বেটুপাত

বেটুপাত

Friday, 23 February 2018

তোমালৈ বুলি

আজি তুমি যোৱা দুটা বছৰে হ'ল
তুমি যোৱাৰেপৰা কবিতা লিখিবলৈ পাহৰিলো.
হয়তো জীৱনৰ সংজ্ঞা হেৰুৱাই পেলাইছো...
আনে কোৱাৰ দৰে তুমি সুখী চাগে
প্ৰসাধনে আৱৰা সেই সুন্দৰীৰ লগত||
এইবাৰ শিৱৰাত্ৰিৰ দিনা তুমিও ভাঙোৱা হৈ থাকিবা নেকি??
নাই নাই তুমি তেনে নকৰা 
কাৰণ সেইদিনা তুমি এহাতে গোলাপৰ মুঠি
আৰু এখনত শ্বপিং মলৰ 
আটাইতকৈ এক্সপেন্চিভ গিফ্ট লৈ 
বিলাসী ৰেস্টুৰাৰ একচেটীয়া টেবুলত বহি প্ৰতিশ্ৰুতিবদ্ধ হ'বা নানান প্ৰেমৰ প্ৰতিশ্ৰুতিৰে|||কাৰণ সেইদিনা হেনো ভেলেন্টাইন দে,....

তুমি দিয়া গোলাপপাহ আজিও কিতাপৰ ভাজতে আছে,
ভেলেন্টাইন দে' বুলি দিয়া গোলাপপাহ মৰহি যোৱাৰ বাবে হয়তো আমাৰ ভালপোৱাবোৰো....
অহ' তুমি ভাবিচা চাগে 
ফুলপাহৰ লগত ভালপোৱাৰ কি সম্পৰ্ক !!!!!
নাই একো সম্পৰ্ক নাই 
সম্পৰ্ক আছে কিতাপৰ ভাজঁত থকা ফুলপাহ আৰু শেতা পৰা মোৰ হৃদয়ৰ |
তুমি যোৱা দিনটোৰেপৰা মোৰ ওঁঠৰ ভাঁজত এটি বিষাক্ত হাঁহিয়ে ৰহন সানিলে,
কিয় বুলি নুসুধিবা..
কাৰণ সদায়টো বাৰিষা নহয় 
বৰষুনৰ টোপালেৰে চকুলো ঢাকিবলৈ ||
বৰকৈ মনত পৰে তোমাৰ অনৰ্গল কথাবোৰ
কাৰণ আজি তুমি নাই এষাৰ মাত দিবলৈও..
তোমাৰ ভাষাত কবলৈ গ'লে 
"নাউ উই আৰ স্ট্ৰেন্জাৰ্চ"...
আজিলৈ সামৰি ৰাখো শব্দৰ মালিতাবোৰ 
লিখিবলৈ শব্দৰ দোৱাতত চিয়াঁহী নাই..
অহ' আৰু শুনা
ভেলেন্টাইন দে'ৰ ফ'টো কিন্তু ফেচবুকত আপ্ লোড কৰিব নাপাহৰিবা
ৱেইট কৰিম 
সুখ সুখ লগা তোমালোকৰ মুখ দুখন চাবলৈ ||\
 নাচৰিণ আহমেদ

No comments:

Post a Comment