বেটুপাত

বেটুপাত

Saturday, 13 January 2018

দুদিনমান আগৰ কথা


আমাৰ ঘৰৰ ওচৰতে হাজৰিকা মামা-মামীৰ ঘৰ মামা এনেই ভালেই কিন্তু ৰাতি 'লে সিবিধ নিয়মীয়াকৈ গলাধকৰণ কৰে কৰে যদিও অশ্লীল কথা নকয় মাত্ৰ শব্দ প্ৰদূষণ সৃষ্টি কৰে মানুহজন যথেষ্ট পঢ়া শুনা যদিও নিজৰ চাকৰিটো লৈ মুঠেও সন্তুষ্ট নহয় তেওঁৰ লগত পঢ়া আটাইবোৰে ভাল ভাল পদবীত মকৰল হৈ আছে হেনো তেওঁহে নিম্ন বৰ্গৰ সহায়ক সেই দুখত গধূলিৰ ৰঙীণ পানীয়ৰ ব্যৱস্থা তেওঁলোকৰ 'ৰা ছোৱালী এহাল
এদিন তেওঁক মোবাইলটো লৈ খুব চাই থকা দেখি 'লো -- মামা , আপুনিও ফেচবুক চলাই নেকি ? নাই চলোৱা যদি খুলি ' একাউণ্ট এটা গধূলি গধুলি সিবিধৰ পৰাও ৰেহাই পাব ভাল ভাল মানুহৰ সংগও পাব মামাই কলে --- নালাগে ' বোপাই এইবোৰ ৰঙীন চচ্মাৰে চোৱা পৃথিৱী তাতকৈ তই সেইখিনি সময়ত ভাল কিতাপ এখন পঢ়িবি মইনো আৰু কি ' ? তাৰ দুদিনমান পাছত মই ঠিকেই দেখিছিলো এম. হাজৰিকা লিখা একাউণ্ট এটা হাতত টাটু কৰা মডেল এজনৰ ফটো বন্ধুৰ সংখ্যা দুহেজাৰৰ ওপৰত হয় হয় , সকলো খিনি মিলি গৈছে নাহৰকটীয়া হাই স্কুল
লিভ্চ ইন ডিব্ৰুগড় বাকীখিনি সকলো মিলিছে

বাৰু , যি কি নহওঁক এনেহেন গুণৰ মানুহ এজনে সৌ সিদিনা আঠ বছৰীয়া জীয়েকৰ মূৰত ধৰি শপত খাই 'লে --- মাইনাৰ মাক , এয়া চোৱা শপত খাইছো মদৰ গিলাচ আৰু হাতেৰে নুচুওঁ
হয়তো তেওঁলোকৰ ঘৰখন উৰুলিকৃত হৈছিল সেই গধুলি
সেই সময়তে মায়ে মোলৈ চাহ লৈ আহিছিল মাক 'লো ,
' মা , মোৰ মূৰত পানী অলপ ঢালাচোন অলপ পিঠিত চিকুটিও দিবা
হে হৰি ! কি ' আকৌ তোৰ ?
মই শুই আছো নেকি ?
নাই .... নাই শুই থকা কি ভ্ৰম বকিছ' ? ধৰ , ধৰচোন চাহ কাপ
নহয় মানে , হাজৰিকা মামাই মদ এৰি দিম বুলি কৈছে
কোন হাজৰিকা ?
মনোৰঞ্জন হাজৰিকা
হাজৰিকা মানে ক্ষীণ কৈ যে , সেইজন নেকি ?
' '
চকু দুটা ৰঙা হৈ থাকে যে সেইজন ?
1ঃ ' '
ডি চি অফিচত কৰে যে সেইজন নেকি ?
' ' কিনো সুধি আছা ?
আচ্ছা ! ... তই কি বুলি কৈছিলি আকৌ 'চোন ?
মনোৰঞ্জন হাজৰিকাই মদ এৰি দিম বুলি শপত খাইছে 'লতো
কি........ !
থানা.....নাং..... থুচ....চিচ্
মাৰ আশ্চৰ্য্যত চকু ডাঙৰ লগতে হাতৰ পৰা কাপ প্লেট পৰাৰ শব্দ
যা হওঁক গধূলি গধূলি আৰু শব্দ প্ৰদূষণ ৰোধ ' ভগৱানে তেওঁক দেৰিকৈ 'লেও সুমতি দিলে

দুদিন বৰ ভালেৰে '
তিনি দিনৰ দিনা .........
সময় অনুমানিক সন্ধিয়া :৪৯ বাজি গৈছে হাতত " মেকবেথ " লৈ বহি ভাবি আছো " ডানকানক হত্যা কৰাৰ আগমুহূৰ্তত ৰাজপ্ৰাসাদৰ জপনাখনত কিয় ঢকিওৱা হৈছিল , সেই কথা "
তেতিয়াই শুনিলো প্ৰচণ্ড শব্দ প্ৰদূষণ হাজৰিকাৰ ঘৰৰ পৰাই আহিছে
মাইনাৰ মাক ' মৰিলি কাকো কেয়াৰ নকৰো ( আৰু আবোল তাবোল এগালমান বাকী মনত পৰা নাই ).......
কি ' হাঁ ? কি ' লাজ লগা নাই আপোনাৰ ? সেইদিনা জীয়েৰৰ মূৰত ধৰি শপত খাইছিল নে ? মদৰ গিলাচ হাতেৰে নুচুওঁ বুলি   মামীয়েও চিঞৰি উঠিল
হেৰৌ ! মুখ চম্ভালি কথা 'বি এই অমুকা এক কথাৰ মানুহ মদৰ গিলাচ নাই চোৱা দাইৰেক্ট বটলৰ পৰা ডিঙিত ঢালি দিছো ননচেঞ্চ

হে ভগৱান বায়নৰ ঘৰৰ কুকুৰে ..... উদে কেঁচা মাছ খাবই ......... আৰু হাজৰিকাই মনোৰঞ্জন হাজৰিকাই হৈ থাকিব   .....

দেৱজীত তাঁতী 

ডিব্ৰুগড় 

No comments:

Post a Comment