলি আছে আৰু।
    ইয়াৰ পাছত কি কৰিম বুলি ভাবিছ।
    চাওঁচোন পাৰিলে চাকৰি এটাকে বিচৰাত লাগিম বুলি ভাবিছো।
    কিয়.....বিয়া-বাৰুৰ কথা জানো আমাক ভাবিবলৈ নিদিয়।
     সেইটো নহয় দাইটি....আগতে নিজৰ ভৰিৰ ওপৰত থিয় দি লওঁচোন তাৰ পাছত কিবা এটা চিন্তা কৰিম।
     তেনেহ'লে তই বহুত ভাল কথাই চিন্তা কৰিছ মাজনী।
      তেন্তে ককাইদেউ আপুনি 'দালিৰ বাবে এনেই চিন্তা কৰি থাকে।এইয়া এতিয়া আপোনাৰ মুখৰ আগতেই তাইৰ মনৰ কথা সকলোখিনি 'লে।আপুনি মিছাতেই তাইক লৈ চিন্তা কৰি থাকে।

    নহয় ' ৰতন.....আমিবোৰ জানো তাইৰ মাক দেউতাক নহয়।তাইক যদি সোনকালে বিয়াখন দিব পৰা 'লে আমিবোৰ আজৰি 'লহেতেঁন আৰু তাতে ছোৱালী মানুহ।ক' কেতিয়া কি হয় কোনেও ' নোৱাৰে।সেয়ে.........
     তুমিনো দেউতা কিযে কথাবোৰ ভাবি থাকা নহয়।একো নহয় সেইবোৰ।মিছাতে এনে চিন্তাবোৰ কৰি দেহাটো কষ্ট দি আছা।আহা এতিয়া ....বজাৰখিনি কৰি লওঁ  

সচাঁকৈয়ে.....'দালিৰ দেউতাকে তাইক লৈ এনেই চিন্তা কৰিছিল।দিনবোৰ ভালে ভালেই পাৰ হৈছিল।ৰ'দালিয়ে সময়ত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰি স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে তাই গুৱাহাটী মহানগৰীলৈ বুলি ঢাপলি মেলিছিল আৰু তাইৰ মৰমৰ দাপোণখনলৈ চোৱাৰ হেঁপাহ আগতকৈ বাঢ়ি আহিছিল

সময়বোৰ যেন কাৰো বাবে ৰৈ নাথাকে ।ঠিক সেইদৰে 'দালিৰ পঢ়া-শুনা শেষ কৰি তাই বেছি দিনলৈ বহি নাথাকি গুৱাহাটীৰে এটি ব্যক্তিগত প্ৰতিস্থানত কাম কৰিবলৈ লয়।কামৰ হেঁচাত তাইৰ কেতিয়াবা খোৱা বোৱাৰো খেলিমেলি হয় ।তথাপিও 'দালিয়ে সেইবোৰক আওকাণ কৰি নিজৰ কামত ব্যস্ত হৈ পৰে।দিনবোৰ যোৱাৰ লগে লগে 'দালিৰ বন্ধুৰ তালিকাও বাঢ়ি গৈ থাকিল আৰু বন্ধুসকলৰ কথা ৰাখিও তাই যেতিয়াই তেতিয়াই কিছুমান পাৰ্টিত উপস্থিত থাকিব লগাত পৰিল, ' নেকি 'দালিয়ে নিজৰ সম্পূৰ্ণ জীৱন যাপনৰ ধৰণ সলনি কৰি পেলাইছিল আৰু তাইৰ মাক- দেউতাকৰ কথাবোৰ  যেন সময়ত এলাগি হৈ পৰিছিল ।মাথোঁ তাইৰ মৰমৰ দাপোণখনিহে সলনি নহ'ল।  

সময়ো যেন এদিন মানুহক সলনি কৰাৰ লগতে নিজৰ ভুলবোৰো যেন সংশোধন কৰিবলৈ শিকাই থৈ যোৱাৰ দৰে 'দালিয়ে কৰা ভুলবোৰো এদিন তাই সময়ত গৈ বুজি উঠিছিল  
  
যি সময়ত তাই নিজকে সলনি কৰি পেলাইছিল তেনে এটা দিনতে তাই বিশ্বাসত ' পৰা বন্ধুৰ পৰা প্ৰতাৰিত হৈ তাই সৰ্ব্বোচ্চ হেৰুৱাই পেলাব লগা হৈছিল ।যি নেকি তাই বুজন হোৱাৰ দিনৰে পৰা দাপোণখনৰ আগত নিজৰ প্ৰতিবিম্বক চাই আপোন পাহৰা হৈ পৰিছিল তেনে সময়তেই 'দালিয়ে নিজস্বতা হেৰুৱাই পেলাইছিল

    যিজনী ছোৱালীয়ে পুৱাৰ আৰম্ভণি দাপোণখনক লৈ কৰিছিল আৰু সেই 'দালিয়ে দাপোণখনক চাবলৈ এতিয়া ভয় কৰা 'ল।
      এতিয়া 'দালিৰ মৰমৰ দাপোণখনৰ আগত এখন শুকুলা বৰণৰ আঁৰ কাপোৰহে দেখা পোৱা 'ল।

                               

নয়নমণি দত্ত নেওঁগ 
ঢুলীয়াপাৰ, শিৱসাগৰ 
      

No comments:

Post a Comment