বেটুপাত

বেটুপাত

Thursday, 22 February 2018

হে কাপুৰুষ

তুমি যুগে যুগে ভালপোৱাৰ শ্ৰেষ্ঠ খুনি হৈ আছা 
আছিলা আৰু থাকিবা … 
তোমাৰ ওচৰত পোৱা নাই কোনো নাৰী বিশ্বাসৰ সন্মান !
তোমাৰ বাৱে আজিও  নি:শব্দে কান্দি গাৰু তিতাই কত ৰমনীয়ে !
হে কাপুৰুষ …
আজিও কিয় নহ'ল তোমাৰ চৰিত্ৰৰ পৰিবৰ্তন ?
কিয় পোৱা নাই কোনোও আজি সেই তোমাৰ বন্ধন ?
তুমি কি আজীৱন ঘৃণিত হৈ কবৰস্থ হ'ব তোমাৰ আবেগ আৰু  ভালপোৱা
হে কাপুৰুষ কোৱাচোন তুমি কিয় এনেকুৱা ?
তোমাৰ নিজস্বতা লৈ তুমি কি গৰ্বিত ! 
আৰু কত ঘৃৰ্ণিত হলে তোমাৰ আবেগ সাৰু পাই জাগি উঠিব নে তুমি তাতেও ধন্য হ'বা ?
যুগে যুগে তোমালোকে আহিছা কাপুৰুষ হৈ আহিছা বুলিয়ে 
আমিবোৰে বীৰৰ ৰচীঁডাল ধৰিব পাৰিছোঁ 
আৰু সেই বাৱে তোমালোকে ঘৃনাৰ সুৱাস পায় গৈ আছা !
তোমালোকৰ হিচাপৰ বহীত পোৱাৰ অংকটোয়ে বেছি …
বৰঞ্চ সেই পোৱাটো কিহৰ ভাবিছা কি কেতিয়াবা ?
পোৱা যদি হয় ঘৃনাৰ তেন্তে সেয়া কিহৰ সুখ কোৱাচোন !"
পাশবিক আনন্দ পায় সেইসকলেই যিসকলৰ মনুষ্যত্বটো আৰু এতিয়া জীয়াই থকা নাই …
হেজাৰ সমবেদনা থাকিল তোমালোকলৈ ।।
 ৰবি আলী সেখ

No comments:

Post a Comment