বেটুপাত

বেটুপাত

Saturday, 13 January 2018

এলবাৰ্ট ছুইটজাৰ

( ২য় খণ্ড)

যেতিয়া তেওঁ মাত্ৰ ২১ বছৰীয়া এজন সাধাৰন  ছাত্ৰ আছিল, এদিন বিশ্ববিদ্যালয়ৰ চৌহদত বহি থাকোতে তেওঁৰ মনলৈ ভাৱ আহিল যে-এনেকুৱা এটা সুখী মানৱ জীৱন উপভোগ কৰিবলৈ পোৱাৰ কাৰণে তেওঁ নিজকে অতি ভাগ্যৱান বুলি ধৰা উচিত ইতিমধ্যে Gunsbachb থকা তেওঁৰ বহুতো পুৰণা সংগীসকলে জীৱিকা অৰ্জনৰ কাৰণে বিভিন্ন বৃত্তিত আত্মনিয়োগ কৰিছে আৰু তেওঁ নিজেও এজন সেই ঠাইৰ গীৰ্জাৰ ধৰ্মযাজকৰ পুত্ৰ হোৱাৰ বাবে অন্যলোকৰ তুলনাত তেওঁৰ বাবে এক উচ্চমানদণ্ডৰ বৃত্তি লাভৰ পথ প্ৰশস্ত হৈ আছে৷ নভৱাকৈয়েই পিতৃৰ প্ৰতি থকা কৃতজ্ঞতাত গদগদ হৈ তেওঁৰ চকুপানী ওলাই আহিল মনলৈ অহা এই চিন্তাৰ পৰিণতিস্বৰূপেই তেওঁ মানৱ সেৱা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে

     মানৱ সেৱা কৰিম বুলি সিদ্ধান্ত লোৱাৰ পিছত তেওঁ ইয়াক কি ধৰনে কাৰ্য্যত ৰূপায়িত কৰা তাক লৈ চিন্তা-ভাৱনা কৰি ভিন্ন সিদ্ধান্ত বলৈ ধৰে প্ৰথমতে তেওঁ সমাজৰ অৱহেলিত শিশু, বৃদ্ধ, দৰিদ্ৰ, ভিক্ষাৰী, বন্দীসকলক সহায় কৰাৰ কথা বিবেচনা কৰিছিল যদিও পিছলৈ সেই চিন্তাও প্ৰত্যাহাৰ কৰে

    এদিন ঘটনাবশত: এখন খ্ৰীষ্টান মিছনেৰী আলোচনী পত্ৰিকাত প্ৰকাশিত এটা বিশেষ প্ৰৱন্ধত বেলজিয়ান অধ্যুষিত আফ্ৰিকাৰ কংগোত আৰু ফ্ৰান্স অধ্যুষিত আফ্ৰিকাৰ বিষুৱীয় গ্ৰীষ্মাঞ্চলত এজন স্বেচ্ছাসেৱী সুদক্ষ চিকিৎসকৰ প্ৰয়োজনৰ কাৰনে দিয়া বিজ্ঞাপনৰ ওপৰত তেওঁৰ চকু পৰে৷

     এলবাৰ্টে সন্তুোষিত মনেৰে আলোচনীখন টেবুলত থৈ নিজকে কয় যে মোৰ মানৱসেৱাৰ কাৰনে বিচাৰি ফুৰা উচিত কৰ্মৰ এতিয়া অৱসান ঘটিল ঠিক এনেকুৱা ধৰনৰ কাম এটাই মই কৰিবলৈ ইমানদিনে বিছাৰি ফুৰিছিলো

       (আগলৈ)

মূল:-ইংৰাজী
অনুবাদ:-গৌৰৱ শইকীয়া

জগন্নাথ বৰুৱা মহাবিদ্যালয়

No comments:

Post a Comment