বেটুপাত

বেটুপাত

Tuesday, 27 February 2018

সম্পাদকীয়



"মদাৰ ফুলৰ হৃদয় জ্বলি জ্বলি
আকাশ ৰাঙলী
তথাপিও কিয় বাৰু উদাস ফাগুন
মৌন হৈয়ে ল।"
              (নিবেদিতা হাজৰিকা)

নমস্কাৰ পাঠক বৃন্দ 
এইয়া সৰাপাতৰ বতৰ,
ফাগুন।
নতুনক আদৰিবলৈয়ে টো ত্যাগ কৰা যায় পুৰণিক, লঠঙা ফাগুণে যে কাণে  কাণে  তাকেই কৈ যায় আমাক! সেই ৰাস্তা ভৰি সৰি পৰা শুকান পাতবোৰ, হঠাতে আচল উৰুৱাই নিয়া বতাহজাক, নগ্ন গছবোৰত পুৰাটন ভাষ্কর্যৰ দৰে ওলমি ৰোৱা মদাৰৰ টিকটিকিয়া ৰঙা ফুল কেইপাহ! সকলোবোৰ জানো ফাগুনৰে প্ৰতীক নহয়! ফাগুণক লৈয়ে যে কত কবিৰ কত কবিতা কত সাহিত্যৰ সৃষ্টি।
      ফাগুণৰ এক নিজা সৌন্দৰ্য্য আছে, আছে শেষ হোৱাৰ পিছতো নৱ আৰম্ভণিৰ প্ৰতিশ্ৰুতি, সেইবাবেই ফাগুন অনন্য।
      কিন্তু  ফাগুণৰ সৌন্দৰ্য্য উপভোগ কৰোতে আপোনালোক সকলোয়ে শাৰীৰিক দিশটো গুৰুত্ব দিব কিয়নো ফাগুনৰ শুকান বতৰে শৰীৰত নানা বেমাৰ আজাৰৰো সৃষ্টি কৰে, অলপ অসাৱধানতাতে  উপভোগ্য ফাগুণো হৈ পৰিব পাৰে বেদনাময় সেইবাবে ফাগুণক উপভোগ কৰক কিন্তু অলপ সাৱধানে।
   অলপতে বলিউডত মুক্তি পালে এখন সামাজিক ছবি  "পেদমান" ছবিখনে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে কাৰণটো হল ছবিখনত আগেয়ে কেতিয়াও মুকলিকৈ আলোচনা নোহোৱা বিষয়, মহিলাৰ মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত ব্যৱহৃত হোৱা চেনিটেৰী নেপকিনৰ বিষয়ে দেখুৱা হৈছে। বৰ্তমান সময়লৈকে নৱ প্ৰজন্মৰ পৰা ছবিখনে যথেষ্ট সমাদৰ লাভ কৰিছে কিন্তু  এতিয়াও নাৰীৰ মাহেকীয়া ঋতুস্ৰাৱৰ স্বাভাৱিক প্ৰাকৃতিক পৰিঘটনাক ধৰ্ম আৰু লজ্জাৰ আবেষ্টনীৰে ঘৃণনীয় আখ্যা দিব খোজা এচাম অন্ধবিশ্বাস আৰু কু সংস্কাৰত ডুব গৈ থকা মানুহৰ ওপৰত ছবিখনে কিমান দূৰ প্ৰভাৱ পেলাবলৈ সক্ষম হব সেইয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব।
      দুদিনমানৰ অগা পিছাকৈ আৰম্ভ হৈছে ছাত্ৰ জীৱনৰ উল্লেখযোগ্য পদক্ষেপ উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এই আপাহতে সকলো পৰীক্ষাৰ্থী  আৰু অভিভাৱকলৈ অশেষ শুভেচ্ছাঁ জ্ঞাপন কৰিলো।
       আৰু দুদিনমান পিছতেই আৰম্ভ হব ফাগুনৰ উৎসৱ ফাকুৱা আৰু দৌল উৎসৱৰ। আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিম আমি সকলো। এই ৰঙৰ উৎসৱে একতা আৰু ভাতৃত্ববোধেৰে বান্ধ খোৱাওক সকলোকে
       
সকলোলৈকে ৰঙৰ উৎসৱৰ ৰঙীন শুভকামনা। নমস্কাৰ
     
ধন্যবাদেৰে
কাজলপ্ৰিয়া
ম্পাদিকা
সুবাস