বেটুপাত

বেটুপাত

Saturday, 13 January 2018

সুবাসৰ এই মাহৰ অতিথি বৰষাৰাণী বিষয়া

অসমৰ অভিনয় জগতত বৰষাৰাণী বিষয়া এটি জনপ্ৰিয় নাম এই মাহত তেওঁৰ সাক্ষাতকাৰ গ্ৰহণ কৰা হৈছিল

প্ৰশ্ন: আপুনি অসমৰ অভিনয় জগতৰ এটি চিনাকী নাম অভিনয় জগতখনৰ প্ৰতি আপুনি কিদৰে আকৰ্ষিত হৈছিল?
উত্তৰ: আচলতে মোৰ ঘৰতে মই অভিনয়ৰ পৰিৱেশটো পাইছিলো কিয়নো মোৰ ককা শিল্পী প্ৰয়াত শ্ৰীযুত ক্ষীৰদাকান্ত বিষয়া এজন গীতিকাৰ, সুৰকাৰ আৰু অভিনেতা আছিল লগতে মোৰ মাহী নিকুমণি বৰুৱা অসমৰ এগৰাকী প্ৰতিষ্ঠিত অভিনেত্ৰী তাৰ পাছতে মোৰ দেউতাই গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ কাৰণে ধাৰাবাহিকৰ প্ৰয়োজনা কৰিবলৈ লে সেয়ে মই সপ্তম শ্ৰেণীত থাকোতে বিক্ৰম হাজৰিকাৰ ভনীয়েকৰ চৰিত্ৰতদাপোণবুলি এখন ধাৰাবাহিকত প্ৰথম অভিনয় কৰিছিলো গতিকে তেনেকৈ ঘৰৰ পৰাই মোৰ অভিনয়ৰ যাত্ৰা আৰম্ভ হৈছিল কিন্তু সেই সময়ত মই অভিনয় জগতৰ প্ৰতি আকৰ্ষিত হোৱা নাছিলো জোন জ্বলে কপালতহিট হোৱাৰ পাছতহে মই অভিনয়টোক চিৰিয়াচলি লম বুলি ভাবিলো


প্ৰশ্ন: অভিনয় জগতত সফলতা লাভ কৰাত আপোনাৰ জীৱনৰ টাৰ্নিং পইন্ট কি আছিল?
উত্তৰ: মোৰ সৌভাগ্য যে মই অভিনয় কৰা প্ৰথমখন ছবিযৌৱনে আমনি কৰেঅসমৰ এখন চুপাৰহিট অসমীয়া ছবি যিখিনি সময়ত অসমৰ ছবি জগত মৃতপ্ৰায় অৱস্থা পাইছিলগৈ, সেই সময়তেযৌৱনে আমনি কৰেছবিখনে এক নতুন জোৱাৰ আনিছিল তাৰ পাছত মইবুকুৰ মাজত জ্বলে অভিনয় কৰিলো অভিনয় দৰ্শকে যথেষ্ট আদৰি লৈছিল কিন্তুজোন জ্বলে কপালতমই বোবা ছোৱালী জোন চৰিত্ৰটোত অভিনয় কৰি যি সঁহাৰি পালো, তাৰ পাছত দেখিলো য়ে সকলো ফালৰ পৰা মানুহে কান্দি ওলাই আহিছিল তেতিয়া ভাবিছিলো যে অভিনয়টো দেখোন চিৰিয়াচলি পাৰি গতিকেজোন জ্বলে কপালতমোৰ অভিনয় জগতত বা অভিনয় যাত্ৰাত টাৰ্নিং পইন্ট বুলি মই ভাবো

প্ৰশ্ন: এগৰাকী অভিনেত্ৰী হিচাপে বৰ্তমান সময়ত অসমত পেছাদাৰী অভিনেত্ৰী তথা শিল্পীৰ ভৱিষ্যত সম্পৰ্কে আপোনাৰ মতামত?
উত্তৰ: অসমত পেছাদাৰী শিল্পীৰ ভৱিষ্যত সম্পৰ্কে শিল্পী সকল মাজে মাজে কিদৰে দূৰ্যোগৰ সন্মুখীন হয় সেইয়া আপোনালোকে দেখি আহিছে ইয়াৰ কাৰণ হৈছে আৰ্থিকভাৱে আমি ইমান সচল নোৱাৰো কিয়নো আমাৰ ছবিৰে হওঁক বা যিকোনো কামৰ বজাৰখন খুউব সীমিত গতিকে বজাৰখন সীমিত হোৱাৰ কাৰণে ছবিৰ বাজেটো সীমিত হৈ যায় আৰু সীমিত বাজেট হোৱাৰ লগে লগে শিল্পীৰ যি পাৰিশ্ৰমিক সেইয়াও সীমিত হৈ পৰে গতিকে ছবি কৰি আচলতে ঘৰ চলোৱাটো অলপ অসুবিধা তথাপিও আমি আশাবাদী, মই আশাবাদী যে আমিও ভাল দিন দেখিম তথাপিওতো কাম হৈছে আছে, কাম কৰিয়ে আছে, অভিনয়ক পেছা হিচাপে মানুহে লৈছেই গতিকে মই আশাবাদী

