বেটুপাত

বেটুপাত

Tuesday, 27 February 2018

সুবাসৰ এই মাহৰ অতিথি



                       সুবাসৰ এই মাহৰ অতিথি শিতানত জনপ্ৰিয় শিল্পী  প্ৰসেনজিৎ লাহন

আপুনি অসমৰ সংগীত জগতৰ এটা চিনাকি নাম ।সংগীতৰ জগতখনৰ প্ৰতি আপুনি কিদৰে আৰ্কষণ হল?

উত্তৰ :- সৰুৰে পৰা সংগীতক ভাল পাইছিলো, স্কুলীয়া অৱস্থাৰ পৰা সংগীত ভাল পাইছিলো। ৰেডিঅ', টেপ শুনিছিলো। মোৰ ঘৰৰ কাষতে অসমৰ বিখ্যাত গীটাৰবাদক বিৰিঞ্ছি বৰগোঁহাই আৰু ৰাজেন কাকতিৰ ঘৰ। মই সৰুৰে পৰা ৰাজেন কাকতিৰ ওচৰত গীটাৰ শিকিছিলো।

আপোনাৰ জীৱনৰ টাৰ্ণিং পইন্ট কি আছিল সংগীতৰ পৃথিৱীত সফলতা লাভ কৰাত ?

উত্তৰ: মই ১৯৯২/৯৩/৯৪ তিনিবছৰ একেৰাহে জগন্নাথ বৰুৱা কলেজত শ্ৰেষ্ঠ গায়ক আছিলো।
১৯৯৩ চনত  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ-মহোৎসৱত শ্ৰেষ্ঠ গায়ক আছিলো। ১৯৯৪ চনত মোৰ প্ৰথম এলবাম মুকলি কৰিছিলো যদিও টাৰ্নিং পইণ্ট বুলি কলে প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা "ৰিঙা ৰিঙা মন"  এলবামখনত জুবিন গাৰ্গৰ কণ্ঠত মই লিখা আৰু সুৰ কৰা গীতকেইটা ৰাইজে আকোৱালি লোৱাৰ পিছতেই মোক মানুহে চিনি পোৱা হল


এগৰাকী শিল্পী হিচাপে বৰ্তমান সময়ত অসমত পেছাদাৰী গায়ক তথা শিল্পীৰ ভৱিষ্যত সম্পৰ্কে আপোনাৰ মতামত?


উত্তৰ: মই সদায় ইতিবাচক ভংগীৰে কথাবোৰ চাওঁ, আজিৰ তাৰিখত সংগীতক পেচা হিচাপে লব পাৰি,কিন্ত সেই শিল্পীজনে সেই ধাৰা কিদৰে জীয়াই ৰাখে সেইটোহে আচল কথা।

এগৰাকী শিল্পী হিচাপে আপোনাৰ সমাজৰ প্ৰতি দায়বদ্ধতা কি?

উত্তৰ: এজন শিল্পীৰ সমাজৰ প্ৰতি দায়বদ্ধতা থাকিবই লাগিব, যিহেতু শিল্পীজনক সাধাৰণ জনতাই অনুসৰণ কৰে।
শিল্পীসকলে সদায় ভাল কাম কৰিব লাগে, মই বৰ্তমান যোৰহাট সাংস্কৃতিক মঞ্চৰ সাধাৰণ সম্পাদক আৰু আমি এই অনুষ্ঠানটিৰ জৰিয়তে সাংস্কৃতিক তথা সামাজিক কাৰ্য্য যেনে বৃক্ষৰুপন, ৰক্তদান, বানপীড়িত সকলক সাহাৰ্য্য প্ৰদান এনেধৰণৰ কাম কৰি আহিছো

আজি কালি নতুন বহুতো শিল্পীয়ে বিভিন্ন সময়ত বিতৰ্কিত লিপ্ত হয় , সফলতা লাভৰ বাবে বিৰ্তক প্ৰয়োজনীয় বুলি ভাবেনে আপুনি?

উত্তৰ: সফলতাৰ বাবে বিৰ্তকৰ কোনো প্ৰয়োজন নাই। ভাল গানৰ সমাদৰ সদায়েই  আছে আৰু আগলৈও থাকিব।

আজিৰ পৰা বছৰ পিছত আপুনি নিজকে কত চাব বিচাৰে?

উত্তৰ: আগন্তক সময়খিনিত মই আৰু ৫০টা নতুন জনপ্ৰিয় গীতৰ জন্মদাতা হিচাপে নিজকে চাব বিচাৰো।

আপোনাৰ সফলতাৰ আৰত থকা কোনো বিশেষ ব্যক্তি?

উত্তৰ: মোৰ মা-দেউতা, পত্নী, পৰিয়াল তথা বন্ধু-বৰ্গৰ লগতে মোৰ অন্তৰআত্মা।

ব্যক্তিৰ জীৱনত প্ৰেম,ভালপোৱাৰ গুৰুত্ব সৰ্ম্পকে আপোনাৰ মতামত।

উত্তৰ: প্ৰেম লাগিবই, কিয়নো প্ৰেমবিহীন জীৱন শূন্যৰ দৰে।

আপোনাৰ প্ৰথম বাণীবদ্ধ হোৱা গীতটো কি আছিল?

উত্তৰ:  "এতিয়া জ্বলিছে নিশাৰ জোনাকী তৰা"

 যোৰহাট অনাঁতাৰ কেন্দ্ৰত পৰিবেশন কৰিছিলো।

বৰ্তমান আপোনাৰ কি প্ৰজেক্ট চলি আছে?

উত্তৰ: বৰ্তমান ৰহেদৈ মুক্তি পালে, জুবিন গাৰ্গ আৰু বৰ্ণালী কলিতাৰ কণ্ঠত হীৰাদৈ অতি সোনকালে মুক্তি পাব আৰু নীল আকাশ আৰু পাৰবীন হুচেইনৰ কণ্ঠত আচুতীয়াকৈ মুক্তি পাব।

সংগীতৰ পথাৰত নতুনকৈ খোজ পেলাব বিচৰা সকললৈ আপোনাৰ কবলগীয়া

উত্তৰ: ভালকৈ গীত শিকক আৰু অসমৰ ৰাইজক ভাল গীত উপহাৰ দি যাওক

আপোনাৰ নিজৰে বহু জনপ্ৰিয় গান আছে। কিন্ত নিজৰ গানসমূহৰ উপৰিও আপোনাৰ  কোনজন গায়কৰ গান শুনি ভাল লাগে?

উত্তৰ :জুবিন গাৰ্গ আৰু অংগৰাগ পাপন মহন্ত

আপোনাৰ ভাললগা গীতটো কি ?

"কভী কভী মেৰে দিল মে খেয়াল আতা হে"

আপোনাৰ আৰ্দশ ব্যক্তি কোন ?

উত্তৰ :আব্দুল কালাম

আমাৰ আলোচনী সম্পৰ্কত  দুৱাষাৰ কব চোন।
ধন্যবাদেৰে সুবাসৰ পৰিয়াল

উত্তৰ :সুবাসৰ প্ৰতিটো পদক্ষেপ আধুনিকতাৰ চাপ থকা। সেই আধুনিকতাই নতুনত্বৰ পৰশত সদায় যাতে সুবাস বিলাই যায় তাৰে শুভকামনা যাচিলো।

সুবাস সকলোৰে আদৰৰ আৰু মৰমৰ হওঁক।


সাহ্মাৎ গ্ৰহণ :- দেৱব্ৰত শৰ্মা

No comments:

Post a Comment