বেটুপাত

বেটুপাত

Friday, 23 February 2018

এখন ৰামধেনু আঁকিম দুয়ো

তোমাৰ মৰমৰ নীলাবোৰ,
বুকুত শিপোৱা ঘন নীলাবোৰ,
আমাৰ প্ৰেমৰ সেউজীয়াবোৰ,
লাহে লাহে আঁতৰি যোৱা উদাসীনতাৰ হালধীয়াবোৰ,
সপোনৰ কমলাবোৰ,
মনৰ ৰঙচুৱা চকী বিলাসী কৰা বেঙুনীয়াবোৰ,
আৰু তোমাৰ দেউতাৰাই মনত পুহি ৰখা
অভিমানৰ কিছু ৰঙা আনি
দুয়ো এখন ৰামধেনু আঁকিম…৷
য’ত ৰংবোৰে থিতাপি ল’ব নিগাজিকৈ ৷৷
 
জয়ন্ত দাস
ফোনঃ8638399496

No comments:

Post a Comment