বেটুপাত

বেটুপাত

Friday, 23 February 2018

আজি মোৰ মৃত্যু হ’ব

চোৱা চোৱা মেঘনা 
গুণ গুণকৈ মেঘৰ পৰা নামিছে বৰষুণ ,
খিলখিলাই হাঁহি পল্লৱিত হৈছে বিৰিখ ৷
নদীখনে ভাবিছে গাভৰু হ’ম বুলি ,
খিলখিলাই উঠিছে নদী ...

আজি হেনো পৃথিৱীত শেষ বৰষুণ ৷
মেঘনা ,
সকলো সহিব পাৰো 
কিন্তু তুমিহীনতাত থাকিব নোৱাৰো , শপত ৷
কিবা যাদু কৰিলা নেকি ?
বুকুতযে অবিৰাম গতিৰে দাৱানল জ্বলে ...
শপত মই মিছা কোৱা নাই ,
তোমাৰ উৰন্ত চুলিত মোৰ সপোনৰ বিষ্ফোৰণ ৷
ভাবিলে ভয়ো লাগে ভালো লাগে ,
তুমি ইমান অভিমানী ...

ক’ত থাকা ? মোৰ সপোনত ৷
কি কৰা ? ভাও ভাকুটি ধৰি সপোন ৰচা ৷
মেঘনা আহাঁ বৰষুণত তিতো ,
ইমান লাজ নে ?
চোৱা চোৱা এয়া হেনো শেষ বৰষুণ !
তিতো এবাৰ আহাঁ একেলগে ...

মোক ঘিন কৰা তুমি !
মই কাষলৈ গলে সঘন উশাহৰ সতে ক্ৰুধৰ নৈ বয় ,
তোমাৰ বুকুত !
মোৰ বুকুত ৰাতি ৰাতি উফন্দি উঠে সাগৰ 
তোমাৰ নামত ৷
চোৱা মই হাহিঁছো ,
মই হাহিঁছো হাঃ হাঃ হাঃ হাঃ

মোৰ ওঁঠত সাৰে থাকে তোমাৰ নাম উজাগৰী ৰাতি ৷
কি ! তুমি মোৰ কাষলে আহিছা ?
নাকান্দিবা মেঘনা ,
তুমি কান্দিলে মই মৰি যাম ৷
আৰু তুমিতো জানাই 
মৃত্যু মোৰ বাবে ৰৈ আছে প্ৰতি নিয়ত 
মোৰ দূৱাৰ দলিত ...
তেজত কেঞ্চাৰ , শিৰা উপশিৰাত কুটকুটাই কেঞ্চাৰে

মই কান্দো 
ভুল নুবুজিবা 
মই কান্দো তোমাক কন্দোৱাবলৈ নহয়
এয়া শেষ বৰষুণ 
তিতি লওঁ আহা একেলগে ,
শেষবাৰলে ...
আদিত্য গগৈ
নকছাৰি , যোৰহাট 
ফোন : ৯৯৫৭০৪৩৪০৫

1 comment: