বেটুপাত

বেটুপাত

Friday, 23 February 2018

প্ৰেম আৰু ভেলেন্টাইন ডে

  প্ৰেম এক স্বৰ্গীয় অনুভূতি ৷ ইয়াক দেখা পোৱা বা স্পৰ্শ কৰিব পৰা নাযায়, মাথো হৃদয়েৰে অনুভৱহে কৰা হয় ৷ ই মানৱ হৃদয়ৰ গভীৰতম অংশৰ পৰা প্ৰকাশ পোৱা এক বিশেষ অনুভূতি ৷ দুখন ভিন্ন হৃদয়ৰ মাজত মৰম, আৱেগ, বিশ্বাস, সততা আৰু বুজাপৰাৰ সাঁকো গঢ়ি তুলি ইয়াৰ অনুভৱে মানুহৰ অন্তৰৰ সকলো কলুষতা আঁতৰাই ইয়াক পৱিত্ৰ কৰি তোলে ৷ এইয়াই প্ৰকৃত ভালপোৱা বা সঁচা প্ৰেম ৷

          প্ৰকৃত ভালপোৱা প্ৰিয়জনৰ প্ৰতি চিৰকাল প্ৰবাহিত হৈ থাকে ৷ তাৰ বাবে কোনো নিৰ্দিষ্ট দিন, বাৰৰ প্ৰয়োজন নাই ৷ প্ৰকৃত প্ৰেমে প্ৰিয়জনৰ পৰা বিচাৰে মাথো মৰমেৰে ভৰপূৰ এখন হৃদয় ৷ তথাপিও প্ৰত্যেক বছৰে ১৪ ফেব্ৰুৱাৰীৰ দিনটো প্ৰেমিক-প্ৰেমিকা সকলে “ভেলেন্টাইন ডে” হিচাপে উৎযাপন কৰে ৷ বৰ্তমান অসমতো ইয়াৰ ব্যাপৰ প্ৰয়োভৰ দেখিবলৈ পোৱা যায় ৷ নৱপ্ৰজন্মৰ প্ৰেমিক-প্ৰেমিকা সকলে বহু ধুম-ধামেৰে পাৰ্ক, ৰেষ্টোৰেন্ট বা কোনা বিলাসী হোটেলত “ভেলেন্টাইন ডে”ৰ আয়োজন কৰে ৷ আমাৰ অসমৰ প্ৰেমিক-প্ৰেমিকা সকলে আনক অনুকৰণ কৰি এই দিৱসৰ উৎযাপন কৰে হয়, কিন্তু তেওঁলোকৰ ৮০ শতাংশই হয়তো নাজানে এই “ভেলেন্টাইন ড”ৰ ইতিহাস ৷

          “ভেলেন্টাইন ডে” পোন প্ৰথমে ৰোমান সাম্ৰাজ্যত পালন কৰা হৈছিল ৷ একবিশং শতিকাৰ পৰা অসমতো ইয়াৰ প্ৰভাৱ পৰিছে ৷ “ভেলেন্টাইন ডে”ৰ উৎপত্তি সম্পৰ্কে কেইবাটাও কাহিনী শুনিবলৈ পোৱা যায় ৷

          এক কাহিনী মতে, এজন যুৱকে ৰোমৰ জেলত বন্দী অৱস্থাত থাকোতে এগৰাকী জেলৰক্ষীক ভালপাইছিল ৷ বিভিন্ন কাৰণৰ অজুহাতত তেওঁলোকে প্ৰায়েই নিৰ্জন ঠাইত লগ হৈ প্ৰেমালাপ কৰিছিল ৷ কিন্তু দূৰ্ভাগ্যবশত তেওঁলোকৰ প্ৰেমে পূৰ্ণতা প্ৰাপ্তিৰ পূৰ্বেই যুৱকজনক মৃত্যুদণ্ড দিয়া হয় ৷ মৃত্যুৰ আগেয়ে প্ৰেমিক যুৱকজনে তেওঁৰ প্ৰেমিকালৈ একাধিক চিঠি লিখিছিল আৰু চিঠিৰ শেষত তেওঁৰ নিজৰ নামটো ভেলেন্টাইন বুলি লিখিছিল ৷ এই প্ৰেমিকজনৰ প্ৰতি সন্মান জনাই তেওঁৰ মৃত্যুৰ দিনটো ৰোমত “ভেলেন্টাইন ডে” হিচাপে পালন কৰিবলৈ লয় ৷  
 
         অন্য এক কাহিনী মতে, ভেলেন্টাইন ডেৰ প্ৰকৃত নাম “চেইন্ট ভেলেন্টাইন ডে” ৷ চেইন্ট ভেলেন্টাইনৰ কাহিনীৰ ওপৰত ভিত্তি কৰি ১৪ ফেব্ৰুৱাৰী দিনটো ৰোমত “ভেলেন্টাইন ডে” হিচাপে পালন কৰা হয় ৷ চেইন্ট ভেলেন্টাইন আছিল এজন খ্ৰীষ্টান ধৰ্মগুৰু ৷ ২৭০ খ্ৰীষ্টাব্দত ৰোমান সাম্ৰাজ্যত তেওঁ জন্মগ্ৰহণ কৰিছিল ৷ তেওঁ আছিল একাধাৰে গীৰ্জাৰ পাদুৰী আৰু চিকিৎক ৷ খ্ৰীষ্ট ধৰ্ম প্ৰচাৰৰ অভিযোগত ৰোমান সম্ৰাট দ্বিতীয় ক্লাডিয়াসৰ আদেশ মৰ্মে চেইন্ট ভেলেন্টাইনক কাৰাবন্দী কৰা হৈছিল ৷

          জেলত থকা সময়ত তেওঁ প্ৰচুৰ প্ৰেম ভাবযুক্ত চিঠি লিখিছিল ৷ সেইসময়ত তেওঁ জেলত থকা এগৰাকী অন্ধ কাৰাৰক্ষী ছোৱালীক চিকিৎসা কৰি পুনৰ ছোৱালীজনীৰ দৃষ্টিশক্তি ঘূৰাই আনিছিল ৷ এই ঘটনাৰ পাছত চেইন্ট ভেলেন্টাইনৰ জনপ্ৰিয়তা বৃদ্ধি পাবলৈ ধৰে আৰু তেওঁৰ এই জনপ্ৰিয়তাত ইৰ্ষাম্বিত হৈ ৰোমান সম্ৰাটে তেওঁক হত্যা কৰে ৷ সেই দিনটো আছিল ১৪ ফেব্ৰুৱাৰী ৷ মৃত্যুৰ পূৰ্বে তেওঁ সেই ছোৱালীজনীলৈ এখন মৰ্মান্তিক চিঠি লিখিছিল আৰু শেষত লিখিছিল -- “ফৰ্ম ইয়োৰ ভেলেন্টাইন” ৷ সেই ঘটনাৰ সূত্ৰে তেওঁৰ নামানুসাৰে পোপ প্ৰথম জুলিয়াস সিজৰে ৪৯৬ খ্ৰীষ্টাব্দত ১৪ ফেব্ৰুৱাৰী দিনটো ৰোমত “চেইন্ট ভেলেন্টাইন ডে” হিচাপে ঘোষণা কৰে ৷ পৰৱৰ্তী কালত এই দিনটো প্ৰেমিকা-প্ৰেমিকা সকলৰ মাজত “ভেলেন্টাইল ডে” হিচাপে পৰিচিত হ’বলৈ ধৰে ৷ 
ৰিম্পী গগৈ
জগন্নাথ বৰুৱা মহাবিদ্যালয়

No comments:

Post a Comment