বেটুপাত

বেটুপাত

Saturday, 13 January 2018

কবিতা তোমালৈ



লাজুকী ওৰণিৰ ফাঁকেৰে
তোমাৰ মিচিকি হাঁহিটি মোৰ বৰ ভাল লাগে।
নিস্বাৰ্থ ভাৱে হিয়া উবুৰিয়াওঁ
তোমাৰ হেঁপাহত।

কিংখাপৰ মেখেলা আৰু
কেচবচা ৰিহাৰ ভাঁজত
লাহি ককাঁলটিয়ে তোমাক
বৰকৈ শুৱাই।
কাণৰ কেৰু,ডিঙিৰ গলপতা,দুহাতত মুঠিখাৰু
দুভৰিৰ ৰুণ


ফেচবুক,অন্য এক পৃথিৱী

সাম্প্ৰতিক যুগত
কি ৰজা, কি প্ৰজা নে আমোলাতন্ত্ৰ
সকলো মাথোঁ এতিয়া
অন্য এক পৃথিৱীৰ বাসিন্দা

জন্মদিনৰ পৰা মৃত্যুবাৰ্ষিকীলৈ
সমস্ত আশ্চৰ্য-ঐশ্চৰ্যৰ সম্ভেদ
এতিয়া মাথোঁ এই পৃথিৱীৰ বুকুত প্ৰতিফলিত
নাম যাৰ ফেচবুক

নিয়মিত সময় নাই
নিয়মিত কথা নাই
আভ্যন্তৰীণ অথবা বাহ্যিক
সকলো দিশৰ বহিঃপ্ৰকাশৰ মাধ্যম
এই ফেচবুক

সকলো জাতিৰ সকলো বিষয়ৰ
যেন এক সংগমস্থলী
ব্যৱহাৰ যেনে ,ইয়াৰ ফল তেনে !
কথা,চিত্ৰ আৰু অনুভৱে
পুৰাইছে যেন মাটি,পানী,বায়ুৰ ভেটি...!

সেই হেতু, কলাকুশলী তথা
সকলো শ্ৰেণীৰ বাবে
যেন প্ৰকৃত বায়ু,পানী,মাতিবিহীন
অন্য এক পৃথিৱী

                           
জিণ্টুমণি ডেকা

No comments:

Post a Comment