বেটুপাত

বেটুপাত

Saturday, 13 January 2018

নিষিদ্ধ হৃদয়ৰ দাবানল হিমাক্ষী কলিতা


 সন্দিকৈ কলেজৰ সেই মৰমলগা ছোৱালীজনী.. 
মিছ্ হিমাক্ষী কলিতা.. 
চেহহহহ.... তুমিটো জানাই লক্ষ লক্ষ অনুৰাগী তোমাৰ 
তথাপিও কিয় জানো তোমাৰ 
মৰমলগা হাঁহিটোত ডুব যাওঁ দিনে - নিশাই।।। 
দীঘলী পুখুৰীৰ কহুৱা বতাহেও দিয়ে তোমাৰ বাৰ্তা 
আৰু.. সেই পানবজাৰৰ RG, KBS বুকষ্টলত
কেতিয়াবা বিচাৰি যাওঁ তোমাৰ বেটুপাতযুক্ত
ৰঙা লিপষ্টিকৰ ফটো থকা আলোচনীবোৰ।। 
কেতিয়াবা জালুকবাৰীৰ ট্ৰেফিকজামো মৌন হয় ৰয়.. 
মাথো এশ-ফুট হৰ্ডিংত জিলিকি ৰয়
তোমাৰ মিচিকিয়া হাঁহি আৰু 
নিষিদ্ধ হৈ ৰয় নিউটনৰ সূত্ৰ।।। 
তোমাৰ ফটোৰে বৰ্ধিত মোৰ মোবাইলৰ ডিচপ্লে.. 
আৰু কেতিয়াবা instagram তোমাৰ ফটো দেখি 
হেং হৈ ৰৈ যায় মোৰ নষ্ট হৃদয়।। 
হেজাৰবাৰ চেষ্টা কৰো তোমাৰ ফেচবুকৰ ফ্ৰেন্ডলিষ্টত বহ্নিত হব
কিন্তু.... 
আজি বহুদিনেই হল আজিও একেটাই স্পৰ্শিত মোৰ ফেচবুকৰ দেৱালত
Request sent... Accept লৈ আজিও বহুদূৰ বাট।। 
নিষিদ্ধ হৃদয়ৰ দাবানল হিমাক্ষী কলিতা... 
ভালপাওঁ বুলি নকওঁ তোমাক... 
কিন্তু কিয়নো ৰোমন্থনত আচুৰ্য্য হয় দুচকু... 
মিছ্ হিমাক্ষী কলিতা.. বাৰে বাৰে  কলেজৰ বাহিৰলৈ নাহিবা তুমি.. 
হৰ্ষ চৰিত্ৰ সৌন ৰূপত যদি থমকি ৰয় গেলিলিওৰ সূত্ৰ... 
তেতিয়া অনাপৰিভ্ৰমিত ' পৃথিৱীৰ পৰিভ্ৰমন.. ।।
মই ধুমপানত নিষিক্ত এতিয়া... সচাঁ কিন্তু অনিহাৰহ্নিত দ্ৰব্যত নহয়... 
তোমাৰ নামৰ চিগাৰেট হুপি দহিত কৰো হৃদয়।। 
কিদৰে সুখী হওঁ মই..... 
কেৱল দীঘলী পুখুৰীৰ পাৰত বহি ৰচোঁ তোমাৰ প্ৰাচুৰ্য্যতা।। 
হীৰুদাই কেতিয়াবাই কৈ গৈছিল.. 
"এই কবিৰ আৰু একো নাই 
এটাই মাথোঁ কামিজ 
তাকো ছিগো ছিগো চিলাই
প্ৰেম চাগে এনেকুৱাই আৱৰণ খুলি হৃদয় জুৰাই "।। 
সাক্ষী হৈ ' হেম বৰুৱা ৰোড অথবা  গোপীনাথ বৰদলৈ ৰোডৰ
প্ৰতিডাল বিৰিণা.. 
সুৰিত হব কাল্পনিক লহৰৰ প্ৰনিকা... 
উফ্ফ্ফ্.. কি যে তোমাৰ হত্যাকাৰী চাওঁনি.. 
প্ৰতিটো চাওঁনিত অবলোহিত হয় মোৰ মূল্যহীন হৃদয়... 
মিছ্ হিমাক্ষী কলিতা.... 
নিৰৰ্থক অৰ্থত বন্ধিত মোৰ নিৰহ হৃদয়.. 
কিন্ত... চিঞৰি চিঞৰি লজ্জিত নকৰো তোমাৰ পদুম কলীয়া ওঠ
পানবজাৰৰ প্ৰতিখন হৰ্ডিঙে দিব 
তোমালৈ মোৰ অনুৰাগৰ অভিলাষৰ পৰিমাণ।। 

......... (এজন প্ৰকৃত অনুৰাগী)........

জিতুল কলিতা

No comments:

Post a Comment