বেটুপাত

বেটুপাত

Monday, 26 February 2018

হেৰুৱাৰ মাদকতা

হয়তো আৰু কোনোদিনেই লিখা নহব
তেওঁৰ নামত
আমাৰ সৰু সৰু মৰম অভিমানবোৰ যোগ কৰি
প্ৰেমৰ কবিতা৷
হেৰুৱাৰ মাদকতা কিমান কষ্টকৰ
তেওঁ হয়তো নুবুজিব
কাৰন
হৃদয় ভঙাজনেহে জানিব ইয়াৰ পৰিমান কিমান ভয়ংকৰ৷
অকন অকনকৈ অভিমানবোৰ এৰুৱাই আনিলো
তেওঁৰ কাষৰ পৰা৷
তেওঁ নামৰ ডায়েৰীখন মই পুৰি পেলাব লৈছিলো সিদিনা,
হঠাৎ স্মৃতিবোৰৰ চকু চলচলীয়া
হয়তো তেওঁলোকৰ কষ্ট হব জুইৰ তাপ লবলৈ৷
সেইবাবেই তেওঁৰ নামৰ ডায়েৰীখন আজিও জ্বলোৱা হোৱা নাই
হৃদয়ৰ ভিতৰৰ যিডোখৰ ঠাইত থাকিব লাগিছিল
হয়তো তাতেই আছে,
মাথো বহুদিন চাফা কৰা হোৱা নাই বাবেই
তেজবোৰ গোট মাৰি ডায়েৰীখন পুৰণা হৈছে
সেইবাবেই আজিকালি বুকুখন বৰ বিষ হয়,
অসহ্য বিষত ডাক্তৰৰ বিলাসী দৰৱ খাই
কোনোমতে বিষটো দমাই ৰাখো৷
এনেদৰেই বিষবোৰ সহ্য কৰি
সপোনৰ তুলিকা আকোঁ বুলিয়েই
বহুদুৰ আগবাঢ়ি আহিলো৷
সদায় তেওঁৰ এটা ফোনকলৰ বাবে অপেক্ষা কৰো যদিও
কামনা নকৰো কোনোদিন তেওঁ মোৰ হোৱাৰ৷
হঠাৎ ফোনটো বাজি উঠিল ৰাতি ১১বজাত
তেওঁৰ নামৰ ৰিংটনটো
বাৰিষা ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধুতি
মোক নাপালে মৰি যাম বুলি কোৱা মনত পৰেনে অৰুন্ধুতি
এন্ধাৰ ফালি অহা তেওঁৰ নামৰ ফোনকলটোৰ সহাৰি দিলো-
হেল্ল...হেল্ল...হেল্ল একো মাত নামাতা যে,ফোন কৰিছা কথা কবলৈ সাহস নাই নে কি?
বহু সময় মৌন হৈ তেওঁ কৈ উঠিল
:“ওমম শুনিছো,অলপো সলনি নহলা তুমি,খং কৰিব জানা বাবেই খং কৰা নে অন্য কিবা? আটচা বাদ দিয়া টুপনি অহা নাই?”
:“টুপনি? কেতিয়াবাই বিদায় ললে তেওঁ মোৰ পৰা,আজিকালি জানানে নিশা বহু দেৰিলৈকে মোৰ টুপনি নাহে ,আৰু যদি আহেও সপোনৰ ভয়ত মই চকুৱে নুমোদো৷কাৰন সেই সপোনত যে আন কোনো নাহে কেৱল তুমি আহা৷যি তুমিয়ে শিকালে মোক বিষাদ ভাল পাবলৈ,চকুপানী ভালপাবলৈ আৰু নিসংগতাক সংগী কৰিবলৈ৷
:“হমম...খঙটো এতিয়াও আগৰ সেই তুমিজনীৰ দৰেই আছে৷এতিয়া অৱশ্যে খঙৰ লগত অকনমান ঘৃণাও মিহলি কৰি লৈছা৷ অই...শুনাচোন মোলৈ বাৰু তোমাৰ কেতিয়াবা মনত পৰেনে?”
:“কব নোৱাৰো! কিন্তু কাৰোবাক যে মনত পেলাই মাজৰাতিলৈকে বিচনাত চতফটাই একমাত্ৰ গাৰুটোক সংগী কৰি চকুপানীবোৰ নষ্ট কৰি থাকো সেইটো সচাঁ৷
:“আজিলৈকে কাকোৱে ভাল নালাগিলনে?”
:“....কাৰোবাক ভাল লাগিবলৈ ভালপোৱাবোৰ দেখোন তোমাৰ ওচৰতেই পাহৰি আহিলো,ঘুৰাই আনিবলৈ যাবলৈও বাটবোৰ মলিন হৈ আছে৷সময় উলিয়াই এদিন যাম দিয়া সকলোবোৰ ঘুৰাই আনিবলৈ তোমাৰ পৰা৷
:“আৰু যদি সকলোবোৰ মোৰ ওচৰতে ৰাখি তুমিবোৰক আপোন কৰি ৰাখি মোৰ ভুলবোৰক সুধৰাই পেলাও তেতিয়া? পাৰিবানে চিৰদিনৰ বাবে মোৰ হৈ ৰবলৈ?”
:“তোমাৰ কথা বন্ধ কৰা অৰুনাভ,অসম্ভৱবোৰৰ মিচা আশা আৰু মোক নিদিবা,মই নিসংগতাতে অত্যন্ত সুখী,তুমি তোমাৰ সপোনবোৰক সময় দিয়া,মই আৰু তোমাৰ হব নোৱাৰিম ৷চৰি.......”
খং ৰাগ অভিমান সকলোবোৰ লগ কৰি
ফোনকলটো কাটি অৱস হৈ পৰিলো
 বিচনাৰ এচুকত৷
হেপাঁহ পলুৱাই সিদিনা চকুপানীবোৰ উলিয়াই দিছিলো
উশাহবোৰ ঘুৰাবলৈ বৰ কষ্ট হৈছিল৷
ৰাতি ঠিক ১বজাত জোনাক আকাশক সাক্ষি কৰি
তেওঁৰ নামৰ ডায়েৰীখন সিদিনা 
একেবাৰেই পুৰি পেলালো

হৃদয়ৰ জুইৰ উত্তাপত

স্বপ্না ফুকন

No comments:

Post a Comment