বেটুপাত

বেটুপাত

Friday, 23 February 2018

কৃষ্ণচূড়াৰ দেশৰ সেই মৰমলগা ল'ৰাজন

কৃষ্ণচূড়াৰ দেশৰ তুমি এ একমাত্ৰ মৰমলগা ল'ৰা,
   মাৰিলা হিয়াত মোৰ প্ৰেমৰ বা-মাৰলী, 
 তোমাৰ নিলভ চকুজুৰি, 
 আৰু পাহাৰী জৰ্ণাৰ দৰে হাহিটিৰে তুলিলা মোক বলীয়া কৰি।

 হয়তো হব পাৰে তোমাৰ লক্ষ লক্ষ অনুৰাগী, 
 তথাপিও ময়ো নিজকে উপস্থাপন কৰো তোমাৰ প্ৰেয়সী বুলি ।
সেই বাবেই চাগে হাজাৰ ব্যস্ততাৰ মাজতো কেতিয়াবা অৱসৰ লও নিজৰ মাজৰ পৰা 
  আগবাঢ়ো কৃষ্ণচূড়াৰ সুবাস বিচাৰি, 
  কেতিয়াবা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মুখত 
 নাইবা জালুকবাৰী বাচস্তপৰ ওচৰত 
 হাজাৰ জনসমুদ্ৰৰ মাজতো মোৰ চকুজুৰিয়ে বিচাৰে তোমাক, 
কিজানিবা লগ পাই যাওঁ নভবাকৈ তোমাক ঠিক দুষ্মন্তই নভবাকৈ শকুন্তলাক লগ পোৱাৰ দৰেই ।
 আৰু কেতিয়াবা বিশ্ববিদ্যালয়ৰ সন্মুখেৰে অহা যোৱা কৰোঁ, 
নাইবা জালুকবাৰী প্ৰতিখন বিপনীতে সোমাই হেৰাই যাওঁ কিতাপৰ মাজত  
কিজানিবা পাই যাওঁ তোমাক বেটুপাতৰ শিৰোনামাত "কৃষ্ণচূড়াৰ দেশৰ সেই মৰমলগা  ল'ৰাজন....!"
আস্মা ইয়াছমিন

No comments:

Post a Comment