বেটুপাত

বেটুপাত

Saturday, 13 January 2018

অসমীয়া পৰম্পৰাগত কৃষি ভিত্তিক লোক উৎসৱ ন খোৱা


             অসম খন এখন কৃষি প্ৰধান ৰাজ্য এই ৰাজ্যত বিভিন্ন উৎসৱ পাৰ্বণ ৰীতি নীতি খোৱা লোৱা আদি সকলো কৃষিৰ উপৰতে নিৰ্ভৰ কৰি গঢ়ি উথা অসমীয়া পৰম্পৰাগত কৃষিজীৱী সমাজখনত খোৱা প্ৰথা অতি পুৰনি আহাৰ শাওন মাহত ভুই ৰুই অসমীয়া ৰাইজে এই ধান কাতি আঘোনত দায় মাৰি চপায় ভঁৰালত থোৱাৰ আগত শ্ৰদ্ধা আৰু পৰম্পৰাগত নীতি নিয়মৰ মাজেৰে উপৰি পুৰুষলৈ  আগবঢ়াই  নিজে গ্ৰহণ কৰে প্ৰধানকৈ আমাৰ আহোম সমাজত বিহু, সংক্ৰান্তি আদিকৰি খোৱা আদিত মৃতকক দিয়া অৰ্থাৎ  আমাৰ ককা আজোককা পুলিন পুঠাও সকলক ষ্মৰণ কৰি সেৱা কৰা আৰু তেওঁলোকৰ পৰা আশিষ বিছৰাটো এটা উল্লেখনীয় প্ৰথা 
আঘোন মাহত পথাৰৰ সোণালী ধান কটি মৰণা মৰাৰ পাছত চাউলেৰে ওচৰ চুবুৰীয়া আত্মীয় সকলৰ সৈতে মিলি এসাঁজ খোৱাটো অসমীয়াৰ এক পৰম্পৰা খোৱাটো এটা কৃষি ভিত্তিক আনন্দদায়ক অসমীয়াৰ উৎসৱ ৷এই উৎসৱৰ ৰীতি নীতি পৰম্পৰা স্থাই ভেদে অলপ ভিন্ন হয় মই আমাৰ ঠাইত কি দৰে নখোৱা পতা হয় তাৰে অকমান বৰ্ণনা কৰিলো আমাৰ ইয়াত সাধাৰণতে নখোৱা উৎসৱ আঘোন মাহত পতা হয় কাৰণ পুহ মাহত খোৱা নহয় কাৰণ লোক বিশ্বাস মতে পুহ মাহত লক্ষীৰ বাহন ফেঁচাও লক্ষীক এৰি দক্ষিণলৈ যাত্ৰা কৰে আঘোনত নাখালে একেবাৰে মাঘ মাহতে খাব পৰা যায় আমাৰ ইয়াত দুই ধৰণে পতা হয় এক আমাৰ নামঘৰত সমজুৱাকৈ নামঘৰত খোৱাৰ পাচতহে ঘৰে ঘৰে খায় বহুতে নামঘৰত খোৱা দিনাই ৰাতিলৈ ঘৰত খোৱা হয় ৷নামঘৰত খাওঁতে বৰাচাউলৰ পাঁয়স আৰু প্ৰসাদ দিয়া হয় ভাতৰ ব্যৱস্থা নহয়   আমাৰ  ইয়াত  আঘোণ মাহত সকলোৱে ধান দোৱাৰ  পাছত আঘোণ  মাহৰ মধ্যভাগতে এটা শুভ দিন ধাৰ্য কৰি  সমুহীয়া ভাৱে নামঘৰত  প্ৰথম খোৱা হয় এই দিনা গাঁৱৰ সকলোৱে নামঘৰলৈ যায় কিৰ্তন পাঠ কৰে আৰু পূৰ্বপুৰুষক শ্ৰদ্ধাৰে সোঁৱৰি সকলোৱে সমজুৱা সেৱা লয় লগতে সেইদিনা আমাৰ নামঘৰৰ চোৱাচিতা কৰিবৰ বাবে ৰাজহুৱা কৰ্ম কৰিবৰ বাবে পাঁচ ঘৰ নামঘৰীয়া নিয়োজিত কৰে ৷তেওঁলোকৰ কৰ্ম কাল পাছৰ বছৰ নখোৱালৈকে থাকে
নামঘৰত সমজুৱাকে খোৱা হৈ যোৱাৰ পাচত গাঁৱৰ ঘৰে ঘৰে খোৱা পাতে এই অনুষ্ঠানত ওচৰ চুবুৰীয়াৰ লগতে মিতিৰ কুটুম আত্মীয় বন্ধু বান্ধৱ সকলকো নিমন্ত্ৰন জনোৱা হয়৷ এই দিনা সাধাৰণতে চাউলৰ লগতে মাছ মাংসৰ উপৰিও আমাৰ পৰম্পৰাগত ৰহি সাঁজৰ প্ৰয়োভৰ ঘটে জহা চাউলৰ ভাত, বৰা চাউলৰ ভাপত দিয়া চেৱা ভাত , বাঁহৰ চুঙাত দিয়া বৰা চাউলৰ চুঙা ভাত , হাঁহে কোমোৰাই , গাহৰি মাংসৰ চুঙাত দিয়া , খৰিছা দিয়া গাহৰি মাংস , বিলাহী মাছেৰে , ঔটেঙা দিয়া মাটিমাহৰ দালি আদিৰ লগতে গাজৰ টিঁয় ধনীয়া আদিৰ চালাদ আদি বনোৱা হয় এই দিনা ভঁৰালত চাকি জ্বলোৱা হয় দুই এক আধ্যা কিৰ্তন পাঠ কৰে ভকতে আৰু গৃহস্থই সেৱা লয় ভকতৰ পৰা পূৰ্বপুৰুষক সোঁৱৰি সলিতা জ্বলোৱা হয় মানে মৃতকক দিয়া হয় মৃতকক দিয়াৰ পাছত বাকী সকলে আহাৰ গ্ৰহণ কৰে আহাৰ গ্ৰহণ কৰি তামুলেৰে মুহুতি কৰে আৰু ইয়াৰ পাছত সকলো ঘৰা ঘৰি যায়গৈ এনেদৰেই খোৱা উৎসৱৰ অন্ত পৰে খোৱা কেৱল এক খাদ্যৰ জুটি লোৱাৰে উৎসৱ নহয় মোৰ বোধেৰে সামাজিক ঐক্য মিলাপ্ৰিতি গঢ়াৰ এক সুন্দৰ অনুষ্ঠান মই ভাবো এই উৎসৱ যুগ যুগান্তৰলৈকে এনেকৈয়ে যেন প্ৰচলিত হৈ থাকে আৰু আমাৰ সমাজত ঐক্য শান্তি সমৃদ্ধী সদায় বৰ্তী থাকে


পংকজ বৰুৱা
গোলাঘাট

No comments:

Post a Comment