বেটুপাত

বেটুপাত

Sunday, 11 March 2018

ঈশ্বৰৰ যেতিয়া ভোক লাগে" ( অত্ৰেয়ী গোস্বামী )

মেঘৰ বুকুৰ আঁহফলা শুকুলাৰ আঁৰত
অনন্তৰ নেদেখা সিটো পাৰত
ঈশ্বৰৰ ঘৰ৷
পৰমান্নৰ ভোগেৰে তেওঁৰ মজিয়াত
খেলিমেলি হৈ পৰি থাকে হাঁহিবোৰ৷
মৰতত সেইদিনা কোনোবা মাইনাৰ
ওপজা দিনৰ উল্লাস৷


ভোক লাগিলে ঈশ্বৰে খাব নোৱাৰে
সময়ৰ অভাৱত কৰ্ফাল খাই পৰে ভোক৷
ঈশ্বৰৰ যেতিয়া ভোক লাগে
স্বৰ্গৰাজ্যত দেৱতাসকলে মেল পাতে৷
সোণৰ থালত বাহু মাছৰ ডাঙৰ টুকুৰা
কাৰোবাৰ চোতালত গিয়াতালিৰ শোকৰ চপৰা৷

ঈশ্বৰৰ ঘৰত হাহাকাৰ
ঈশ্বৰৰ জুহালত তপত ভাতৰ ধোঁৱা
ঈশ্বৰৰ চকুত জুই
ঈশ্বৰৰ পেটত ভোকৰ জ্বালা৷

সৃষ্টিৰ পৃষ্ঠাত আউল লগা পাক
জীৱই নসহে জীৱৰ  বুকুৰ তাপ
ঈশ্বৰৰ সমীকৰণ সমতুল নহয়হে নহয়
বৰগছৰ শিপাত এলজেব্ৰা উন্মুক্ত হয়৷

ঈশ্বৰৰ যেতিয়া ভোক লাগে,আৱেগ সৰে
ঈশ্বৰৰ চকুলো বৰষুণ হৈ নামে৷


অত্ৰেয়ী গোস্বামী
তিতাবৰ,যোৰহাট

মুখ্য সম্পাদকৰ কলমত (দেৱব্ৰত শৰ্মা)



"ফাগুনৰ বা" বোৰ বলি আছে। মদাৰজোপাৰ ফুলবোৰও সৰি সৰি শেষ হৈছেগে। ৰঙৰ উৎসৱ ফাকুৱাৰ মাদকতাত মনবোৰ পৰিপূৰ্ণ হৈ আছে শান্তিৰে।
যদিওবা বিগত মাহটোত আমাৰ  বহুকেইটা উত্থান-পতন হল, আশাকৰো আগন্তক দিনবোৰত বেয়াবোৰ আতৰি যাওক। ফাগুনৰ ধুলিয়ৰী পচোৱাজাকে লৈ যাওক আত্মঘাতী সিদ্ধান্ত লোৱা ব্যক্তিসকলৰ নিকৃষ্ট মানসিকতাবোৰক।

এক নতুন জীৱন সৃষ্টি হওঁক……সৃষ্টি হওঁক উৰ্বৰতাৰ………-ৰূপেৰে আগুৱাই যাওক অসমীয়া যুৱ-শক্তি
শেষ মূ্ৰ্হতৰ এটা ভাল খবৰ……
মানসী চহৰীয়া Voice India Kids চূড়ান্ত বিজয়ী হৈছে। অসমলৈ গৌৰব……
গৌৰববোৰ চিৰদিনৰ বাবে গৌৰবেই হৈ থাকক।
মানসী চহৰীয়ালৈ অশেষ অভিনন্দন।

শেষত সুবাস মুখ্য  সম্পাদকৰ গুৰু দ্বায়িত্ব পালনত হোৱা ভুলৰ বাবে পাঠকসমাজৰ ওচৰত ক্ষমা বিচাৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিলো সুবাস মাৰ্চ মাহৰ ফাগুন বিশেষ সংখ্যাটি।

ধন্যবাদেৰে
দেৱব্ৰত শৰ্মা
মুখ্য সম্পাদক
সুবাস

সম্পাদকীয় (কাজলপ্ৰিয়া)



"আপোনাৰ বৰ্তমান চলি থকা অৱস্থাৰ বাবে নিজৰ ওপৰত পুতৌ কৰি দুখী হৈ বহি থকাটো আপোনাৰ গাত থাকিব পৰা আটাইতকৈ ভয়ংকৰ বদগুন।"                       
                                    (ডেল কৰ্নেগী)


নমস্কাৰ সুধীবৃন্দ
আধুনিকতাই ক্ৰমশঃ গ্ৰাস কৰি অনা এখন পৃথিৱী, সৰহ সংখ্যক মানুহেই পৰিস্থিতিৰ তাড়না হৈ পৰিছে যান্ত্ৰিক। আধুনিকতাৰ ধামখুমীয়াত সফলতা লাভৰ দৌৰত আমিবোৰও যেন হৈ পৰিছো একো একোটা যন্ত্ৰ।  কিহৰ পিছত দৌৰিছো গম নোপোৱাকৈ মাথো দৌৰিছো আমি আৰু এই লক্ষ্যবিহীন দৌৰত হাবাথুৰি খাই কোনো কোনো মুহূৰ্তত হৈ পৰিছো আমি উদভ্ৰান্ত, অকলশৰীয়া,দিকভ্ৰান্ত।
       সেই মুহূৰ্তত হয়তো হতাশাত ভাগি পৰি জীৱনৰ ওপৰত হৈ পৰিছো চৰম বিতুষ্ট, ক্ষোভিত। কিন্তু জীৱনে জানো সহজলভ্য কৰি দিয়ে আমাৰ প্ৰয়োজন! বাধাবোৰে আমাৰ গতি স্থাবিৰ কৰিব পাৰে কিন্তু গতিক স্তব্ধ কৰিব জানো পাৰে!
       কিছু কিছু ক্ষেত্ৰত হয়তো যাত্ৰাৰ গতি মন্থৰ কৰাও আমাৰ বাবে প্ৰয়োজনীয় হৈ পৰে পুণৰ পূৰ্ণগতিৰে জীৱনৰ দৌৰ আৰম্ভ কৰিবলৈ।
      জীৱনক সদৰ্থক ভাৱে আঁকোৱালি লোৱাটোও এটা কলা। সেইবাবেই হয়তো কবিয়ে কৈছে "জীৱন জীৱন বৰ অনুপম মৃত্যু বিজয়ী সাধনা"!
        যিয়ে জীৱনৰ তিক্ততাৰ ওচৰত হাৰ মানি ৰৈ গৈছে তেওঁলোকে পুনৰাই গতি লওঁক। শুভকামনা,
সকলোৰে বাবে।

ধন্যবাদেৰে

কাজলপ্ৰিয়া

সুবাসৰ মাৰ্চ মাহৰ অতিথি জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ "উদয় শংকৰ"


সুবাসৰ মাৰ্চ মাহৰ অতিথি শিতানত আমি সাক্ষতকাৰ লৈছিলো অসমৰ জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ উদয় শংকৰ ডাঙৰীয়াৰ সৈতে .... আহকচোন তেঁওৰ জীৱনৰ কিছুকথা জানো
সাক্ষতগ্ৰহণ :- দেৱব্ৰত শৰ্মা


প্ৰশ্ন :- আপুনি অসমৰ  সাংস্কৃতিক জগতৰ এটা চিনাকি নাম ।এই জগতখনৰ প্ৰতি আপুনি কিদৰে আকৰ্ষিত হল?
উত্তৰ :- আচলতে মই যিখন ঠাইত ডাঙৰ হৈছো সেইখন ঠাই হৈছে গুৱাহাটীৰ মাজমজিয়াত থকা হেঙেৰাবাৰী কালী মন্দিৰ। তাতে আমাৰ ঘৰ আৰু আমাৰ ঘৰৰ কাষতে নৱজ্যোতি যুৱ সংঘ বুলি এটা ক্লাব আছে।
সেই ক্লাবটোৰ সৌজ্যনত নৃত্য, গীত আদিৰ কৰ্মশালা হৈছিল। খগেন গগৈদেৱকে ধৰি বহু পুৰুধা ব্যক্তি তালৈ গৈছিল সেই সময়ত। খগেন গগৈ দেৱে আমাক বিহু শিকাইছিল। কল্যান দা, ৰাজীৱ দা, দীপদা হত আছিল আৰু তেওলোকে আমাক সাংস্কৃতিকভাৱে বহু সহায় কৰিছিল। সীতানাথ লহকৰ ছাৰৰ তত্বাবধানত আমি প্ৰথম মঞ্চ অভিনয় কৰিবলৈ শিকিছিলো।
তেনেকৈয়ে লাহে লাহে আৰ্কষিত হৈছিলো। স্কুলত পঢ়ি থকা সময়ত মই আনন্দ মোহন ভাগৱতী ছাৰৰ ওচৰত সত্ৰীয়া নৃত্য শিকিছিলো আমৰ ঘৰুতো সাংস্কৃতিক পৰিবেশ এটা আছিল যিহেতু দেউতাই আগতে  নাটক কৰিছিল, মোৰ ককাদেউতা সকলোৱে নাটক কৰছিল, গতিকে জন্মসূত্ৰে মই সংস্কৃতি জগতখনৰ প্ৰতি আগবাঢ়িলো বুলি মই ভাবো।

প্ৰশ্ন :- আপোনাৰ জীৱনৰ টাৰ্ণিং পইন্ট কি আছিল সাংস্কৃতিক পৃথিৱীত সফলতা লাভ কৰাত ?
উত্তৰ :-  জীৱনত টাৰ্নিং পইণ্ট বুলি কলে প্ৰত্যেক সময়ত টাৰ্নিং পইণ্টবোৰ বেলেগ বেলেগ হয়। সেই সময়ত হেঙেৰাবাৰী কালী মন্দিৰৰ তাতে মুকলি বিহু হৈছিল।তাতে মই বৰষা ৰাণী বিষয়াক লগ পাইছিলো আৰু বন্ধুত্ব গঢ় লৈ উঠিছিল। আৰু বৰষাক লগ পোৱাটোৱে মই ভাবো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ টাৰ্নিং পইণ্ট   বৰষাৰ জৰিয়তে তেওঁলোকৰ পৰিয়ালৰ সকলো সদস্যক লগ পাইছিলো। সুকুমাৰ বিষয়া আংকলক লগ পাইছিলো আৰু তেওঁলোকৰ ঘৰখনৰ জৰিয়তে মই এই জগতখনলৈ অৰ্থাৎ সংস্কৃতিৰ জগতখনত পোনপটীয়াকৈ প্ৰবেশ কৰিলো।
সেই সময়ত ছবি নাছিল যদিও ছিৰিয়েল আছিল। মই গুৱাহাটী দূৰৰ্দশনৰ দুখন ছিৰিয়েল "স্বৰগম গহনা" কাম কৰাৰ সুযোগ পাইছিলো। আৰু লাহে লাহে বিভিন্ন ষ্টেজৰ অনুষ্ঠান , গীতৰ অনুষ্ঠানবোৰত অংশগ্ৰহণ কৰিছিলো।
তাৰপিছত মই লাহে লাহে অনুষ্ঠানবোৰ কৰি গৈছিলো,নাচিছিলো যদিও নৃত্য নিদেৰ্শক হম বুলি ভবা নাছিলো, সেইটো সময়ত মই জিনি মহলীয়া বা হতক এছিছেণ্ট হিচাপে সহায় কৰিছিলো।
মোৰ জীৱনৰ দ্বিতীয়াটো টাৰ্নিং পইণ্ট বুলি কলে কব লাগিব "মাঘত মামনি বিয়া" চিনেমাখনৰ কথা।চন্দ্ৰ মুদৈ ছাৰৰ পৰিচালনাত চিনেমাখন নিৰ্মাণ হৈছিল আৰু সেইখন চিনেমাত মই প্ৰথম কৰিঅ'গ্ৰাফাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিলো। সেইটোৱো এটা মোৰ জীৱনৰ অন্যতম টাৰ্নিং পইণ্ট। তাৰ ওপৰি মই কাম কৰা আন আন অনুষ্ঠানবোৰ , মোৰ লগত জড়িত হোৱা সকলো ব্যক্তিৰ উৎসাহ, অনু্প্ৰেৰণাবোৰেই মোৰ বাবে একো একোটা নতুনত্ব আনে আৰু এটা এটা টাৰ্নিং পইণ্ট।

প্ৰশ্ন :- বেলেগ ৰাজ্যৰ  তুলনাত অসমীয়া চলচ্চিত্ৰ জগত এতিয়াও যথেষ্ঠ দুৰ্বল এই সম্পৰ্কে চলচ্চিত্ৰ উদ্যোগৰ কেনে ধৰণৰ কৰণীয় আছে বুলি আপুনি ভাৱে?
উত্তৰ : অন্যৰ তুলনাত আমি সচাকৈয়ে এতিয়াও বহুত পিছ পৰি আছো যদিও আমাৰ অসমত এতিয়া বহুত ভাল ভাল কামো হৈ আছে। বহুত নতুন নতুন সুন্দৰ চলচিত্ৰ নিৰ্মাণ হৈছে। কিন্ত তাৰ মাজতে মই এটা কথাই কম যে অকল চিনেমা ভাল হলেই নহব, ' হব লাগিব, আমি তেতিয়াহে চিনেমা চলাব পাৰিম। আমাৰ চিনেমাৰ দৰ্শক ওলাই আহিব লাগিব। যিহেতু আমাৰ বজাৰখন সৰু গতিকে মই ভাবো আমাৰ নিজৰ সমাজখনক লৈ, নিজৰ ছবিখনক লৈ আমাৰ দায়বদ্ধতা থাকিব লাগিব।
"মোৰ মাৰ/ দেউতাৰ ওচৰত পইচা আছে………
"আমাৰ ঘৰৰ পৰা চিনেমাখন প্ৰডিউচ' হৈছে……
"গতিকে মই হিৰ'/ হিৰ'ইন হম

এই মানসিকতাটো এৰিব লাগিব।
সকলোৱে জানি লৈ ,কামবোৰ শিকি লৈ কামত আগবাঢ়িব লাগে। এখন চিনেমা হিট কৰিবলৈ সকলো দিশৰ পৰা মনোগ্ৰাহী হব লাগিব আৰু চিনেনমাখনৰ পৰিচালক, অভিনেতা-অভিনেত্ৰী সকলৰ লগতে কলা-কুশলী সকলোৱে সাবলীল ভাৱে নিজৰ কামখিনি কৰি ৰাইজে বিচৰা ENTERTAINMENT দিব পাৰিব লাগিব।


প্ৰশ্ন :- এগৰাকী শিল্পী হিচাপে বৰ্তমান সময়ত অসমত পেছাদাৰী  নৃত্য শিল্পীৰ ভৱিষ্যত সম্পৰ্কে আপোনাৰ মতামত?
উত্তৰ : - অসমত পেছাদাৰী নৃত্য শিল্পী সকলৰ বৰ্তমানৰ অৱস্থা ভাল। বহুসকল নৃত্য শিল্পীয়ে নৃত্যক পেছা হিচাপে লৈ কাম কৰি আছে আৰু সুন্দৰকৈ ঘৰ চলাই আছে,কিন্ত এইখিনিতে মই এটা কথা কম যে আমি যদি বৰ্তমানৰ পৰা ভৱিষ্যতকৈ লক্ষ্য কৰো তেন্তে কিছু কিছু ক্ষেত্ৰত আমাৰ কিছু বিপদ সমাগত।
আমাৰ কিছুমান  শিল্পীৰ মনত  আজিকালি এট বেপেৰুৱা মনোভাবৰ সৃষ্টি হৈছে। বহুতে আজিকালি পেছাদাৰী শব্দটোৰ ব্যৱহাৰ কৰি বেপেৰুৱা মনোভাৱেৰে কৰ্মকৰা দেখিবলৈ পোৱা গৈছে।
কিন্ত আমি যদি উদ্যোগটি আগুৱাই নিবলৈ হয় তেতিয়াহলে সম্পূৰ্ণ পেছাদাৰী মনোভাৱেৰে কামবোৰ কৰিব লাগিব।

প্ৰশ্ন :- আজি কালি  বহুতো সাংস্কৃতিক জগতৰ লগত জড়িত ব্যক্তিয়ে বিভিন্ন সময়ত বিতৰ্কিত লিপ্ত হয় , সফলতা লাভৰ বাবে বিৰ্তক প্ৰয়োজনীয় বুলি ভাবেনে আপুনি?
 উত্তৰ : -  সফলতা আৰু বিফলতা এজন  ব্যক্তিৰ জীৱনৰ দুটা গুৰুত্বপূৰ্ণ দিশ। বহুতো সফলতাই মানুহক কেতিয়াবা বিপদত পেলোৱা দেখিছো আৰু বহুতো বিফলতাই মানুহক অকণমান হলেও আগলৈ লৈ গৈছে। গতিকে সফলতা বা বিফলতাৰ বাবে বিৰ্তকৰ প্ৰয়োজন বুলি মই একেবাৰেই নাভাবো। সফলতাৰ বাবে প্ৰয়োজন আত্মবিশ্বাসৰ, সফলতাৰ বাবে প্ৰয়োজন যুজি যোৱাৰ অদম্য স্পৃহা থকাৰ। সফলতাৰ বাবে প্ৰয়োজন কষ্টৰ। মোৰ মতে সফলতাৰ বাবে বিৰ্তক কোনোকাৰণতে গ্ৰহণীয় তথা প্ৰয়োজনীয় নহয়।


প্ৰশ্ন :- আজিৰ পৰা বছৰ পিছত আপুনি নিজকে কত চাব বিচাৰে?
উত্তৰ : -  আমাক ভগবানে এনেকুৱাকে বনাইছে যে আমি যিমান পালেও আমাৰ হেপাহ নপলাইগতিকে মই অনাগত দিনত বহু কিবা কিবি আশা কৰো।
বছৰৰ পিছত মই বিছাৰো এখন অসমীয়া চিনেমাত কৰিঅ'গ্ৰাফীৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ( National Award ) বটা আনিবলৈ।

আৰু বছৰৰ পিছত নিজকে মই এজন পৰিচালক হিচাপে চাব বিচাৰো।

প্ৰশ্ন :- আপোনাৰ সফলতাৰ আৰত থকা কোনো বিশেষ ব্যক্তি?
উত্তৰ : -  সফলতাৰ আৰৰ বিশেষ ব্যক্তি বুলি কলে মই কম যে মই এতিয়াও নিজকে সফল বুলি নাভাবো। যিসকল দৰ্শকে ৰাইজে মোৰ কাম আদৰি লৈছে তেওঁঁলোক প্ৰত্যেকেই মোৰ বাবে বিশেষ ব্যক্তি।
আৰু তুমি যিটো প্ৰশ্ন কৰিছা যে কোনোব বিশেষ ব্যক্তি আছেনেকি?? হয় আছে, কিন্ত সেই বিশেষব্যক্তিগৰাকীক বিশেষ হৈয়ে থাকিবলৈ দিয়া। কিয়নো যেতিয়া সকলোৱে গম পাব তেতিয়া সেই বিশেষটো নাইকিয়া হৈ যাব
সেই বিশেষ ব্যক্তিগৰাকীয়ে মোক সদায় কাম কৰিবলৈ উৎসাহ দি আহিছে,অনুপ্ৰেৰণা দি আহিছে।
যাৰ মাতটো শুনিলে মোৰ মনটো ভাল লাগে, যিয়ে এবাৰ কৈ দিলে মোৰ কাম কৰিবলৈ মন যায়।
মই নামটো নকও, তেওঁ সকলোৰে বাবে বিশেষ হৈয়ে থাকক দিয়া। তাৰওপৰি মোৰ পৰিয়ালৰ সকলো ব্যক্তি , মোৰ বন্ধুবৰ্গ সকলোৱে মোক উৎসাহ তথা অনুপ্ৰেৰণা দি আহিছে।

প্ৰশ্ন :- ব্যক্তিৰ জীৱনত প্ৰেম,ভালপোৱাৰ গুৰুত্ব সৰ্ম্পকে আপোনাৰ মতামত।
উত্তৰ : -  প্ৰত্যেকজন ব্যক্তিৰ জীৱনলৈ মৰম ভালপোৱা আহে।মৰম ভালপোৱা বা প্ৰেমক আচলতে সেই ব্যক্তিজনে কেনেকৈ লৈছে সেইটোহে আচলতে ডাঙৰ কথা। কিন্ত মই এটা কথা কও যে আমি কাৰোবাক ভাল পোৱাৰ আগত, কাৰোবাৰ সৈতে প্ৰেম কৰাৰ আগত, কাৰোবাক মৰম কৰাৰ আগত নিজক ভাল পাব লাগিব, নিজক মৰম দিব লাগিব, নিজক সন্মান দিব লাগিব। প্ৰেম ভালপোৱাটো এটা স্বৰ্গীয় অনুভূতি, প্ৰতিটি জীৱৰ মাজত প্ৰেম আছে, পশু-পক্ষীৰ মাজতো প্ৰেম ভালপোৱা আছে, কিন্ত প্ৰেম কৰিলে বুলিয়েই বা প্ৰেম থাকিলেই বুলিয়েই নিজৰ সৰ্বস্ব ত্যাগ কৰি মাথো প্ৰেমৰ লগতেই লাগি থকাটো মই কেতিয়াও সৰ্মথন নকৰো।
আৰু এটা কথা প্ৰফেছনেল আৰু পাৰ্ছনেল কেতিয়াও একেলগ কৰিব নালাগে। প্ৰেমক জখলা হিচাপে মানি লৈ বহুতে বগাইছেও আৰু নিজৰ প্ৰেমকেই সৰ্বস্ব বুলি ভাবি লৈ বহুতো নোহোৱাও হৈ গৈছে।
ভগবানে দিয়া এই স্বৰ্গীয় অনুভূতিক ব্যৱহাৰ কৰি কেতিয়াও কাকো উদ্দেশ্যপণোদিতভাৱে ব্যৱহাৰ কৰিব নালাগে।
প্ৰেমক সদায় প্ৰেম হৈয়ে থাকিবলৈ দিব লাগে।

প্ৰশ্ন :- আপোনি কাম কৰা প্ৰথম এলবামটোৰ  নাম কি আছিল?
উত্তৰ : -  মই কৰা প্ৰথম এলবামটিৰ নাম "বুকুৱে বিচাৰে" ২০০৪ চনত। তাত অভিনয় কৰিছিল জেৰিফা ৱাহিদ, ৰবি শৰ্মা , আৰু কপিল বৰাই

প্ৰশ্ন :- বৰ্তমান আপোনাৰ কি প্ৰজেক্ট চলি আছে?
উত্তৰ : -  বহুকেইখন অসমীয়া ছবিৰ কাম চলি আছে। যতীন বৰাৰ নিজৰ প্ৰডাকচ'নৰ বেনাৰত "ৰত্নাকৰছবিখনৰ কাম চলি আছে। "ইপাৰ-সিপাৰ" নামৰ ছবিখনৰ কামো মই কৰি আছো।  তাৰোপৰি মই বহুকেইটা মিউজিক ভিডিঅ' এলবামৰ লগত জড়িত হৈ আছো।
মোৰ নিজৰ নৃত্য অনুষ্ঠান "জংকাৰৰ" উৎদ্যোগত এটি নৃত্য আৰু অভিনয়ৰ কৰ্মশালা আৰম্ভ হব এপ্ৰিল মাহৰ তাৰিখৰ পৰা জুন মাহৰ ২৯ তাৰিখলৈ। তাৰ লগত বিশেষ ভাবে জড়িত থাকিব লগীয়া হৈছে।


প্ৰশ্ন :-সাংস্কৃতিক পথাৰত নতুনকৈ খোজ পেলাব বিচৰা সকললৈ আপোনাৰ কবলগীয়া
উত্তৰ : -  সংস্কৃতিৰ পথাৰত নতুনকৈ খোজ পেলাব বিচৰাসকললৈ মই কম যে তেওঁলোকে প্ৰথমে কামখনি শিকি লওক,তাৰ পিছত কাম আৰম্ভ কৰক।
এইখন এখন ডাঙৰ পথাৰ ,গতিকে এই পথাৰখনত প্ৰথম খোজটো দিওতে আমি দ্বিতীয় খোজটো কত দিম তাক জানি বুজি, আনুসংগিক শিক্ষাখিনি লৈ আগবাঢ়িলে নিশ্চয় ভাল হব বুলি মই ভাবো।

