বেটুপাত

বেটুপাত

Saturday, 13 January 2018

বিষাক্ত পিঞ্জৰা


 ডেউকা গজিছিল লোৰ পিঞ্জৰাত
এটি কণমানি চৰাইৰ
উৰিবলৈ শিকিছিল চাৰিবেৰৰ মাজত ,
আশা কৰিছিল সি উৰিব
এদিন স্বাধীনৰূপে
মুক্ত আকাশৰ তলত |
অন্ধকাৰ জীৱন পৰিত্যাগ কৰি
নীলাভ আকাশৰ দিবাকৰৰ উষ্ণতাত তিতি ,
চুমিব সেউজীয়া ধৰণীৰ দুৱৰি
উলাহত মতলীয়া হৈ নাচিব প্ৰাণ
জুৰিব সপ্তসুৰৰ ৰাগীঃ।

আশাবোৰ যেন বৰ যন্ত্ৰণা
কৰুণ হৃদয়ে নাপায় সান্তনা
সপোনবোৰে নাপায় ঠাই লোৰ পিঞ্জৰাত
পাখি ভাগি পৰি ৰয় সেউজীয়া ধৰাত |

নেমেলিবি ডেউকা আকাশৰ তলত
নেদেখিবি সপোন পিঞ্জৰাৰ ভিতৰত ,
আৱদ্ধ জীৱনত নাই কোনো
সপোনৰ অস্তিত্ব

কদৰ্যময় পিঞ্জৰাত অকলশৰীয়া তই
ৰঙীণ পোহৰ নাই ,তত্ত্বই অন্ধকাৰময়
পাখি ভগা দেহ ,
সপোন ভগা মন
পংগুত্ব জীৱনৰ সতে
মৃত্যু ' তোৰ সপোন


বিদ্যুৎ বৰুৱা

কাজিৰঙা মহাবিদ্যালয়

No comments:

Post a Comment