বেটুপাত

বেটুপাত

Thursday, 22 February 2018

ৰাধাই জানে প্ৰেম মানে কি

মাজনীও যে  নহয়। কি কি যে কৰি থাকে। ৰাতি দেৰিকৈ শোৱা অভ্যাস টো মোৰ কলেজীয়া দিনৰে। এতিয়া কলেজ এৰা ইমান কেইবছৰ হ'ল যদিও বাৰটা বজাৰ আগত নিদ্ৰাদেৱীৰ আগমন নহয় আৰু। 
তাতে কালি নীলাভ বৰুৱাৰ নতুন উপন্যাস "যাত্ৰিক "খন পঢ়ি থাকোতে সময় বোৰ কেনেকে পাৰ হৈ গ'ল পাত্তাই নাপালো। কিবা যেন যাদু আছে নীলাভৰ লেখনিত। তেওঁ লিখা প্ৰতিখন উপন্যাসৰ পাততে মই নিজকে যেন বিছাৰি পাঁও।

কিতাপ খন টেবুলত থৈ টাৱেল খন লৈ ল'ৰালৰিকৈ বাথৰুমত সোমালো। মুৰত টাৱেলখন মেৰিয়াই মিউজিক প্লেয়াৰ টো অন কৰিলো। পংকজ উধাছৰ গজল সুৰতো বুকুতে লৈ লাইফ চাইজ আইনাখনৰ সন্মুখত ৰৈ মুৰটো ফনিয়াবলৈ লৈছোহে তেনেতে আকৌ মাৰ চিঞৰ। মামন চাহি চোন । খবৰত কি ওলাইছে।

কেইদিন মানৰ পৰা তেঁওৰ নতুন অভ্যাস এটা  হৈছে। খবৰ কাগজখন মেলি লৈ চিঞৰি চিঞৰি দেশ দুনীয়াৰ কথা মোক কৈ যায়। মামন শুনিছনে ট্ৰাম্পৰ বোলে....

 অ মা ক'
 এইটো আমাৰ তাৰ চলিহা চাৰৰ ল'ৰা অম্লান নহয় নে।
অম্লান। তাৰ ফটো আকৌ কাগজত কিয় ওলাব। কিবা দুৰ্নীতিৰ কেছত সোমোৱা নাইতো।যোৱা বাৰটো সি ইউ পি এছ ছি পাইছিল।

এহ্। এইজনী কি গাই থাক' অ'। সি কিবা বঁটা পাইছে। এইয়া চা।

সি আকৌ কি বটাঁ পালেনো? তুমি বেলেগ কিবা দেখিলা চাগৈ। 
নহয় অ' চা এইটৌ অম্লানেই হয়।

মাৰ বকবকনি শুনিয়েই পেপাৰখন চালো। হঠাতে সেই বাতৰিটো দেখি ঠৰ লাগিলো। 

জনপ্ৰিয় ঔপন্যাসিক নীলাভ বৰুৱালৈ সাহিত্য অকাডেমী বটাঁ। তলৰ ফটোখন চাইহে মই হতভম্ব হ'লো। এইমূহুৰ্তত যদি ভগবানেও হঠাতে দেখা দি মোক শুধিলেহেতেঁন " হেৰা বাসবী । খবৰ কেনে?" তেতিয়াও ইমান আচৰিত নহলো হেতেন।

কিন্তু নীলাভ বৰুৱাই অম্লান । ই কেনেকৈ সম্ভব। মই বহুবাৰ তেখেতৰ লেখনিৰ প্ৰশংসা কৰি ফোনকৰিছো তেঁওলৈ। হোৱাটএপটো প্ৰায়ে কথা পাতো প্ৰিয় লিখকজনৰ লগত।কিন্তু ইমান এটা ডাঙৰ কথা মোৰ পৰা সি লুকাই ৰাখিলে!
**************************************

অম্লান। হাঁহি এটা অনবৰত পিন্ধি থকা প্ৰচুৰ জীৱনীশক্তিৰে ভৰা ল'ৰাটো। কলেজৰ অন্যতম জনপ্ৰিয় ব্যক্তিত্ব আছিল।

সৰুৰে পৰাই তাৰ নাম শুনি ডাঙৰ হৈছো। একেখন স্কুলত নপঢ়িলেও চোকা ল'ৰাটোৰ কথা আমাৰ অঞ্চলত সকলোৰে মুখে মুখে আছিল। 
মেট্ৰিক পাছ কৰাৰ পাছৰে পৰা আমি একেখন কলেজত পঢ়িছিলো।
 
সপোন দেখিব জনা এটা জীৱন মুখী কিশোৰ। ফৰফৰাই অনৰ্গল কথা গাই থকা ল'ৰা টোৰ প্ৰতি মোৰ প্ৰথম দিনা  দেখা দিনাই এক অজানা মোহ জাগিছিল। বুকুত লৈ ফুৰা নদীখনৰ বাবে যেন ইমান দিনে বিছাৰি থকা সাগৰখন।

একেখন বাছতে আমি কলেজলৈ অহা যোৱা কৰা হ'লো। ক্ৰমশঃ সি যেন মোৰ ওচৰ চাপিবলৈ ধৰিলে। খুলি দিব ধৰিলে হৃদয়ৰ জপনা খন।

এটা সাংঘাটিক ভাল ৰিজাল্টেৰে সি কলেজৰ দেউনা পাৰ হৈছিল।সপোন দেখি ভাল পোৱা ল'ৰাটোৱে সপোনবোৰো দেখিছিল ডাঙৰ কৈ। সপোননৰ লগত খেলি অহা ল'ৰাটোৱে যে সপোনবোৰৰ বাবেই মোকো বাদ দিব পাৰিব এই কথা মোৰ সপোনৰো অগোচৰ আছিল।

ৰিজাল্ট ওলোৱাৰ দুদিন ভানৰ পাছতে সি আমাৰ ঘৰ ওলাইছিলহি। একো কথা অবতাৰণা নকৰাকৈয়ে সি চিধা চিধি মোক কৈছিল" ব'লা দিল্লীলৈ যাও । তাতে একেলগে পঢ়িম আমি। তুমিও দেখা সপোন। নিজকে মই বান্ধি ৰাখিব নিবিচাৰো এই মচফচল চহৰ খনৰ ভিতৰতে। মই বিছাৰো বিশ্বখন চাবলৈ। তুমিও ওলোৱা মোৰ লগত।"
 
কিন্তু মোৰ মনটোৱে মনা নাছিল একমাত্ৰ মাক অকলশৰে এৰি দিল্লীলৈ যাবলৈ।
তাৰ হাজাৰ বুজনিৰ পাছতো মই অবুজন হৈ ৰৈ গৈছিলো নিজৰ মতত অটল হৈ। লগৰ খিনিয়ে বুজাইছিল। কিন্তু মই যেন অবুজন হৈ পৰিছিলো সেই দিনবোৰত।

তাৰ পিছৰে পৰা আমাৰ মাজত সম্পৰ্কবোৰ ভাগিছিল। বহুবাৰ মন গৈছিল তাক এবাৰ চাবলৈ। কিন্তু জেদী মনটোৱে বিছৰা নাছিল তাৰ ওচৰত সৰু হ'ৱলৈ। 

সি ঘৰলৈ আহিলে বাকী সবৰে ঘৰলৈ গৈছিল যদিও মোৰ এটাও খৱৰ কৰা নাছিল।লাহে লাহে অতীত হ'ব ধৰিছিল সি। কিন্তু হৃদয়খনৰ কোনোবা এটা চুকত বিষ এটা কঢ়িয়াই লৈ ফুৰিছিলো কোনোৱেই নজনাকৈ।

হয় । এইটো অম্লানেই হয়। বাৰ বছৰ নেদেখাকৈ থাকিলেও পাহৰিব নোৱাৰো তাৰ ডাঠ চেলাউৰিযোৰৰ  তলৰ উজ্বল চকুহালি। তাৰমানে অতদিনে মোক মহা মূৰ্খ বনাই থলে সি ।লগাও নলগাকৈ ফোনটো লগালো।

হেল্ল' মই নীলাভ বৰুৱাই কৈছো।

সিমুৰত ..... 

মই বাসবী। চিনি পাইছানে?

 অ' বান্দৰী  ক । 
জাঁপ মাৰি উঠিলো তাৰ মুখত এই শব্দটো শুনি।আপোনা আপুনি ওলাই গ'ল মুখৰ পৰা
:তোৰ চুলি চিঙিম ৰ'।

বিয়া কৰালি।

নাই। 

তই

নাই অ'। সময়ে পোৱা নাই
মোলৈ বিয়া হ'বি?

অসভ্য কৰবাৰ।

 ওঁঠটো দাঁতেৰে কামুৰি কাষতে ৰৈ থকা মালৈ চালো। ফেলেকৈ মুখদি অকৰা হাঁহি এটা ওলাই আহিল। 

তেতিয়া মিউজিক চিষ্টেমত বাজি আছিল ৰাধাই জানে , ৰাধাই জানে প্ৰেম মানে কি?...
 
কৌশিক ৰঞ্জন বৰা
দেৰগাঁও
ফোন:৮৬৩৮৫৬৪৯৩৮

No comments:

Post a Comment