বেটুপাত

বেটুপাত

Saturday, 13 January 2018

মাতৃ হৃদয়


 নিস্তব্দ নিশা বাহিৰত এজাক ফেৰফেৰীয়া বতাহ দিনৰ ভাগৰ কোলাহলবোৰ নোহোৱা হৈ নিমাওমাও হৈ পৰিছে অঞ্চলটো। সকলো নিতাল মাৰি নিদ্ৰাদেৱীৰ কোলাত আশ্ৰয় লৈছে কিন্তু শুৱ পৰা নাই মৌচুমী চলিহা। তেওঁ নিদ্ৰাদেৱীক আৰাধানা কৰি কৰি ভাগৰি পৰিছে, দেৱী সন্তুস্ট হোৱাই নাই অতীতৰ সেই অভিসপ্ত দিনটোৰ স্মৃতিয়ে তেওঁক বৰকৈ আমনি কৰিছে। বাগৰৰ পিছত বাগৰ সলাইছে কিন্তু তেওঁ শুৱ পৰা নাই কালিকা লগা মংগল বাৰটোৱেই নিষ্ঠুৰভাৱে তাইৰ বুকুৰ পৰা কাঢ়ি লৈ গল তাইৰ বুকুৰ পদুম ফুলপাহ
   মৌচুমী চলিহা এগৰাকী  প্ৰবক্তা তেওঁৰ স্বামী অভিজিৎ চলিহা GMCH এজন প্ৰতিষ্ঠিত চিকিৎসক। তেওঁলোকৰ বিয়াৰ কিছুদিন পাছতেই মৌচুমীৰ কোলালৈ আহিছিল জোনাক জোনাকৰ জন্মই মৌচুমী আৰু অভিজিৎৰ জীৱনলৈ কঢ়িয়াই আনিছিল অপাৰ সুখ আৰু আনন্দ
একোলা - দুকোলাকৈ বাঢ়ি অহা জোনাকৰ লগত দুয়ো ভীষণ বস্ত হৈ পৰিছিল জোনাকৰ কোমল , মৰমলগা মুখ আৰু তাৰ মৰমৰ আব্দাৰবোৰে মৌচুমী আৰু অভিজিৎক পাহৰাই দিছিল দিনটোৰ ভাগৰবোৰ। তাৰ হাহিঁবোৰৰ মাজতেই তেওঁলোকে বিচাৰি পাইছিল বিচৰা সকলো সুখ এনেকৈয়ে জোনাকে পাচঁটা বসন্তত ভৰি দিলে তাৰ উৎপাতবোৰ দিনে দিনে বাঢ়িবলৈ ধৰিলে সি এদিন তাৰ বন্ধু ৰাজৰ লগত ফুৰিবলৈ যাবলৈ দিবলৈ মাকক নেৰা-নেপেৰাকৈ জোৰ কৰিলে ৰাজ আৰু তাৰ মাক - দেউতাক শ্বিলংলৈ ফুৰিবলৈ যাব , জোনাকেও তেওঁলোকৰ লগত তাক যাবলৈ দিবলৈ বৰকৈ জোৰ কৰিলে। প্ৰথমতে মৌচুমীয়ে আপত্তি কৰিছিল যদিও অৱশেষত জোনাকে কন্দা- কটা কৰাত তাক যাবলৈ অনুমতি দিলে। পিছদিনা ৰাতিপুৱা দহমান বজাত ৰাজ আৰু তাৰ মাক - দেউতাকৰ সৈতে জোনাকে শ্বিলং অভিমুখে যাত্ৰা কৰিলে। কিন্তু নিয়তিৰ কি পৰিহাস; তেওঁলোকৰ গাড়ী আৰু এখন ট্ৰাকৰ মাজত এটি ভয়ংকৰ দূঘটনা সংঘটিত হল আৰু ৰাজ , ৰাজৰ মাক- দেউতাকৰ লগতে জোনাকো গুছি গল আন্ধাৰৰ দেশলৈ, এক অজান দেশলৈ ..........
জোনাকৰ মৃতুত মৌচুমী আৰু অভিজিৎৰ মুৰত সৰগ ভাগি পৰিল ভৰিৰ তলৰ মাটিকণো যেন নোহোৱা হৈ পৰিল পুত্ৰহাৰা হোৱাৰ বেদনাত দুয়ো জজৰিত হৈ পৰিল। পিতৃ অভিজিৎ চলিহাই বেছিভাগ সময় বাহিৰতে কটাব ধৰিলে দিন বাগৰাৰ লগে লগে তেওঁৰ যান্ত্ৰনাবোৰ কিছু কমি আহিল , নিজকে চম্ভালিবলৈ শিকিলে কিন্তু একেবাৰে ভাগি পৰিল মৌচুমী পুত্ৰশোকৰ বেদনাত তেওঁ একেবাৰেই ভাগি পৰিব ধৰিলে তেওঁৰ এনে লাগিল যেন এটা ডাঙৰ ভূমিকম্প আহক আৰু সকলোবোৰ যেন নিঃশেষ হৈ পৰক আজি প্ৰায় দুটি বছৰ পাৰ হৈ গল  ....  কিন্তু , পাহৰোঁ বুলিও তেওঁ আজিও পাহৰিব পৰা নাই সেই অভিসপ্ত দিনটো আন্ধাৰৰ মাজত তাই এতিয়াও বিচাৰি ফুৰে পুত্ৰ জোনাকক। জোনাকৰ মৰম লগা মুখখন আৰু তাৰ মৰমৰ আব্দাৰবোৰে তাইক বৰকৈ আমনি কৰে পুত্ৰৰ মৃতুৰ দৰে নিষ্ঠুৰ বাস্তক আজিও মানি লব পৰা নাই মৌচুমীয়ে তেওঁৰ এনে ভাৱ হয় জোনাক যেন মৰা নাই, সি আকৌ আহিব , আকৌ তাইক 'মা ' মাবুলি চিঞৰি উঠিব .... এইবোৰকে ভাবি থাকোঁতে কেতিয়ানো আহি ৰাঙলী সূৰুযে আহি অঞ্চলটো পোহৰাই পেলালে মৌচুমীয়ে গমেই নাপালে কাষৰ বিচনাখনত চকু ফুৰাই দেখে স্বামী অভিজিৎ ইতিমধে শোৱাৰ পৰা উঠিলেই তাইও খপ - জপকৈ উঠি বিচনাখনতে অলপ বহে


