বেটুপাত

বেটুপাত

Thursday, 22 February 2018

বালিমাহীঁ

আপোনাৰ শপত মিছাতে নলঁও
আপুনি বৰষুণ মই ৰ'দ
আপুনি আকাশৰ জিলিকা নক্ষত্ৰ
মই নদীৰ গহ্বৰৰ এচতা শিল

মই দুখৰ পাগুৰি পিন্ধা 
আপুনি সুন্দৰ বিশাল ফুলনিৰ দৰে
আপোনাৰ কেতিয়াবা বেজাৰ লাগিব পাৰে
মই আপুনি নহঁও বা আপুনিও মই হব নোৱাৰে
বননিৰ অহংকাৰে ওখ গছক নুচুৱে
মৃত্যুৰ নদীৰ ওপৰেদি সাকোঁ সজাৰ আমি সপোন দেখো
যদিওবা মই আপোনাৰ অনন্তকাল প্ৰেমিক হব নোৱাৰো

ওপজা মাটিৰ ধুলি মাকতিৰে মোৰ দেহ
আপোনাৰ হাঁহিৰ তাজমহলত
জিৰাবলৈ তেজক মাটি কৰো

আপুনি উৰিব খোজা বালিমাহীঁ 
মোৰ শিল যেন ওঁঠত ভুতৰ এন্ধাৰ
ডেউকা খহা এন্ধাৰৰ সৈতে 
ৰ'দ বিচাৰি বাটকুৰি বালো
আপোনাৰ শপত মিছাতে নলঁও
আপুনি বৰষুণ মই ৰ'দ…
 সৌৰভজ্যোতি

No comments:

Post a Comment