বেটুপাত

বেটুপাত

Saturday, 13 January 2018

অপ্রকাশিত প্রেম

ক্লান্ত ভৰিৰে ঘুৰো
চহৰৰ অলি গলি বোৰত ,
মোৰ দুভৰিৰ অভ্যস্ত
অস্বস্তিত পাৰ হৈ আহিলো
তোমাৰ ঘৰৰ পদুলী
আজি খ্রীষ্টমাষ্ট ডে।
তোমাৰ ওঠৰ স্পর্শ সদৃশ
চুমিম ওৱাইনৰ বতল
পোহৰৰ ধিমিক-ধামাক সন্ধ্যাত, মোৰ মনৰ আকাশ ডাৱৰীয়া
তোমাৰ চুলিৰ ৰেচমী পোহৰত মুখ লোকায় মোৰ;
সৰগ পৰী তুমি,
মই হেৰুৱাই যাও,
তোমাক প্রকাশ নকৰা
ভালপোৱা শব্দৰ যুক্তাক্ষ বোৰত ।।


ধর্মেন্দ্র ডেকা

৯৯৫৪৫১৮৩৪৩

No comments:

Post a Comment