বেটুপাত

বেটুপাত

Saturday, 13 January 2018

কেলেণ্ডাৰ


   হেৰি শুনিছে....
   ওমমম...শুনিছো কোৱা।
   এহহ....'তনো শুনিছে।এনেই নক'বচোন মিছাতে। 
    অহ....এতিয়া মইহে মিছা মাতিলোনে।তুমি শুনিছেনে বুলি কোৱাত মই জানো তোমাক শুনিছো বুলি কোৱা নাই।
   এহহ...সেইটো কোৱা নাই নহয়।মই শুনিছেনে বুলি কোৱাত এবাৰতো মোৰ মুখলৈ মূৰ তুলি চাব পাৰে।
    অহ... কথা সেইটোহে।তুমি জানো দেখা নাই মই যে পেপাৰ এখন হাতত লৈ পঢ়ি আছো বুলি।
    এহহহ....এইখন থউকহে....মিছাতে এইবোৰ পঢ়ি নাথাকিবচোন।পুৱাই পুৱাই এইবোৰ কটা মৰা সোপা।চাওঁ এইখন দিয়কচোন....... মণিমালা বৰুৱাই তেওঁৰ নিজৰ আপোন মানুহজন অলকেশ বৰুৱাৰ পৰা থপিয়াই পেপাৰখন লৈ টেবুলৰ একোণত থৈ দিয়ে।

  ..................

   অলকেশ বৰুৱা....পেছাত শিক্ষকতা।কিন্ত সেই শিক্ষকতা এৰা আজি ছয় বছৰমানেই 'ল।বৰ্তমান এতিয়া তেওঁ তেওঁৰ মৰমৰ পত্নী মণিমালা বৰুৱাৰ সৈতে বাকী থকা দিনকেইটাত অলপ কটাকটিৰ মাজত থাকিয়েই দিনবোৰ সুন্দৰকৈ কটাব বিচাৰে।আচলতে তেওঁৰ পত্নী মণিমালা বৰ মৰমৰ যে সেইবাবেই আৰু মণিমালা বৰুৱাইও দিনটোত এবাৰলেও নিজৰ আপোনজনৰ লগত খুটখাট নালাগিলে কিহৰ এইখন সংসাৰ বুলিহে বৰুৱাৰ আগত বিজয়ৰ হাঁহি এটি মাৰি তেওঁৰ মন ভুলাবলৈ চেষ্টা কৰে।কিন্ত এইখিনিতেই তেওঁলোকৰ জীৱনত কেলেণ্ডাৰখনিয়ে বাৰে বাৰে ভুমুকি মাৰি তেওঁলোকৰ জীৱনৰ গতিপথ সলনি কৰেহি।


    '....আকৌ বহিলেহি যে।মই আপোনাক কিবা এটা কোৱা নাছিলো জানো।
      ' কিবা কৈছিলা নেকি। 
      এই মানুহটোক কিহে পাইছে হয়।কওঁ কিবা এটা কৰেগৈ কিবা এটা।কিয়....আজি জানো যোৰহাটৰ পৰা আপোনাৰ ভাগিন ৰবিন নাহিব।সি অহাৰ আগতেই ভাতকেইটা খাবলৈ বুলি কিবা এটা আনিবলৈ মই আপোনাক কোৱা নাছিলো জানো।ইমাননো কথা পাহৰিব লাগেনে।
     এহহ.....পাহৰিছিলোৱেই ।দিয়া দিয়া বজাৰ কৰা বেগতো।মই বেগেতে গৈ কিবা এটা লৈ আহোগৈ।
     এইটো লওঁক আৰু পাৰিলে দুই এবিধ মিঠাই এটামানো লৈ আহিব।
     ' দিয়া..........অলকেশ বৰুৱাই বেৰত আওজাই ৰখা চাইকেলখন লৈ বজাৰলৈ বুলি ওলাই যায়।
    ইপিনে মণিমালা বৰুৱাই পাকঘৰলৈ বুলি সোমাই আহোতে ড্ৰয়িংৰুমৰ বেৰত ওলমি পৰা কেলেণ্ডাৰ খনলৈ এবাৰ চকু ফুৰাই চাই পুনৰ পাকঘৰলৈ বুলি খোজ লয়।


