বেটুপাত

বেটুপাত

Saturday, 13 January 2018

বিৰাগ


এটা ঋতু আছিল
তোমাৰ মৌনতাৰ পৰা শব্দ নিগৰিছিল
এজাক বৰষুণ হৈ
সেই বৰষুণত তিতি ধুইছিলো মোৰ
বিমূৰ্তবোৰ,বদনামী দুখৰ কৰালবোৰ
আকাশত নীৰমুখী চৰাই উৰিছিল ,
সিহঁতৰ ডেউকাত গাঁথি দিছিলো
 মোৰ স্বপ্নাকুল চিত
তোমাৰ মনৰ অভ্যন্তৰত
ক্ৰমান্বয়ে সোমাই গৈ
জিৰণিৰ ৰাঘৰত ক্লান্তিৰ অৱসান
নিয়াইছিলো মই ৷৷
★★★★★★
এটা ঋতু আহিছে
তোমাৰ শব্দৰ বৰষুণত ভৰি পৰে
মোৰ বুকু মৌনতাৰে,
ৰৌদ্ৰজ্জ্বল সূৰ্য লুকাই কলা মেঘৰ বুকুত
ক্ৰমান্বয়ে মুক্ত কৰো নিজকে মই
তোমাৰ বুকুৰ শিমলু তুলাৰ উমৰ পৰা ৷৷
মুকবধিৰ শৰীৰটোৰ অন্তঃভাগত
চিঞৰৰ বিকৃত আস্ফালন হয়
ক্ৰমশঃ মই হৈ পৰো
বাহ্যিক বিলাসী এটা মেচিন ৷৷

জয়ন্ত দাস

ফোন:8638399496

No comments:

Post a Comment