প্ৰশ্ন: এগৰাকী অভিনেত্ৰী বা শিল্পী হিচাপে সমাজৰ প্ৰতি আপোনাৰ দায়বদ্ধতা কি?
উত্তৰ: এগৰাকী অভিনেত্ৰী বা এগৰাকী শিল্পী হিচাপে সমাজৰ প্ৰতি মোৰ যথেষ্ট দায়বদ্ধতা আছে কিয়নো যেতিয়া আমি এগৰাকী জনপ্ৰিয় শিল্পী হৈ পৰো তেতিয়া এটা প্ৰজন্মই আমাক অনুকৰণ কৰিবলৈ লয় সেই প্ৰজন্মই আমাক আদৰ্শ মানি চলে বা আমাৰ খোজ-কাতল, কথা কোৱাৰ ধৰণ বা আমাৰ চিন্তা-ধাৰা তেওঁলোকে সেইবোৰ চাই আগুৱাই যায় গতিকে তেনে স্থলত মই ভাবো আন আন দায়বদ্ধতাৰ লগতে এইটো আমাৰ ডাঙৰ দায়বদ্ধতা যে যিটো প্ৰজন্মই আমাক চাই আগুৱাই যাব, সেই প্ৰজন্মটোক আমি ঠিক পথে নিব পাৰিম নাই গতিকে মই ভাবো সমাজৰ প্ৰতি এইটো মোৰ সাংঘাটিক দায়বদ্ধতা

প্ৰশ্ন: বৰ্তমান সময়ত বহুতো নতুন অভিনেতা-অভিনেত্ৰী বিভিন্ন সময়ত বিতৰ্কত লিপ্ত হয়, সফলতা লাভৰ বাবে বিতৰ্কৰ প্ৰয়োজনীয়তা বুলি আপুনি ভাবেনে?
উত্তৰ: এইখিনিতে মোৰ মনলৈহে আচলতে এটা প্ৰশ্নৰ উদয় হয় যে বিতৰ্ক কৰো বুলি কৰা হয় নে বিতৰ্ক কৰোৱা হয় এই প্ৰশ্নটোৰ উত্তৰহে আচলতে মোক লাগে

প্ৰশ্নআজিৰ পৰা বছৰৰ পাছত আপুনি নিজকে চাব বিচাৰে?
উত্তৰ: মই আচলতে খুউব দূৰদৰ্শী নহয় দূৰদৰ্শী নহয় বুলি বলৈ যাওঁতে মই মৃত্যুক খুউব ওচৰৰ পৰা দেখিছো, আৰু যিদিনাখন দেখিছিলো সেইদিনাখনৰ পৰা জানো যে মৃত্যুৱেই সত্য। কিন্তু যিদিনাখন মৃত্যুক ওচৰৰ পৰা দেখিছিলো, সেইদিনায়েই এটা কথা বুজি পাইছিলো যে জীৱন খন্তেকীয়া আজি আছো, কাইলৈ নাথাকিবও পাৰো গতিকে মই আজিত জীয়াও। বছৰৰ পাছত কি মই একেবাৰে নোৱাৰো সেইটো পাৰিলে মই ভগৱান হৈ যাম

প্ৰশ্ন: ব্যক্তিৰ জীৱনত প্ৰেম, ভালপোৱাৰ গুৰুত্ব সম্পৰ্কে আপোনাৰ মতামত?
উত্তৰ: প্ৰেম হৈছে এটা প্ৰজিটিভিটি এক প্ৰজিটিভ ভাইবচ প্ৰেম বুলি লে ইতিবাচক চিন্তা, গতিকে মই তেনেকে ভাবো প্ৰেম নিশ্চয় মানুহৰ জীৱনত প্ৰয়োজন কিয়নো প্ৰেম বুলি কোৱাৰ লগে লগে সেই মানুহজন বা মানুহজনীৰ মনটো কিমান মৰমীয়াল লাগিব জীৱনৰ প্ৰতিটো বস্তুতেই যেতিয়া প্ৰেম বিচাৰি পাব গতিকে মই তেনেকৈ ভাবো যে প্ৰেম যদি জীৱনত আছে, তাৰ মানে সেই মানুহজন বা মানুহজনী খুউব প্ৰজিটিভ