   ' বৰুৱা দেখোন।ইমান কোবাকোবিকৈ কেনি যায়হে।
   এহহ....অলপ বজাৰৰ পৰা আহোগৈ হে।আজি ভাগিন এটা ঘৰলৈ আহি আছে।তাকে পত্নীৰ ফৰমাইচ কিবা এটা আনি দিব লাগেহে।সেয়ে অলপ ওলাই আহিছো।পিছে আপুনিও সেইফালৰলৈকে যায় নে।
    অহে বৰুৱা।ব'লক.... দুয়ো একেলগে গৈ আহোগৈ।
   'লক.......অলকেশ বৰুৱাই চাইকেলখনৰ পৰা নামি এখোজ দুখোজ কৈ চাইকেলখন ঠেলি গৈ থাকে।  

  
   মামা .....মামা...

   ' ৰবিন আহি পালা।আহা আহা....ভিতৰলৈ সোমাই আহা।
   ' মামী যেনেতেনে পালোহি।মামা 'ত।নাই নেকি ঘৰত।
   আছে আছে ।এহহ.....পাছফালৰ শাকনি বাৰীখনতে সোমাই কিবা খুচৰি আছে।কিনো কৰিব আৰু দিনটো তাতেই সোমাই সময়বোৰ পাৰ কৰে।আহা.....তুমি প্ৰথমে মুখ-হাত ধুই লোৱা।মই মামাক মাত দি তোমালোকলৈ চাহ একাপ কৰোগৈ 'বা......মণিমালা বৰুৱাই ৰবিনক পানী এবাল্টি আৰু গামোচা এখন যতনাই দি বৰুৱাক মাত দি পাকঘৰলৈ আহে।

.............

  তেন্তে তই ভালে ভালে পালিহি ৰবিন।বাকী ঘৰত সকলোৱেই ঠিকেই আছে চাগে।
   ' মামা...বাকী সকলো ঠিকেই আছে।পিছে তোমাকহে অলপ বেলেগ দেখিছো এইবাৰ।
   কি বেলেগ দেখিলি '....
   নহয় মানে.....তোমাক অলপ দুৰ্বল হোৱা যেন দেখাইছে।তুমি ঠিকেই আছাতো।
   'তা মোক দুৰ্বল দেখুৱাইছে।এইয়া...মই এতিয়াও তোৰ মামীক দাঙি ' পৰাকৈ শক্তিশালী আছো।নে কি কোৱা মণি.......ওচৰতে চাহ যতনাই থকা মণিমালা বৰুৱাক বৰুৱাই চকু টিপ এটা মাৰি জোকাৰি লয়।
    এইইই......মানুহটোৰ যে অকণো লাজ নাই দেই।কিযে কৈ থাকে নহয়।ৰবিন .....চাহ খোৱা।মোমাইৰ এইবোৰ চুপতি শুনি থাকিব নালাগে।খোৱা চাহ খোৱা।হেৰি......আপুনিও চাহ একাপ খাই লওঁক ।মই ভাতৰ যোগাৰ কৰোগৈ।  

     তাৰমানে মামা....তুমি মামীক এতিয়াও এনেকৈ জোকাই থাকা নহয়।
      হাঃ হাঃ হাঃ ..........কিনো কৰিবি ।ঘৰখনত মানুহ বুলিবলৈ আমি দুটাহে।ইটোৱে সিটোক এনেকৈ জোকাই নাথাকিলে কাৰ লগতো থাকিবি 'চোন আৰু তাতে আজিকালি লাহে লাহে দেহা আগতকৈ পৰি আহিছে ।কোনদিনা চকু দুটা মুদি পৰো তাৰো ঠিকনাবিহীন।সেইগতিকে থকা দিনকেইটা এনেকৈয়ে পাৰ কৰোঁ।
    তুমি ঠিকেই কৈছা মামা।তোমালোক সদায় এনেকৈ সুখেৰে থকাটোৱেই বিচাৰো।
    বাৰু....তই অলপ বিচনাতে বাগৰ দে।ভাতকেইটা হোৱা লৈকে মই অলপ বাৰীতে থাকোগৈ.........অলকেশ বৰুৱাই ৰবিনক বহিবলৈ কৈ তেওঁ পুনৰ কেলেণ্ডাৰখনত খন্তেক চকু ফুৰাই বাৰীলৈ বুলি ওলাই আহে।

*********

    ভাগিনীয়েক ৰবিন দুদিনমান থাকি যোৱাৰ পাছত মণিমালা বৰুৱাই এটি হুমুনিয়াহ পেলাই অলকেশ বৰুৱাৰ আগত নিজৰ মনৰ কথা প্ৰকাশ কৰে......

   এই দুদিন ৰবিন আছিল মনটোকে ভাল লাগি আছিল।সি থাকিলে ঘৰখন বৰ আনন্দৰে ভৰি পৰে।বৰ হাঁহি ধেমালি কৰি থকা 'ৰা।আজি কিবা ভিতৰলৈ সোমাবলৈ মনেই যোৱা নাই।
   হেৰা....সদায় জানো সি আমাক ৰখি থাকিব ।এদিন নহয় এদিনটো আমাৰ 'ৰা অৰুণাভ........

..................
        ...............

   হেৰি হেৰি....আপোনাৰ হৈছে কি।ইমানকৈ কিয় কাঁহিছে....চাওঁ ভিতৰলৈ 'লকচোন।মই সেইকাৰণেই তাৰ কথা পাতিবলৈ মনা কৰো নহয়।যি 'ৰাই যেতিয়াই আমাক বুজি নাপাই আমাৰ পৰা আতঁৰি এজনী ছোৱালীৰ সৈতে গোটেই জীৱন অকলে থাকিবলৈ এই ঘৰ এৰি ওলাই যাব পাৰিলে।সেই 'ৰাৰ কথা জানো ভাবি কিবা লাভ আছে কওঁকচোন
    
      ..................
    
   হেৰি আপোনাৰ এইবোৰ কি হৈছে ।কাপোৰখন .....কাপোৰখন কিয় ইমান ৰঙা হৈছে।হেৰিৰিৰি...........


*********

   মণিমালা বৰুৱাই ওচৰৰে দুই এজনক লগত লৈ অলকেশ বৰুৱাক হাস্পতাল পোৱাগৈ।তেওঁলোকৰ ঘৰুৱাভাৱে থকা ডাক্তৰ আশুতোষ শইকীয়াক সকলোবোৰ কথা খুলি কোৱাত তেওঁ অলপ চিন্তিত হৈ পৰে।
   
    মিছেছ বৰুৱা.....প্ৰকৃততে আপুনি সকলোবোৰ কথা জানানে যে মিষ্টাৰ বৰুৱাৰ আচলতে হৈছে কি।।
     মই ঠিক বুজা নাই ডাক্তৰ শইকীয়া।আমি আপোনাক জনাৰে পৰা আমি দুয়োজনেই আপোনাৰ কাষ পাওঁহি।আপোনাৰ ওপৰতেই আমি নিৰ্ভৰ কৰি চলি আহিছো আৰু আমাৰ পৰা আপুনি বা মই বা এওঁ কোনোটো কথাই নুলুকুৱাইছিল।আৰু আজি কি এনে কথা আছিল যে আপোনাৰ দুজনৰ বাহিৰে মোক একো উমান 'বলৈ নিদিলে।আপুনি মোক আজি সকলোবোৰ কথা খুলি কওঁক ডাক্তৰ শইকীয়া। 

   আচলতে বৰুৱা... আপোনালোকৰ 'ৰা অৰুণাভ এইমাহৰ ঘৰলৈ অহাৰ কথা আছিল ।সি কি অহাই নাই নেকি।

   আমাৰ অৰুণাভ......কেতিয়া....সি...টো অহাৰ কথা একোৱেই কোৱা নাই আৰু এওঁটো মোক এইবিষয়ে একো কোৱা নাই ।মনজিতে আজি এমাহ ধৰি আমালৈ কোনোধৰণৰ ফোনৰ যোগাযোগ ৰখা নাই কিন্ত .........

   মিছেছ বৰুৱা.....আজি কেইমাহমান ধৰি অলকেশ বৰুৱাৰ মূৰৰ বিষ এটা অনুভৱ কৰাত তেওঁ মাজতে মোৰ ক্লিনিকলৈ আহিছিল আৰু মই সকলোবোৰ চাই তেওঁক কেইটামান পৰীক্ষা কৰিব দিছিলো।পৰীক্ষাৰ সকলোখিনি কাগজ পত্ৰ মোৰ ওচৰলৈ লৈ অহাত সিদিনাখনেই ধৰা পৰিছিল যে তেওঁৰ ব্ৰেইন টিউমাৰে ইতিমধ্যেই থিতাপি লৈছিল........ডাক্তৰ শইকীয়াৰ মুখৰ পৰা এইষাৰ কথা শুনাৰ মাত্ৰকেই মিছেছ বৰুৱাৰ কান্দোন ওলাই আহে।

     মিছেছ বৰুৱা আপুনি ধৈৰ্য্য ধৰক।এনেকৈ ভাগি পৰিলে নহ'ব।সকলোবোৰ ভগৱানৰ ওপৰত মিছেছ বৰুৱা......শইকীয়াৰ কথাত মিছেছ বৰুৱা অলপ শান্ত হৈ পুনৰ শইকীয়াৰ কথাত মন দিয়ে।

    মই বৰুৱাক অপাৰেচনৰ বাবে সাজু 'বলৈ কৈছিল।তেওঁও কথা দিছিল।কিন্ত যিদিনাই মই ফোন কৰি খবৰ লওঁ সিদিনাই তেওঁ এটাই কথা কৈছিল মাথোঁ যে ...মনজিত এইমাহৰ  পোন্ধৰ তাৰিখেই কলিকতাৰ পৰা আহি পাবহি।আৰু মোৰ টকা জমা 'লেই মই অপাৰেচন কৰিম।কিন্ত দিন বাঢ়ি যোৱাত তেওঁৰ বিষে বহুত যন্ত্ৰনা দিবলৈ লাগিল।বাৰে বাৰে মই তেওঁক অপাৰেচনৰ কথা কোৱাত তেওঁ মাথো মাহৰ পোন্ধৰ তাৰিখটোৰ কথাই কৈছিল।
    কিন্ত আজিও মাহৰ পোন্ধৰ তাৰিখ মিছেছ বৰুৱা।আপোনাৰ পুত্ৰ অৰুণাভ......



    আজি অলকেশ বৰুৱাৰ দ্বিতীয়টো মৃত্যুবাৰ্ষিকী অৰ্থাৎ মাহৰ পোন্ধৰ তাৰিখ।
     মণিমালা বৰুৱাই আজিও বেৰত ওলমি থকা কেলেণ্ডাৰখনলৈ একেথিৰে চাই ৰয়।সেই একেদৰেই ।যিদৰে তেওঁৰ মৰমৰ অলকেশ বৰুৱাই চাই ৰৈছিল।

  নয়নমণি দত্ত নেওঁগ 

  শিৱসাগৰ 

No comments:

Post a Comment