বেটুপাত

বেটুপাত

Friday, 23 February 2018

সেউজীয়া পাতৰ কাহিনী

সেউজীয়াবোৰ, তেওঁলোকৰ আপোন
ওখ শিৰিষ গছৰ মাজে মাজে 
এটি কলি দুটি পাতৰ
সেউজ ধৰাৰ সেউজীয়া ৰং
জীৱনৰ ৰহস্যময় আনন্দ 
সেউজ সম্পৰ্ক ঘনত্ব, অৱয়ব স্থায়িত্ব 
সুখবোৰ প্ৰাপ্তিৰ বিমূৰ্ত সত্য |

 চাহ গছৰ মাজে মাজে 
মাদল ধ্বনিৰ চেৱে চেৱে 
সাৰ্ৱজনীন মন্দ্ৰ কন্ঠস্বৰ 
উলাহত মতলীয়া হৈ 
নৃত্যাংগন কৰে ডেকা-গাভৰুৱে |

ৰ'দ-পানী, মাটি - বতাহ আৰু সেউজ 
অনিৰ্ব্বাণ স্বপ্নালি আভা 
অণ্ঠে -কণ্ঠে, দেহে - মনে 
য'ত ৰক্তিমতা,
জীৱনৰ উদ্বিগ্নতা 
নিত্য জীৱনৰ নিখিল গতিশীল |

সেউজীয়াবোৰ তেওঁলোকৰ আপোন 
সেউজীয়াক লৈ ৰচে ন সপোন 
সেউজীয়াই বিৰিঙাই সুখৰ হাঁহি 
তেওঁলোকৰ জীৱন যেন 
সেউজীয়া পাতৰ কাহিনী |
 
বিদ্যুৎ বৰুৱা 
কাজিৰঙা মহাবিদ্যালয় 
বোকাখাত 
দূৰভাষ : ৮৪৮৬৫২৬৫৫১

No comments:

Post a Comment