প্ৰশ্ন: বৰ্তমান আপোনাৰ কি প্ৰজেক্ট চলি আছে?
উত্তৰ: যোৱা বছৰেই দুখন ছবি কৰিছিলো, প্ৰিয়ম নিৰ্মলৰতাণ্ডৱ অব্ পাণ্ডৱআৰু বিশ্বজিৎ বৰাৰৰক্তবিজ গতিকে সেই দুখন ছবি ২০১৮ মুক্তিলাভ কৰিব এই বৰ্ষৰ জানুৱাৰীৰ তাৰিখে মোলৈ এটি প্ৰস্তাৱ আহিছিলে, সেইটো হৈছে যতীন বৰাৰ হোম প্ৰডাক্সন, যতীন বৰাৰ পৰিচালিতৰত্নাকৰ তেওঁৰ বিপৰীত চৰিত্ৰটোত অভিনয় কৰিবলৈ অৰ্থাৎ ছবিখনত তেখেতৰ নায়িকা বলৈ গতিকে সেইখন ছবি আছে তাৰ লগতে এখন সুন্দৰ ধাৰাবাহিকৰ শ্বুটিং কৰি আছো এখন ৰং চেনেলত বাজিয়েই আছেজোনাকী কাৰেংবুলি, তাৰে ৰাধা বুলি কাহিনীটোৰ ৰাধা চৰিত্ৰটোত অভিনয় কৰিছো এনেকৈয়ে বছৰটোত সৰু-সুৰা কাম আছে তেনেকৈয়ে আগবাঢ়ি যাম বুলি ভাবিছো আৰু এটা প্ৰজেক্ট আছে মোৰ সেইটো হৈছে গৰঙা থিয়েটাৰত মোৰ এটা প্ৰডাক্সন হাউচ আছে   তাৰ পৰা মই দেৱদাসী যিটো প্ৰথা, পাঠশালাৰ ডুবি দেৱালয়ৰ আছিলে সেই দেৱদাসীৰ ওপৰত মই এখন নাটক কৰিম দেৱদাসী নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে দেৱদাসী নৃত্যটো প্ৰায়ে মৃতপ্ৰায় অৱস্থাত, গতিকে সেই নাটকখন ৰেডি খালী মই ছবিৰ কাম চলি থকাৰ কাৰণে আখৰাৰ সময় পোৱা নাই গ্ৰীষ্ম বন্ধতে চাগে মই সেই নাটকখন কৰিম

প্ৰশ্ন: অভিনয়ৰ পৃথিৱীত নতুনকৈ খোজ পেলাব বিচৰা সকললৈ আপোনাৰ বলগীয়া
উত্তৰ: তেওঁলোকৰ প্ৰতি মোৰ এটায়ে অনুৰোধ যাতে তেওঁলোকে নিষ্ঠাৰে, একাগ্ৰতাৰে কাম কৰি যায়, অভিনয় কৰে কিয়নো আমি যিকোনো কামেই একাগ্ৰতাৰে কৰো সেই কামটোৰ ফল খুউব ভাল হয় সেইকাৰণেই হয়তো কয় আমি যে সৰুতে পঢ়িছিলো যত্ন কৰিলে ৰত্ন পায় তেওঁলোকে অভিনয়ৰ লগতে ভাল ভাল অভিনেতা-অভিনেত্ৰীৰ কাম চাঁওক যদি শিকাৰ এতিয়া সময় নাই বা তেনে সুবিধা নাই তেন্তে ভাল ভাল অভিনেতা-অভিনেত্ৰীৰ কাম চাব লাগে লগতে শৰীৰ চৰ্চা খুবেই জৰুৰী

