বেটুপাত

বেটুপাত

Saturday, 13 January 2018

"জুবিন" এক অপৰিসীম পৃষ্ঠাৰ অভিধান

দুহাত দাঙি মুক হৈ পৰিছিলো
মই তোমাৰ আকাশময়তাত
জপাওঁ বুলিও জপাব পৰা নাছিলো
মোৰ দুচকু
বিন্দুৰ পৰা সিন্ধুলৈ তোমাৰ যাত্ৰা দেখি
থৰ লাগি ৰৈছিল মোৰ দৃষ্টি ..
কৈশোৰ যৌৱনৰ সন্ধিক্ষণত এনে লাগিছিল
তুমি যেন মোৰ অনুভূতিৰ জলন্ত সুঁতি
তোমাৰ গীতৰ প্ৰতিটো শব্দই লাহে লাহে
ভৰপক কৰিছিল মোৰ যৌৱনৰ ভেটি
তুমি যেন এখন মুকলি গ্ৰন্থ
বিচাৰিলেই পাব পাৰোঁ তাত
হেৰাই যোৱা জীৱনৰ ছন্দ
তোমাৰ কণ্ঠৰ আৱাহনে মুক্ত কৰিব পাৰে
হাজাৰ জনৰ ৰুদ্ধ কণ্ঠ
আজিকালি প্ৰায়ে দেখোঁ
বিতৰ্ক হৈ পৰিছে তোমাৰ অন্য ৰূপ
আচলতে কি জানা ?
তেওঁলোকে চাগে নাজানে
কেচা সোণতকৈ জুয়ে পোৰা সোণৰ
উজ্জ্বলতা কিমানযে অধিক
তোমাৰ সম্ভাৱনাৰ সঁচাকৈয়ে সীমা নাই
গীত ,কবিতা,চিত্ৰ,নাট আৰু যে কত কি
ইমানৰ পিছতো কেতিয়াবা তোমাক
কৰে নেকি উদাসীনতাই আমনি ?
নে ক্ষণিকৰ বাবে "স্তব্ধতা" তোমাৰ
কেৱল জিৰণি  ?
তোমাৰ সফলতাক সম্ভাষণ জনাবলৈ
বিশাল জনসমাগমৰ মাজত বাৰে বাৰে
স্তব্ধ হৈছে মোৰ গতি
হাত জোকাৰি তোমাৰ দৃষ্টিগোচৰ হবলৈও
সম্ভাষণসূচক শব্দৰ বাবে
মোৰ অভিধান তেনেই চুটি
' পাহৰিছিলোয়েই ,সিদিনা যে কৈছিলা
তুমি ,তোমাৰ গীতৰ হব পাৰে সমাপ্তি
ভাৱি ভাৱি শুব পৰা নাছিলো গোটেই ৰাতি
ৱাটছ্ আপ্ ,ফেচবুক খুলিব নোৱাৰিছিলো
সকলোতে তোমাৰেই স্মৃতি
মনে মোৰ বাৰে বাৰে কৈছিল
এনেকৈ কেতিয়াও নপৰে তোমাৰ
গীতৰ যতি
হয়তো সেইয়া আছিল এটা নতুন যাত্ৰাৰ
বাবে তোমাৰ ক্ষন্তেক বিৰতি
তোমাৰ উচ্চতাৰ বাবে আকাশৰে
নালাগে চুক্তি ,
সূৰ্যটো দেখোন নিজেই তোমাৰ গীতৰ
উজ্জ্বলতম্ পংক্তি 
তোমাৰ সফলতাৰ প্ৰাচুৰ্য্যতাত ধ্বনিত হৈছে
দেশৰ চুক কোণ অবিৰত
হয়তো এদিন সমগ্ৰ পৃথিৱীৰ বুকু
গৰ্বত ওফন্দি উঠিব তোমাৰ বাবে
আৰু সেই দিনটোতে হয়তো হাজাৰ ভিৰৰ
মাজত থকা মোৰ স্তম্ভিত হাত দুখনে
লৰচৰ কৰিব ,
সমাপ্তি ঘটিব তোমাৰ যাত্ৰা দেখি থৰ হোৱা
মোৰ মুক অৱস্থা
আৰু চিঞৰি চিঞৰি আকাশ বতাহ
একাকাৰ কৰি কম.....
তুমি সঁচাকৈয়ে যুগান্তৰৰ ৰণুৱা ঘোঁৰা
আকাশে,সাগৰে,জোনাকে,
'দালিয়ে
কেৱল তোমাৰেই বতৰা
মোৰো মনৰ তুমি একেটি ভোটাতৰা
নিশ্চিত ভাৱে আহিব এনে এটা দিন
সমগ্ৰ জাতিৰ বাবে
বাদ নপৰিব সেই সকলও
যাৰ বাবে তুমি মাজে মাজে পৰিধান কৰা
বিতৰ্ক নামৰ পোছাকজোৰ
সিদিনা গোটেই পৃথিৱীয়ে উল্লাসত গাব
তোমাৰেই জয়গান,
মন্দিৰৰ মন্ত্ৰধ্বনিৰ দৰে বিয়পি পৰিব
ব্যক্তিকেন্দ্ৰিকতাই ঠাই নোপোৱা
ইউক্লিপটাছৰ দৰে উচ্চ ,
মাউণ্ট এভাৰেষ্টৰ দৰে বক্ষ...
সেইখন পৃষ্ঠাভৰা অভিধান...
নাম যাৰ তুলনাবিহীন ..
"তেওঁ"আপোনাৰ, মোৰ অতি আদৰৰ ...
        জুবিন .......
               
 তুলিকা দেৱী
 নগাঁও


No comments:

Post a Comment