'' এইটো কাৰ কেচুঁৱা, ইয়াত কেনেকৈ পৰি আছে, পুলিচক খবৰ দিব লাগিব '' বাহিৰৰ পৰা ভাহি অহা শব্দৰ টুকুৰা কেইটিমান আহি মৌচুমীৰ কাণত পৰিল তেওঁ লৰা - লৰিকৈ বাহিৰলৈ ওলাই গৈ দেখে ৰাস্তাৰ কাষত এটি কণমানি শিশুৱে হাত - ভৰি মাৰি খেলি আছে। কণমানিটো দেখি তাই নিজকে ৰখাব নোৱাৰিলে তাই দৌৰি গৈ কেচুঁৱাটো কোলাত তুলি ললেগৈ। মৰম লগা শিশুটোৰ এধানিমানি হাতৰ স্পশত মৌচুমী আনন্দত আত্মহাৰা হৈ পৰিল। তাইৰ এনে লাগিল এয়া যেন তাইৰ জোনাকৰ কোমল হাতৰহে স্পশ কণমানিটোৰ মুখত চকু ফুৰাই তাইৰ এনে লাগিল জোনাকে যেন তাইলৈ চাই হাঁহি আছে। মৌচুমীয়ে আলফুলে কণমানিটোক কোলাত তুলি ঘৰলৈ লৈ আহিল মৌচুমীৰ এনে ভাৱ হল এই কণমানিটোৱেই যেন তাইৰ বুকুৰ পদুমফুলপাহ কৰবাৰ পৰা যেন জোনাকে চিঞঁৰি উঠিল ''মা মই আকৌ আহিলো '', মই উভতি আহিলোঁ মা'' , মই আকৌ আহিলোঁ তোমাৰ বুকুৰ মাজলৈ মা ''' মৌচুমীৰ দুচকুয়েদি লোতক সৰি পৰিল ৱেগ আৰু আনন্দত উথলি পৰি তাই কণমানিটোক - জোৰে সাৱতি ধৰি আকোঁৱালি ললে আৰু উপযুপৰি কণমানিটোৰ দুগালত চুমা আকিঁ দিলে। দূৰৰ পৰা অভিজিৎতে মৌচুমী আৰু কণমানিটোক দেখি আনন্দত আত্মহাৰা হৈ পৰিল আৰু আৱেগত তেওঁৰ দুচকুয়েদি লোতক সৰি পৰিল তেওঁ মনতে কণমানিটোক আপোন কৰি লোৱাৰ সিদ্ধান্ত ললে আৰু তেওঁ কৈ উঠিলএইয়াই হৈছে মাতৃ , এইয়াই হৈছে মা , যি মমতাৰ অন্য এক নামএইয়াই হৈছে মাতৃ হৃদয় মৌচুমীৰ এই আচৰণত প্ৰকৃতিও আনন্দত মতলীয়া হৈ পৰিল আনন্দৰ চিন হিচাপে প্ৰকৃতিয়ে এচমকা কলীয়া ডাৱৰৰ সৈতে ধাৰাৰ বুকুলৈ নমাই আনে বাৰিষাৰ প্ৰথমজাক বৰষুণ .

 ৰাজশ্ৰী শমা
 কলিয়াবৰ,নগাওঁ
     

No comments:

Post a Comment