বেটুপাত

বেটুপাত

Sunday, 14 January 2018

মুখ্য সম্পাদকৰ কলমত

      অসমীয়া জাতিৰ দাপোনস্বৰূপ কাতি বিহুক কঙালী, মাঘৰ বিহুক ভোগালী আৰু বহাগ বিহুক ৰঙালী বিহু বুলি জনা যায়। ভোগালীৰ অৰ্থ ভোগ কৰা, ফূৰ্তিমনেৰে  পৰিয়াল, চুবুৰী তথা সমাজৰ লগত এসাজ খোৱা। খেতি চপাই গৃহস্থৰ ভড়াল হৈ পৰে ধান-চাউলেৰে উভৈনদী নৈ-বিল শুকাই, মাছ -পুঠিৰো কাল নাই। সকলোৱে আনন্দ মনেৰে এসাজ খায়

বিশ্বায়নৰ যুগত আধুনিকতাৰ সৈতে খাপ খাই পৰা বিহুটি এইবাৰ যেন আৰু এখাপ ওপৰলৈ গল। অসমৰ বিভিন্ন ঠাইত বিভিন্ন প্ৰতীকিৰে নিৰ্মাণ ' ভেলাঘৰসমূহ। প্ৰায় ১৫/২০ দিন আগৰ পৰাই আয়োজন ' বিশাল প্ৰাক  ভোগালী মেলাবোৰ।

হেৰাই যোৱা চহা আমেজখিনিৰ সোৱাদ লবলৈ বিভিন্ন ঠাইত মেজিও কিনিবলৈ পোৱা গল। তাহানিৰ আইতাৰ আখলত পিঠা পুৰা কথাবোৰ সাধু যেন লগা 'ল। সন্ধিয়াৰ লগে লগে উচ্চস্বৰত শুনা পোৱা গল ৰক বিহু(?) বোৰ।

সকলো পৰিৰ্বতন, সময়-সমাজ-নীতি-নিয়ম।

সময়ৰ আগ্ৰাসনক আমি নতশিৰে স্বীকাৰ কৰি লবই লাগিব যদিও অতিমাত্ৰা আধুনিকতাৰ পৰশত আমি যাতে পুৰণি ভেটি নেহেৰুৱাও তাৰ বাবেও নিশ্চয়কৈ লক্ষ ৰাখিব লাগিব। নহ'লে প্ৰতিদিনেই নতুনত্বৰ সন্ধানত আমাৰ অস্বিত্ব এদিন ইতিসাহ হোৱাটো স্বাভাৱিক। 

বিচাৰ ৰাইজৰ হাতত……!!!

শেষত "সুবাস" মুখ্য সম্পাদকৰ গুৰু-দ্বায়িত্ব পালনত পদে পদে হোৱা ভুলৰ বাবে পাঠকবৃন্দৰ ওচৰত ক্ষমা ভিক্ষাৰে আৰু "সুবাস" সমূহ পাঠকলৈ ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছাৰে আপোনালোকৰ হাতত তুলি দিলো "সুবাস" জানুৱাৰী মাহৰ সংকলনটি।
ধন্যবাদেৰে


দেৱব্ৰত শৰ্মা
মুখ্য সম্পাদক

সুবাস

1 comment: