বেটুপাত

বেটুপাত

Friday, 23 February 2018

মৰম আকাংক্ষী মোৰ হৃদয়

মনপৰশা এজাক বৃষ্টি তুমি,
আহিছিলা মোৰ আমঠুলৈ।
তোমাৰ আগমত আমঠুৰ গোপন কোঠালি,
প্ৰেমত ৰঙীন হৈছিল।
তোমাৰ অভিমানী মৰমে,
মোৰ আমঠুক মৰম আকলোৱা কৰিলে।
তোমাৰ কথা ভাবি ভাবি মই এতিয়া এজন মানসিক ৰোগী,
শয়নে সপোনে মাথো তুমি আহি আমনি কৰা।
মোৰ নিসংগতাৰ সুযোগ লৈ বহুতে মোক ব্যংগ কৰে,
সৌটো চা ব্যৰ্থ প্ৰেমিক বুলি।
তোমাক মোৰ মৰম আকাংক্ষী হৃদয়ৰ লগৰি কৰিব বিছাৰো,
পাৰ কৰিব বিছাৰিছো আমাৰ নিৰিবিলি সময়খিনি হাঁহিৰে।
তুমি আহিবা বুলি মই অপেক্ষাৰত.......॥
 
উদয় আদিত্য বৰুৱা
 ঠিকনা : গহপুৰ
 ৯৮৫৯২৭৬৭৪৩

No comments:

Post a Comment