বেটুপাত

বেটুপাত

Saturday, 13 January 2018

কাজল সনা দুচকু

বাছখনে দীঘলীয়া হৰেন মাৰি ধীৰে ধীৰে গতি কৰিছে সন্মুখলৈ, খিৰিকিৰে হাত এখন উলিয়াই ৰা জনে এপাহ সতেজ গোলাপ ফুল আগবঢ়াই দিছে বাছস্ট্যান্ডত ৰৈ থকা ছোৱালীজনীলৈ ছোৱালীজনীয়ে হাতপাতি লৈছে ফুলপাহ আকুলভাৱে কাষত তাইৰ বেগখন,বাছখন গৈ আছে..গৈ আছে.. জালুকবাৰীৰ শেষ বাছখন,বাছস্ট্যান্ডত আৰু কোনো নাই শেষত কাশ্মীতাৰ চহী এটাছবি খনলৈ একেথৰে বহু সময় চাই থাকিল ৰাজে তাৰ মনলৈ বহু কথাই দোলা দিব ধৰিলে, কি বুজাব গৈছে বাৰু ছবিখনে, কি ভাবি আঁকিছিল বাৰু ,ছবিখনৰ অন্তৰালত কি কাহিনী জড়িত আছিল

: ওই  কি চাই আছা বেৰখনলৈ-কাশ্মীতা ৰৈ আছে তাৰ কাষতে
: নাই এনেয়ে এই ছবিখন চাই আছিলো-ৰাজে হাঁহি লে।
: মই অথনিৰে পৰা তোমাক বিচাৰি ফুৰিছো আৰু তুমি ইয়াত অকলে ছবি চাই বহি আছা কিনো ইমান নেদেখা বস্তুটো দেখিলা এই ছবিখনত - তাই টান মাৰি চকী এখন আনি বহি লে ৰাজৰ মুখামুখীকৈ
: আচলতে ছবিখন মই ইমানদিনে লক্ষ্যই কৰা নাছিলো। ছবিখন চাই চাই বহু কথাই মনলৈ আহিছে জানা বাৰু বাদ দে সেইবিলাকসি কাশ্মীতালৈ চালে।
: দীপ আহিব ইয়ালৈ মই ফোন কৰিছিলো।- কাশ্মীতাই তাৰ চকুলৈ চায় লে ।ৰাজে চকু নমাই দিলে।পাতল গেৰুৱা ৰঙৰ টপ আৰু জিনছে কাশ্মীতাক ধুনীয়া দেখা গৈছিল আজি অইনদিনা খন লে তাইক সি জোকাই থাকিলে হয় বাৰে বাৰে- কাজল সনা দুচকুত মই অচিনাকী পথৰ সন্ধান পাওঁ আৰু পাওঁ নতুন নতুন কবিতা "তোমাক আজি তামাম লাগিছে দেই কোনোবা বলিউডৰ হিৰো আহিব নেকি ? আজি তাৰ জোকাৱ মন নগ মনটো কিবা বেলেগ হৈ আছে তাৰ, হয়তো কাশ্মীতাৰো কিছুসময় দুয়োটাই নিৰৱে বহি থাকিল
: বাৰু কাশ্মীতা এটা কথা ছোন ; এই ছবিখন তুমি বাৰু কি ভাৱ লৈ আকিছিলা ?”-ৰাজে নীৰৱতা ভংগ কৰি সুধিলে
: এনে আকিছিলোঁ কিনো আৰু ভাবিব লাগে ? ভাবি চোৱাও নাই এবাৰো আৰু তোমাৰ দৰে কবি বা লেখক নহয় যে এইবিলাক ভাবি থাকিম - তাই খিল খিলাই হাঁহি দিলে কাজলসনা চকুজুৰি তিৰ্বিৰাই উঠিল সি হাঁহিব পৰা নাই তাই তেনেকুৱাই, সকলো কথাই সাধাৰণভাৱে লয় ঘৰৰ সৰু ছোৱালী হোৱা বাবে কিছু পৰিমাণে মৰম আলুসুৱা,ৰাজৰ ছোৱালীজনীৰ প্ৰতি তাৰ কিবা এক বিশেষ আকৰ্ষণ আছে বন্ধুত্বৰ বাহিৰেও
: “পিছে আমাৰ লেখকগৰাকীয়ে বা কি বিশেষত্ব দেখা পালে মই অকাঁ টো খনত?”কাশ্মীতাই হাঁহি হাঁহিয়েই সুধিলে তাক
: “মোৰ বহুত কিবা-কিবি মনলৈ আহিছে ।তোমাৰ জানো শুনিবলৈ সময় আছে ?” – সি কাশ্মীতাৰ চকুলৈ চালে তাই নিশ্চুপ হৈ তাৰ কথাত অলপ গহীন হৈ বহা ঠাইতে গাটো জোকাৰি লে- ‘তাই শুনিবলৈ ৰাজীএনে ভাৱত ।এনেও তাই ৰাজৰ লিখাবিলাক পঢ়িবলৈ ভাল পায়।