প্ৰশ্ন :- আপোনাৰ নিজেই বহু জনপ্ৰিয় গীতৰ নৃত্য নিৰ্দেশনা কৰিছে। কিন্ত নিজৰ কামৰ উপৰিও আপোনাৰ  কোনজন কৰিঅগ্ৰাফাৰৰ কাম ভাল লাগে?
উত্তৰ : -  পংকজ ইংতিৰ কথা মই কব বিচাৰিম। নতুনসকলৰ ভিতৰত চিকন্দৰৰ কাম মোৰ ভাল লাগে,ৰিণ্টুৰ কামবোৰো ভাল হৈছে। সৰু 'ৰা যদিও ভাল কাম কৰিছে তেখেতে।

প্ৰশ্ন :- আপোনাৰ আৰ্দশ ব্যক্তি কোন ?
উত্তৰ : -  মোৰ আৰ্দশ ব্যক্তি বুলি কলে মই কব লাগিব সুকুমাৰ চিনহাৰ কথা। তেওঁ মোৰ পেহা তথা এজন প্ৰখ্যাত হোমিওপেথিক ডাক্তৰ। তেখেতক মই সৰুৰেপৰা পাইছো আৰু তেখেত ' মোৰ জীৱনৰ এজন উল্লেখযোগ্য ব্যক্তি, যিজন ব্যক্তিক দেখি, তেওঁৰ কৰ্মৰাজীৰ পৰা অনুপ্ৰেৰণা লৈ মই সদায় আগবাঢ়ি আহিছো। আৰু এজন মোৰ আৰ্দশ ব্যক্তি আছে তেওঁ হল সুভাষ চন্দ্ৰ।


প্ৰশ্ন :- আজৰি সময়ত কি কৰি ভাল পায়?
উত্তৰ : -  আজৰি সময় মই খুউব কম পাও , প্ৰায়ে ব্যস্ত থাকো তথাপিও অলপমান আজৰি পালেই আজিকালি মই শুই খুউব ভালপাও। কিয়নো প্ৰায়ে কামৰ বাবে মই শুবলৈ নাপাও,গান শুনি উজাগৰী ৰাতি পাৰ কৰিব লগীয়া হয়। গতিকে প্ৰায়ে আজৰি পালেই শুবকৈ চেষ্টা কৰো। মই খানা বনাই খুউব ভাল পাও,লগৰ বন্ধু লগত আদ্দা মাৰি বৰ ভাল পাও।



প্ৰশ্ন :- আমাৰ আলোচনী সম্পৰ্কত  দুৱাষাৰ কব চোন।
উত্তৰ : -  সুবাস মোৰ PERSONAL FAVORITE. সুবাস আলোচনীখনৰ প্ৰকাশ হোৱাৰে পৰা মই পঢ়ি আহিছো। মই এটা কথা কও যে সুবাস আলোচনীখন আৰু ফেচবুক পেজটিয়ে অতি নিকা তথা স্বচ্ছ মনোভাবে অসমৰ সাহিত্য আৰু সংস্কৃতিৰ জগতখনত আগবাঢ়ি গৈছে। তেওঁলোকে সস্তীয়া জনপ্ৰিয়তাৰ পিছত নগৈ সুন্দৰভাৱে গুণগতভাৱে উন্নত গীত -ভিডিঅ' প্ৰচাৰ তথা প্ৰসাৰ কৰিছে।

সুবাস আলোচনীখনৰ লগত জড়িত  সমূহ সদস্যবৃন্দক এই আপাহতে মই ধন্যবাদ জনইছো কাৰণ তেওলোকে মোৰ মনৰ কথাখিনি প্ৰকশ কৰাৰ এটা সুযোগ মোক দিলে।


সুবাস আলোচনীখনৰ আৰু উন্নতি হওক, অসমৰ সাংস্কৃতিক তথা সাহিত্য জগতলৈ  সুবাস কঢ়িয়াই আনক নিতৌ - সুবাস।

প্ৰতিজন বিষয়ববীয়াক অভিনন্দনেৰে ………

ধন্যবাদেৰে সুবাসৰ পৰিয়াল