বেটুপাত

বেটুপাত

Friday, 23 February 2018

গল্পৰ দৰে

"তুমি ফুলকুঁৱৰী,হাঁহিচম্পা,ৰহিমলা......."---
কৈ কৈ হাঁহি উঠে সি।তাইৰ মুখখন ফুলি উঠে অভিমানত,, 
--" এইবোৰ নাম দি নামাতিবনা।মই আপোনাৰ অকল মৰম হয়।"
সি হাঁহে কোমলকৈ।তাইক কয়--"উমম,,মৰম তুমি,, মোৰ মৰম।"
.....................
নিশাবোৰে উজাগৰী ঠিকনা লয় ,, কথোপকথনবোৰ আগুৱাই যায় উশাহৰ ফাঁকে ফাঁকে।দূৰত্বখিনি নগন্য হৈ পৰে এই ভালপোৱাৰ ওচৰত।
"ভালপাওঁ"--- সি কয় তাইক
"উমমম ভালপাওঁ"---তাইৰ মাতত সীমাহীন আৱেগ‌।
জানে দুয়ো,, সাধাৰণতে ভালপোৱা মানে নিয়ম,চুক্তি, প্ৰতিশ্ৰুতিৰ পূৰ্ণৰূপ........... অথচ সিঁহত আজিলৈকে প্ৰতিশ্ৰুতিবদ্ধ নহল,,কোনো নিয়মৰ আৱৰ্তলৈ নাহিল।মাথো জানে,,ভালপাই পৰস্পৰক।তাতকৈ বেছি জনাৰো প্ৰয়োজনবোধ নকৰে।কাৰণ ভালপোৱা যে কেৱল ভালপোৱাই।
অকনমাণি এজনী হৈ তাৰ ওচৰত কলকলাই থাকে তাই,,পৃথিৱীয়ে পাগলী আখ্যা দিয়া তাইৰ সৰল মনতোক সি বুজে,,তাই কয় তাক--
"শুনকনা......."
সি কয়--"কোৱানা..."
তাৰপাছত তাই কৈ যায় মনত ৰৈ থকা কথাবোৰ,, কোনেও নুবুজা কথাবোৰ।সি বুজে,,সি শুনে....তাইক পুনৰ কয় আলফুলে---
"মোৰ মৰম" !!!


দিনতোৰ ব্যৱস্থা,, কষ্টখিনিৰ পাছতো তাইৰ নামত ৰাতিবোৰ উজাগৰী কৰে সি,,তাই ৰৈ থাকে .... সি আহৰি পোৱালৈ,,তাৰ এষাৰ মাতলৈ--
"মৰম"........
তাৰপাছত তাৰ সমস্ত কষ্ট,, সৃষ্টিৰ তাড়নাত হোৱা কষ্টখিনিক নিজৰ কৰি কমাব খোজে তাৰ ভাৰখিনি,,ভালে ৰাখিব খোজে তাক।
তাই কষ্ট পায়,, কেতিয়াবা কৈ উঠে সি---"
মই যদি মৰি থাকো!!"
উচুপি উঠে তাই,,তাক বহুত বেছি বেয়াপাবৰ মনযায় সেইসময়ত।অথচ নোৱাৰে,, ভালপাই যে,,আৰু তায়ো জানে,,ভালপোৱাখিনিৰ বাবেই তাৰ একো নহয়।সি ভালে থাকিব।


বিবাহ নামৰ বন্ধনত বান্ধিত হোৱাৰ চুক্তি আজিলৈকে কৰানাই দুয়ো,,এই ভালপোৱাৰ চুক্তি মাত্ৰ এটাই,,আমৃত্যু পৰ্যন্ত ভালপাই থকাৰ।তাই প্ৰতিপল আছে তাৰ বাবে,,সি আছে তাইৰ বাবে...সৃষ্টিৰ তাড়নাৰ ব্যস্ততাৰ মাজৰে আহৰিখিনিক তাইৰ নামত দি।তাইৰ নিস্বাৰ্থ ভালপোৱাখিনিৰ এটাই কামনা...সি ভালে থাকক সদায়,, জীৱনৰ দুখবোৰ তাইৰ কোলালৈ আহক।আগুৱাই যাওক সি,,বিচৰা পৰ্যায়লৈকে .......


সি ভালে থাকিব,
তায়ো ভালে থাকিব তেতিয়া...
চুক্তিবিহীন এই ভালপোৱাৰ এটাই মাথো চুক্তি.... ভালপাই থকাৰ... মাত্ৰ ভালপোৱাৰ....
 ৰ'দ ৰাগিনী

No comments:

Post a Comment