প্ৰশ্ন: আপুনি এগৰাকী জনপ্ৰিয় অভিনেত্ৰী কিন্তু নিজৰ অভিনয়ৰ উপৰিও আপোনাৰ কোনজন অভিনেতা বা অভিনেত্ৰীৰ অভিনয় ভাল লাগে?
উত্তৰ: মই আচলতে এজনৰ নাম বলৈ লে অমিতাভ বচন মোৰ খুউব প্ৰিয় মই তেখেতৰ অভিনয় খুউব ভালপাওঁ আৰু নাজানো মনৰ কোনোবা এটা কোণত এই যে কয় সপোনটো সদায় অসাধ্যয়ে হয় যিটো কেতিয়াও সম্ভৱ নোৱাৰে হয়তো নোবাৰিব সম্ভৱ বলৈ কিন্তু ৰবাত অমিতাভ বচনৰ লগত যদি অভিনয় কৰিব পাৰিলো হয় গতিকে সেইটো সাৰত মই তেওঁৰ অভিনয় ভালপাওঁ আৰু বহুতো অভিনেতা-অভিনেত্ৰীৰ অভিনয় ভালপাওঁ, কিন্তু তাৰ মাজত উল্লেখযোগ্য হিচাপে নাম বলৈ লে মই এক অমিতাভ বচন, তাৰ পাছতে কাজলৰ অভিনয় ভালপাওঁ আগৰ ৰেখাৰ অভিনয় খুউব ভালপাওঁ তেনেকৈ মই মোৰ মাহী নিকুমণি বৰুৱাৰ অভিনয় ভালপাওঁ আৰু প্ৰয়াত বিজু ফুকন দাৰ অভিনয় মই খুউব ভালপাইছিলো

প্ৰশ্ন: আপোনাৰ আদৰ্শ ব্যক্তি কোন?
উত্তৰ: আদৰ্শ ব্যক্তি বুলি লে মই প্ৰথমে মোৰ মাৰ নাম লাগিব কিয়নো মাৰ যিটো ব্যক্তিত্ব, খুউব সহজ-সৰল, লগতে এগৰাকী মহিলাৰ যিটো ব্যক্তিত্ব লাগে যে ফট-ফট কৈ কাৰোবাক কিবা মানে খুউব বও নোৱাৰে আৰু নিজেই খুউব শক্তিশালী, ধৈৰ্য্যশীল, সহনশীল এই গোটেইখিনি যি মহিলাৰ গুণ থাকে, সেইখিনি আছে তাৰোপৰি আমাৰ লাইনৰ মই অভিনেতা গুণ মহন্তক খুউব ভালপাওঁ গুণ দাক মই এবাৰ সুধিছিলো -- “গুণ দা ইমান ভাল লাগে আপোনাক সৰুৰ পৰা ডাঙৰলৈ সকলোৰে মুখত শুনো, গুণ দাক খুউব ভাল লাগে এইটো সকলোৱে কয় এইটো কেনেকৈ, সকলোৰে আপোনাক কিয় ভাল লাগে?” তেতিয়া গুণদায়ে মোক এটা কথা শিকাইছিলে যে -- “বৰষা কেতিয়াও সমালোচনা নকৰিবা বা সমালোচনাত ভাগ নলবা তেতিয়া সদায় সকলোৰে প্ৰিয় হৈ থাকিবা গতিকে সেই ব্যক্তিজন গুণদা আৰু গুণদাৰ সেই কথাষাৰ মোৰ সদায় আদৰ্শ হৈ থাকিব চেষ্টা কৰিছো সমালোচনাত ভাগ নলবলৈ

প্ৰশ্ন: আপুনি আজৰি সময়ত কি কৰি ভালপায়?
উত্তৰ: আজৰি সময়টোৱেই কেতিয়াবা আপুৰুগীয়া হৈ যায় যেতিয়ায়ে মই সময় পাওঁ জিম যাওঁ, এক্সেচাইজ কৰো

প্ৰশ্ন: আমাৰ আলোচনীৰ সম্পৰ্কত দুআষাৰ বচোন
উত্তৰ: আপোনালোকৰ আলোচনীখনৰ নামটোৱেই আচলতে খুউব ভাল লগা সুবাস শুনিয়েই ভাল লাগি যায় যেন গতিকে নামটোৰ নিচিনাকৈয়ে সমাজত আপোনালোকে ধুনীয়া ধুনীয়া খবৰেৰে সুবাস বিলাওক, গঠনমূলক খবৰেৰে আপোনালোকে সুবাস বিলাওক তাৰে মই কামনা কৰিছো আপোনালোকৰ যাত্ৰা সফল হওঁক, ধন্যবাদ

ধন্যবাদ বাইদেউ আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো


সাক্ষাতকাৰ গ্ৰহণ ~ ৰিম্পী গগৈ

No comments:

Post a Comment