: “ছবিখন চাই গল্প এটি মনলৈ আহিছে সম্পূৰ্ণ কাল্পনিক যদিও বাস্তৱৰ সৈতে বহুখিনি মিল থাকিব পাৰে। ধৰাহওঁক, ৰা-ছোৱালী হাল ঠিক আমাৰ দৰেই কোনোবা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ধৰা সিঁহতৰ নামআকাশ আৰু নীলাঞ্জনা দুবছৰ আগতে হয়তো দুয়ো দুটা বিপৰীত দিশৰ পৰা একেটা বিশ্ববিদ্যালয়ত ভৰ্তি হৈছিল দুচকুত অলেখ সপোন লৈ প্ৰথম চিনাকীতে দুয়োজনৰ বন্ধুত্ব হৈছিল দুটা বছৰত সিঁহতে একেলগে পঢ়িছিল, খাইছিল,গুৱাহাটীখন ফুৰিছিল আৰু বিভিন্ন কবিতা লিখি আকাশে নীলাঞ্জনাক পঢ়ি শুনাইছিল এইবিলাক কামত সিহঁত ইমানেই ব্যস্ত আছিল যে খন্তেক সময়ৰ বাবে লেও সিঁহতে সিঁহতৰ এই সম্পৰ্কটো বন্ধুত্বতকৈ বেছি এবাৰো ভাৱি চোৱা নাছিল।চঞ্চলা নীলাঞ্জনায়ে হয়তো কাহানীও কল্পনা কৰা নাছিল সিঁহত দুয়োজনে এদিন এৰা-এৰি লাগিব চাওঁতে চাওঁতে দুটা বছৰ পাৰ হৈছিল। সিহঁত যাৱৰ সময় সেই জালুকবাৰী বাছস্ট্যান্ডৰ পৰা দুয়োয়ে আকৌ এৰা এৰি চিৰদিনৰ বাবে। বাছস্ট্যান্ডত বহি দুয়োটাৰেই হয়তো একেটাই চিন্তা বহু কথাই কোৱা তথাপি কিবা এটা থাকি এখন এখনকৈ বাছবোৰ ওলাই গৈ আছে আৰু শেষ বাছখনত আকাশে উঠিল,কি কৰিব সি? খিৰিকীৰ কাষত কাশ্মীতাই ৰৈ আছে। কাজলসনা দুচকুত উজাগৰী নিশাৰ স্পষ্ট চিন, তাৰো ।সি আগবঢ়াই দিলে ৰঙা গোলাপ এপাহ নীলাঞ্জনালৈ বাছখন ধীৰে ধীৰে যাৱ ধৰিছে; সিহঁত দুয়োটায়ো যেন দুটা বিপৰীত দিশলৈ গতি কৰি আছে চিৰদিনলৈ।
: “বাপৰে বাপ; তোমালোকক দুয়োটাকে বিচাৰি বিচাৰি মোৰ ভাগৰ লাগিল আৰু তহঁতে ইয়াতে বহি গল্প কৰি আছা দীপৰ চিঞৰত সিহঁত দুয়োটায়ে ঘুৰি চালে। মুহুৰ্ততে পৰিৱেশটোৱে এটা বেলেগ ৰূপ লে আজি সিঁহতৰ বাবে শেষ সন্ধিয়া। কাইলৈ সকলো ঘৰলৈ যাৱ, সেয়ে আজি সকলো মিলি গোট খাইছে কাশ্মীতাৰ ৰুমত চিৰাচৰিত ভাৱেই সিহঁতৰ গ্ৰুপটো গোট খালে আড্ডা বেচ জমে,গ্ৰুপটো বুলি 'লে ৰাজ,কাশ্মীতা আৰু দীপ কলা শাখাৰ বিভাগ হিচাপে সিহঁতৰ বিভাগতো ছোৱালীৰ সংখ্যাই বেছি ৰা মাত্ৰ দহজনমান দীপ আৰু ৰাজে হোষ্টেলত থাকে,কাশ্মীতা হোষ্টেলত নাথাকে যোৱা দুটা বছৰে এনেদৰেই কটাই দিছে আজিও দীপে আহিয়েই হৈ হাল্লা আৰম্ভ কৰি দিলে; তাৰ কথাত সকলোৱে হাঁহি উঠিল কিছুসময়- বাবে সকলোৱে পাহৰি আজিৰ সন্ধিয়াটোৱেই যে সিহঁতৰ শেষ সন্ধিয়াৰ আড্ডা ।ৰাজে দীপৰ মুখলৈ চালে তেওঁ হাঁহি আছে, কেৱল কাশ্মীতাৰ বাহিৰে ।এটা সময়ত হাঁহি বিলাক বেসুৰা যেন লাগিল তাৰ হাঁহিবোৰ যেন বেঁকা হৈ ওলাইছে আচলতে তিনিজনয়ে কান্দি আছে সকলোৰে অগোচৰে সকলোৰে হাঁহিবোৰ যেন ৰৈ গৈছে এঠাইত।অলপ সময় পিছত হাঁহিবিলাক উচুপনি যেন লাগিল তাৰ ৰাজ আৰু দীপে ওলাই আহিল কাশ্মীতাৰ ঘৰৰ পৰা ।কাশ্মীতাই কান্দিব নোৱাৰে ।ৰাজেও হোষ্টেললৈ গুছি আহিল কোনো কথা নকোৱাকৈ.............

ৰাজশেখৰ

৭০০২১৯৪৩৯৪

No comments:

Post a Comment